Guru
Harideva puts much importance on religious practice through Sakhya Bhava or thoughts
of friendship with God. In actuality the consciousness that is involved with
individual body mind complex and the consciousness that remains indifferent
about anything related to body mind complex is the same. To make the things
easy to understand the consciousness involved with the individual body mind
complex is called Atma or Jiva or living being and the pure consciousness not
involved with body mind complex is called Paramatma or God. It is told that
Jivatma controls and maintains the activities of individual body mind complex
and the Paramatma controls and maintains everything of the entire creation as a
whole. Scriptures tell that both Jivatma and Paramatma always remain together
and both are friends to each other. The Jivatma enjoys happiness and sorrow of
the material life of Jiva and Paramatma or God remains indifferent about those.
Except this there is no other difference
between Jivatma and Paramatma. In this context Guru Harideva tells that Jivatma
or individual soul does not mean anything different from Paramatma or pure
consciousness. One pure consciousness or God is expressed through activities of
different bodies in different ways. To understand the point we can take example
of electricity. When electric current is passed through a bulb we get light and
when the same electricity is passed through a heater we get heat and so on.In a
similar way the presence of one and same Atma or consciousness is expressed
through various different activities of different bodies. For example, when
consciousness makes the body of a tiger active we see the activities of a tiger
and when the same consciousness activates a
human body we see the activities of a human being and so on. Analysing the
things like this Guru Harideva tells that one Paramatma or God is the Atma or
soul of all individual bodies in the creation and Lord Krishna represents this
supersoul or all inclusive consciousness. After realization of this truth by
spiritual practice the feeling of difference between soul and supersoul
vanishes and this is called liberation of soul. In Bhagavata this point is
explained through many stories. Guru
Harideva suggests that by spiritual practice through Sakhya Bhava or thoughts
of friendship with God one can easily realize the unity of Jivatma and
Paramatma. It is said that Guru Harideva himself directly felt the
presence God with him as his friend on several occasions in his own life . (to
be continued)
হৰিদেৱ গুৰুজনাই সখ্য ভাৱৰ সাধনাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । প্ৰকৃততে প্ৰ্ত্যক জীৱৰ শৰীৰ আৰু শৰীৰৰ কাৰ্যকলাপ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰা আত্মা বা চৈতন্যও ঈশ্বৰ আৰু শৰীৰ তথা শৰীৰৰ কাৰ্য্কলাপৰ প্ৰতি সম্পূৰ্ণ উদাসীন শুদ্ধ চৈতন্যও ঈশ্বৰ। আমাৰ দৰে সাধাৰণ লোকৰ বুজাৰ সুবিধাৰ অৰ্থে শৰীৰৰ সৈতে সংশ্লিষ্ট চৈতন্যক জীৱাত্মা বা জীৱ আৰু শৰীৰ নিৰপেক্ষ শুদ্ধ চৈতন্যক পৰমাত্মা বা ঈশ্বৰ বুলি কোৱা হৈছে ।জীৱাত্মা বা জীৱচৈতন্যৰ দ্বাৰা এটা জীৱ শৰীৰৰ কাৰ্যকলাপ নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়। বিশুদ্ধ চৈতন্য বা পৰমাত্মা বা পৰমেশ্বৰৰ দ্বাৰা সৃষ্টিৰ জীৱ-জড় ,স্থাৱৰ-জঙ্গম সমস্তৰে কাৰ্যকলাপ নিয়ন্ত্ৰিত আৰু পৰিচালিত হয়।এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে জীৱাত্মা বুলিলে পৰমাত্মা বা পৰমেশ্বৰৰ পৰা পৃথক কোনো তত্বক বুজোৱা নহয় । বিভিন্ন জীৱৰ বিভিন্ন প্ৰকাৰৰ কাৰ্যকলাপৰ জৰিয়তে এক পৰমাত্মা বা চৈতন্যৰ কাৰ্যকলাপ ভিন্ন ভিন্ন ৰূপত প্ৰকাশিত হয়।উদাহৰণ স্বৰূপে আমি বিদ্যুতৰ উদাহৰণ লব পাৰো । একে বিদ্যুৎ শক্তি ভিন্ন ভিন্ন যন্ত্ৰৰ মাজেৰে প্ৰবাহিত কৰা হয় যদিও যন্ত্ৰৰ গঠনৰ ভিন্নতা অনুসৰি বিদ্যুৎ শক্তিৰ ভিন্ন ভিন্ন কাৰ্যৰ প্ৰকাশ দেখা যায়। উদাহৰণ স্বৰূপে বিজুলিবাতিৰ মাজেৰে বিদ্যুত প্ৰবাহিত হ’লে পোহৰ উৎপন্ন হয় , বিজুলী চৌকাৰ মাজেৰে বিদ্যুত প্ৰবাহ হ’লে তাপ উৎপন্ন হয় ইত্যাদি । একেদৰে ভিন্ন ভিন্ন জীৱদেহৰ গঠন অনুসৰি এক চৈতন্য বা আত্মাৰ ভিন্ন ভিন্ন কৰ্ম দেখা যায়।অৰ্থাৎ বাঘৰ শৰীৰত চৈতন্যই বাঘৰ দৰে কাম কৰে আৰু মানুহৰ শৰীৰত একে চৈতন্যই মানুহৰ দৰে কাম কৰে ইত্যাদি।গুৰুজনাই কৈছে যে এক পৰমাত্মাই সমস্ত দেহৰ আত্মা আৰু ভগৱান কৃষ্ণৰ মাধ্যমত সেই পৰম তত্ব বা পৰমাত্মা পূৰ্ণ ৰূপত প্ৰকাশিত হৈছে। এই সত্যৰ সাক্ষাৎ উপলব্ধি কৰাই সমস্ত প্ৰকাৰৰ পাৰমাৰ্থিক সাধনাৰ লক্ষ্য। পাৰমাৰ্থিক সাধনাৰ দ্বাৰা এই লক্ষ্যত উপনীত হোৱাৰ লগে লগে পৰমাত্মাৰ সৈতে আত্মা এক হৈ যায়। অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মাৰ মাজৰ পাৰ্থক্যবোধ বিলুপ্ত হয় আৰু ইয়াকে জীৱৰ মুক্তি বুলি অভিহিত কৰা হয়। ভাগৱতত অনেক কাহিনীৰ মাধ্যমত এই তত্ব বহলভাৱে ব্যাখ্যা কৰা হৈছে । নিজৰ অগাধ শাস্ত্ৰজ্ঞানৰ আধাৰত হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱানৰ সৈতে জীৱৰ সখ্যভাৱৰ আলম লৈ পাৰমাৰ্থিক সাধনা কৰিলে সহজে জীৱাত্মা আৰু পৰমাত্মাৰ একত্ব অনুভৱ কৰিব পাৰি । কোৱা হৈছে যে হৰিদেৱ গুৰুজনাই নিজে ঈশ্বৰৰৰ সৈতে সখ্যভাৱৰ দ্বাৰা মনসংযোগ সাধন কৰি কেবাবাৰো ঈশ্বৰ দৰ্শনৰ প্ৰত্যক্ষ অনুভূতি লাভ কৰিছিল।(আগলৈ)
No comments:
Post a Comment