In the analogy of two birds mentioned in the preceding post it
is told that both the birds reside on the same tree. One bird enjoys the fruits
of the tree and the other bird remains indifferent. Here, the bird that enjoys
fruits of tree represents us and the other bird that remains indifferent about
the fruits represents God. It is also said that
God remains always available with
us as our supreme friend and guides us in every steps of our life. However, this
does not mean that God is our friend for this life only. We, that is, the
embedded soul in us, continuously move in birth and death cycles under cover of
different bodies since time unknown. Those cycles of movement never end until we become indifferent
to all activities of the body-mind complex and the resultant outcomes thereof
as like as the second bird mentioned above. God remains available with us all
along and guides us in that direction. He never leaves us till we reach our
destination. In this connection Guru Harideva tells that friendship can not be
one sided. People make friendship with people of equal status. People make
assessment of cast, creed, gender, age, financial condition, social position
and so many other characteristics of the other party and then make friendship. For
example, a king makes friendship with other kings of equal power , rich people
make friendship with other rich people , a scholar makes friendship with scholar
of equal standard and so on . That is, friendship of one person with another
person is conditional. But in case of friendship with God no such condition
is applied. God is friendly to all irrespective of their cast, creed, gender, age,
social and economical conditions etc. Here, the only requirement in our part is to realize
that God is our most intimate friend and accept his friendship. Bhagavata explains “Sakhy
Bhava” or one’s friendship with God with stories of different characters for
easy understanding of the common people like us and Guru Harideva suggests the practical ways of connecting our mind with God through “Sakhya Bhava” for realizing
the presence of God in us as our most
intimate friend .(to be continued)
ইয়াৰ আগৰ লিখনিটোত দুটা চৰাইৰ উপমাৰ বিষয়ে উল্লেখ কৰি কোৱা হৈছে যে একেজোপা গছত দুয়োটা চৰাইয়ে একেলগে বাস কৰে। এটা চৰাইয়ে গছজোপাৰ ফল ভক্ষণ কৰে আৰু আনটো চৰাই উদাসীন হৈ থাকে। এই উপমাত যি চৰাইয়ে গছৰ ফল ভক্ষণ কৰি সুখ বা দুখ ভোগ কৰে সি আমাৰ দৰে জীৱৰ প্ৰতীক আৰু
ফল ভক্ষণ নকৰাকৈ একেডাল বৃক্ষত একেলগে থকা চৰাইটো ঈশ্বৰৰ প্ৰতীক।উপমাটোৰ দ্বাৰা ইয়াকো কোৱা হৈছে যে ঈশ্বৰ সকলো অৱস্থাতে আৰু সকলো সময়তে আমাৰ লগতে থাকে আৰু অমাক শুদ্ধ পথ প্ৰদৰ্শন কৰে। অৰ্থাৎ ঈশ্বৰ কেৱল বৰ্তমান জন্মৰ বাবে আমাৰ সঙ্গী আৰু বন্ধু নহয় । আমি, অৰ্থাৎ আমাৰ শৰীৰস্থ জীৱাত্মা অজান কালৰে পৰা বিভিন্ন শৰীৰ গ্ৰহণ কৰি জন্ম
মৃত্যুৰ চক্ৰত পৰিভ্ৰমণ কৰি থাকে আৰু ওপৰৰ উপমাত উল্লেখ কৰা দ্বিতীয় চৰাইটোৰ দৰে নিস্পৃহ অৱস্থা নোপোৱালকে এই ভ্ৰমণ অব্যাহত থাকে। জন্ম-মৃত্যু চক্ৰত ভ্ৰমণ কৰি থকা অৱস্থাত প্ৰত্যেক জন্মতে আমাৰ পিতৃ-মাতৃ , আত্মীয়-স্বজন,বন্ধু-বান্ধৱ, পৰিবেশ-পৰিস্থিতি বেলেগ বেলেগ । কিন্তু সকলো জন্মতে সকলো পৰিস্থিতিতে ঈশ্বৰ পৰম সুহৃদৰ ৰূপত আমাৰ লগতে থাকে আৰু আমাক শুদ্ধ পথ প্ৰদৰ্শন কৰে।গন্তব্য লক্ষ্যস্থানত উপনীত নোহোৱালৈকে ঈশ্বৰে আমাৰ লগ নেৰে । এই সম্পৰ্কত হৰিদেৱ গুৰুজনাই কৈছে যে বন্ধুত্ব কেতিয়াও একপক্ষীয় নহয় ।জাগতিক দৃষ্টিৰে চালে দেখা যায় যে বন্ধুত্ব সকলো ফালৰ পৰা সমান সমান ব্যক্তিৰ মাজত হয় । মানুহে জাতি ,ধৰ্ম,লিঙ্গ্, বয়স , আৰ্থিক অৱস্থা ,সামাজিক মান্যতা আৰু অন্যান্য অনেক কথা বিচাৰ বিবেচনা কৰি অন্য ব্যক্তিৰ সৈতে বন্ধুত্ব স্থাপন কৰে । উদাহৰণ স্বৰূপে ৰজাই ৰজাৰ সৈতে বন্ধুত্ব স্থাপন কৰে । একেদৰে ধনীয়ে ধনী ব্যক্তিৰ লগত বন্ধুত্ব স্থাপন কৰে। পন্ডিত ব্যক্তি আৰু পণ্ডিতৰ বন্ধু হয়
আৰু এনে ধৰণে সমান সমান লোকৰ মাজত বন্ধুত্ব স্থাপন হয় । অৰ্থাৎ মানুহৰ সতে মানুহৰ বন্ধুত্বৰ মাজত অনেক চৰ্ত্ত নিহিত হৈ থাকে । কিন্তু ঈশ্বৰৰ সৈতে মানুহৰ বন্ধুত্বৰ বেলিকা এনে একো নীতি-নিয়ম নাখাটে । জাতি ,ধৰ্ম ,বয়স ,লিঙ্গ্, সামাজিক-আৰ্থিক ইত্যাদি অৱস্থা নিৰ্বিশেষে সকলো লোকৰ বাবে ঈশ্বৰ পৰম বন্ধু । এই বিষয়ত ঈশ্বৰক পৰম বন্ধু বুলি জনা আৰু নিজৰ হৃদয়ত ঈশ্বৰক পৰম বন্ধু হিচাপে উপলব্ধি কৰাত বাদে মানুহৰ কৰণীয় অন্য একো নাই। আমাৰ দৰে সাধাৰণ বুদ্ধি-বৃত্তিৰ লোকক বুজাই দিয়াৰ উদ্দেশ্যে ভাগৱতত এই কথাখিনি
বিভিন্ন কাহিনীৰ আলমত ব্যাখ্যা কৰা হৈছে আৰু হৰিদেৱ গুৰুজনাই ভাগৱতৰ উপদেশ ব্যৱহাৰিকভাৱে প্ৰয়োগ কৰি পৰম বন্ধুৰ ৰূপত নিজৰ হৃদয়ত ঈশ্বৰৰ স্থিতি উপলব্ধি কৰাৰ উপায় প্ৰদৰ্শন কৰিছে । (আগলৈ)
No comments:
Post a Comment