In the preceding post the thoughts and feelings of Sudama while he was on his way back from Dwaraka have been
discussed. Scriptures tell that God is the witness of each and every thoughts
and actions of all living beings. Nothing can be kept hidden from God. So, Lord
Krishna was fully aware of the hardship faced by his friend Sudama. He was
aware of the fact that Sudama already attained higher state of spiritual
perfection and such a person remains always satisfied under any condition of
life. They never complain about the hardships and sorrows of their material life
and never prays to God for fulfillment of any material desire for their own comfort. But Sudama was husband of a
chaste and loving wife. He was responsible and caring father of some small
innocent and dependent children. Due to severe poverty Sudama was not able to
provide their basic requirements of food and cloth also. Under such condition
their lives were in danger. Sudama had the responsibility to save them but he was
helpless in this regard.Finding no way out Sudama took advice from his wife and had to approach God to ask for
help to save the lives of his wife and children. But due to his natural disposition
Sudama found it difficult to beg anything from God and returned back. Now, it became the responsibility of the lord to demonstrate his kindness and help
his beloved friend Sudama. In this way Sudama made Lord Krishna bound to the
bondage of friendship and related duties without
asking for anything directly. Bhagavata tells that Lord Krishna helped him in
his own divine way. It is also said that the help from Lord Krishna reached his
place much before Sudama’s reaching back from Dwaraka. Moreover, the Lord felt that it
would not be possible for simple and kind hearted Sudama to live a happy and
prosperous life in a place situated among poor, needy and unhappy people in the
surroundings. So, the lord extended same type of help to all residents of the
entire area of Sudama’s neighborhood also.In
this way there are so many lessons to be learnt from the friendship between God
and Sudama and through his Satra
Institution of Guru Harideva brought those teachings to the reach of the common
people .(to be continued)
শ্ৰীকৃষ্ণক সাক্ষাৎ কৰি দ্বাৰকাৰ পৰা নিজ গৃহলৈ উভতি অহাৰ পথত সুদামাৰ মনত কি অনুভৱ হৈছিল সেই কথা ইয়াৰ আগৰ লিখনিত কোৱা হৈছে।শাস্ত্ৰত কোৱা হৈছে যে ঈশ্বৰ অন্তৰ্যামীৰূপে সকলো জীৱৰ হৃদয়ত বাস কৰে আৰু তেওঁ জীৱৰ প্ৰত্যেক ভাৱ আৰু কৰ্মৰ সাক্ষী ।
অৰ্থাৎ ঈশ্বৰৰ পৰা গোপনে ৰাখি কোনেও একো কথা ভাৱিব নোৱাৰে বা একো কাম কৰিব নোৱাৰে ।
গতিকে সুদামাৰ দুৰৱস্থাৰ কথা ভগৱান কৃষ্ণৰ বাবে অজানা
কথা নাছিল
। কৃষ্ণই ইয়াকো জানিছিল যে সুদামা নিজৰ কৰ্ম আৰু সাধনাৰ বলত পাৰমাৰ্থিক পূৰ্ণতা আহৰণ কৰা আত্মজ্ঞানী পুৰুষ।তেনে ব্যক্তিয়ে জীৱনৰ সুখ বা দুখ উভয় অৱস্থাতে আনন্দিত হৈ থাকে।
ঈশ্বৰে যি অৱস্থাত ৰাখে তাতেই সন্তুষ্ট হৈ থাকে।নিজৰ বৈষয়িক জীৱনৰ দুখ-কষ্ট সম্পৰ্কত তেওঁলোকে একো ওজৰ আপত্তি নকৰে অথবা বৈষয়িক সুখ-সুবিধা বিচাৰি ঈশ্বৰৰ অনুগ্ৰহো প্ৰাৰ্থনা নকৰে ।
কিন্তু সুদামা এগৰাকী পতিব্ৰতা আৰু স্নেহপৰায়ণ তিৰোতাৰ পতি আছিল।
তেওঁৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল কেইটামান অজ্ঞান শিশু সন্তানৰ পিতৃ আছিল ।তীব্ৰ দৰিদ্ৰতাৰ কাৰণে সুদামাই তেওঁলোকক জীৱন ধাৰণৰ কাৰণে নিতান্ত প্ৰয়োজনীয় ভাত-কাপোৰখিনিও যোগান ধৰিব পৰা নাছিল।এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ স্ত্ৰী-সন্তানৰ জীৱন বিপন্ন হৈ পৰিছিল।
তেওঁলোকৰ জীৱন ৰক্ষা কৰা সুদামাৰ একান্ত কৰ্ত্তব্য আছিল যদিও তেওঁ একো উপায় পোৱা নাছিল।তেনে অৱস্থাত পৰি পত্নীৰ দিহামতে পত্নী-সন্তানৰ জীৱন ৰক্ষাৰ অৰ্থে ঈশ্বৰৰ সহায় বিচৰাৰ উদ্দেশ্যে সুদামা দ্বাৰকালৈ যাবলৈ বাধ্য হৈছিল।কিন্তু নিজৰ স্বাভাৱিক প্ৰবৃত্তিবশতঃ শ্ৰীকৃষ্ণৰ পৰা একো বৈষয়িক সহায় বিচৰা তেওঁৰ বাবে সম্ভৱ নাছিল।
সেইকাৰণে
একো নিবিচৰাকৈয়ে তেওঁ দ্বাৰকাৰ পৰা বিদায় লৈছিল।তেনে অৱস্থাত প্ৰিয়বন্ধু সুদামাৰ প্ৰতি দয়া প্ৰদৰ্শন কৰি তেওঁক বিপদৰ পৰা উদ্ধাৰ কৰা ভগৱান কৃষ্ণৰ দায়িত্ব হৈ পৰিছিল।
এনেদৰে একো নিবিচৰাকৈয় সুদামাই ভগৱান কৃষ্ণক সখ্যপ্ৰেম আৰু তাৰ আনুষঙ্গিক দ্বায়িত্বৰ বন্ধনত আৱদ্ধ কৰি পেলাইছিল ।
ভাগৱতত কোৱা হৈছে যে শ্ৰীকৃষ্ণই ঐশ্বৰিক উপায়েৰে সুদামাক দাৰিদ্ৰ্য যন্ত্ৰণাৰ পৰা মুক্ত কৰি দিছিল।
লগতে
কোৱা হৈছে যে সুদামাই দ্বাৰকাৰ পৰা নিজৰ বাসস্থান আহি পোৱাৰ আগতেই ভগৱানৰ সহায় তেওঁৰ বাসস্থানলৈ আহিছিল।
তদুপৰি
নিজৰ ঘৰৰ চাৰিফালে থকা ওচৰ চুবুৰীয়া লোক দুখ-যন্ত্ৰণাৰ মাজত থাকিলে তাৰ মাজত সুদামৰ দৰে নিস্বাৰ্থ,
নিৰ্লোভী, কোমল হৃদয়ৰ সৎ ঈশ্বৰপৰায়ণ ব্যক্তি সুখে সন্তোষে থাকিব নোৱাৰে বুলিও কৃষ্ণ নিশ্চিত
আছিল
। এই কথা বিবেচনা কৰি ভগৱানে সুদামাৰ বাসস্থান থকা সমগ্ৰ অঞ্চলৰ
সকলো
লোককে সমানে সমৃদ্ধিশালী কৰি দিছিল।
ভাগৱতত ভগৱান আৰু সুদামাৰ মিত্ৰতাৰ আলমত এনে বহু শিকিবলগীয়া জ্ঞানপূৰ্ণ কথা তুলি ধৰা হৈছে আৰু হৰিদেৱ গুৰুজনাই তেওঁৰ সত্ৰানুষ্ঠানৰ শিক্ষাৰ মাধ্যমত এইবিলাক জ্ঞান জনসাধাৰণৰ মাজলৈ লৈ
অহাৰ ব্যৱস্থা কৰিছে। (আগলৈ)
No comments:
Post a Comment