Monday, 11 October 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -54 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৫৪)

 

In the Bhagavadgita it is told that human beings are divided into four categories depending upon their quality and eligibility of performance of works. Those four categories of people are named as Brahmin, Kshatriya, Vaishya and Shudra. Considering from all angles Bhagavadgita, Bhagavata and other Vedic scriptures tell that the Brahmins are eligible for study and teaching of the Vedas and Vedic scriptures. They are also eligible for performance of worship for their own benefits , for the benefit of others and works of similar nature. The Kshatriyas are eligible for administrative work, protection of life and properties of people and other works of similar nature. The Vaishyas are eligible for agriculture, dairy farming, commercial activities and other allied works. Rendering of service to help the Brahmins, Kshatriyas and Vaishyas in performance of their respective duties is said to be the duty of Shudras. It is also said that each category of people actually perform religious practices by serious and selfless performance of the duties allotted to them as above.If the things are judged in this way than it can be seen that if the Sudras do not extend help with their service then Brahmins, Kshatriyas and Vaishyas can not perform their duties cum religious practices. Considering from this point of view Bhagavata tells that without service attitude it is not possible to attain spiritual perfection and the service attitude of the Sudras constitutes the root of all kinds of Dharma or religious practices. Moreover the Brahmins perform spiritual practices for attainment of liberation. Similarly Kshatriyas and Vaishyas perform spiritual practices for attainment of luxurious lifestyle and huge financial gains respectively. But the Sudras render their services for the perfection of religious practices of others, that is, Brahmins,Kshatriyas and Vaishyas. Because of this reason the services rendered by Sudras are said to be the best among all types of religious practices. Analysing the things in this way Guru Harideva tells that offering oneself as a slave to God and extending selfless services for the welfare of all entities in the creation is the best form of spiritual practice for all categories of people mentioned above. In his day to day life Guru Harideva practically performed Pancha Yajna as mentioned in our post of 9.10.21 for this purpose. (to be continued)

গুণ  আৰু কৰ্মৰ পাৰ্থ্যক্য  অনুসৰি মানুহ ব্ৰাহ্মণ ,ক্ষত্ৰিয়্,বৈশ্য আৰু শূদ্ৰ এই চাৰিটা শ্ৰেণীত বিভক্ত বুলি ভগৱ্দ্গীতাত কোৱা হৈছে  ইয়াৰ ভিতৰত যজন,যাজন ,অধ্যয়ন অধ্যাপন ইত্যাদি ব্ৰাহ্মণৰ  কৰ্ম ৰাজ্য শাসন , দেশৰক্ষা, প্ৰজাপালন ইত্যাদি ক্ষত্ৰিয়ৰ কৰ্ম কৃষি , গোৰক্ষা , বাণিজ্য ইত্যাদি বৈশ্যৰ কৰ্ম আৰু ওপৰোক্ত তিনিওটা শ্ৰেণীৰ লোকে যাতে সুকলমে নিজৰ নিজৰ কাম কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সেৱা আগবঢ়োৱাটো শূদ্ৰৰ কৰ্ম কোৱা হৈছে যে ঈশ্বৰৰ  সৃষ্টিৰ অন্তৰ্গত সমস্তৰে কল্যাণৰ অৰ্থে  নিস্বাৰ্থ ভাৱে আৰু সুচাৰু ৰূপে নিজৰ নিজৰ কৰ্ত্তব্য পালন কৰাটো ওপৰোক্ত সকলো শ্ৰেণীৰ লোকৰ ধৰ্মও এনেদৰে বিচাৰ কৰি চালে দেখা যায় শূদ্ৰই সেৱাধৰ্ম পালনৰ দ্বাৰা ব্ৰাহ্মণ ,ক্ষত্ৰিয় আৰু বৈশ্য শ্ৰেণীৰ লোকৰ কামত সহযোগ নকৰিলে তেওঁলোকে সুচাৰুৰূপে নিজৰ নিজৰ কাম কৰি ধৰ্ম ব্যৱস্থা আৰু সমাজ ব্যৱস্থা সুস্থভাৱে বৰ্ত্তাই ৰখা সম্ভৱ নহয় সেই কাৰণে ভাগৱতত কোৱা হৈছে যে শূদ্ৰৰ সেৱাধৰ্ম অন্য সমস্ত ধৰ্মৰ মূল , সেৱা ধৰ্মক বাদ দি কোনো ধৰ্মতে সিদ্ধিলাভ নহয়্।তদুপৰি ব্ৰাহ্মণৰ ধৰ্ম আচৰণৰ লক্ষ্য মোক্ষলাভ , ক্ষত্ৰিয়ৰ ধৰ্ম আচৰণৰ লক্ষ্য ভোগবিলাস আৰু বৈশ্যৰ ধৰ্ম আচৰণৰ লক্ষ্য প্ৰচুৰ অৰ্থলাভ কিন্তু শূদ্ৰই ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যক নিজ নিজ ধৰ্ম পালনত সহায় কৰে অৰ্থাৎ সকলোৰে ধৰ্মক সুপ্ৰতিষ্ঠিত কৰি ৰখাৰ উদ্দেশ্যে শূদ্ৰই সেৱাধৰ্ম পালন কৰে সেইকাৰণে শূদ্ৰৰ সেৱা ধৰ্মকে সৰ্বশ্ৰেষ্ঠ ধৰ্ম বুলি ভাগৱতত কোৱা হৈছে কথাবিলাক এনেদৰে বিচাৰ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে নিজকে ঈশ্বৰৰ দাস বুলি ভাৱি ঈশ্বৰৰ সৃষ্টিৰ অন্তৰ্গত সমস্তৰে মঙ্গলৰ অৰ্থে নিস্বাৰ্থ সেৱা আগবঢ়োৱাটো ওপৰোক্ত সকলো শ্ৰেণীৰ লোকৰ বাবে সৰ্বোত্তম ধৰ্মীয় সাধনা হৰিদেৱ গুৰুজনাই নিজৰ জীৱনৰ মাধ্যমত এনে প্ৰকাৰৰ দাস্যভাৱৰ সেৱাকাৰ্যৰ নিদৰ্শন দাঙি ধৰিছিল গৃহস্থ হিচাপে জীৱন যাপন কৰা হৰিদেৱ গুৰুজনাই ভগৱান বিষ্ণুৰ পূজা সমস্ত দেৱী-দেৱতাৰ লগতে জগতৰ স্থাৱৰজঙ্গম সমস্তৰে পূজা বুলি গণ্য কৰিছিল আৰু নিতৌ লক্ষ্মী-নাৰয়ণ বিগ্ৰহৰ পূজা-অৰ্চনা কৰিছিল এজন দাসৰ মনোভাৱ লৈ বিগ্ৰহ আৰু   মন্দিৰৰ পৰিচৰ্যা কৰিছিল অতিথি সেৱাক ব্ৰত হিচাপে গ্ৰহণ কৰিছিল আৰু অতিথি অবিহনে নিজে কেতিয়াও ভোজন নকৰিছিল নিত্যকৰ্ত্তব্য হিচাপে ভাগৱত আৰু  অন্যান্য বৈদিক শাস্ত্ৰৰ পঠনপাঠনৰ ব্যৱস্থা কৰিছিল প্ৰতি বছৰে সাপ্তাহব্যাপ্ত অখণ্ড ভাগৱত যজ্ঞ বা ব্ৰহ্মযজ্ঞ অনুষ্ঠিত কৰিছিল মনুষ্যেতৰ প্ৰাণীৰ প্ৰতি গুৰুজনা অতিশয় দয়ালু হোৱা হেতুকে বন্য হিংস্ৰ , বাঘ আদিয়েও তেওঁৰ প্ৰতি কোনো হিংসা আচৰণ নকৰিছিল জীৱকুলৰ প্ৰতি দয়াবশতঃ  গুৰুজনাই সদায় নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল আৰু তেওঁৰ আশ্ৰমত অতিথিসেৱাও সদায় নিৰামিষ আহাৰৰ দ্বাৰা কৰা হৈছিল এনেদৰে তেওঁ আমি আগত উল্লেখ কৰা পঞ্চযজ্ঞ অনুষ্ঠানৰ মাধ্যমত দাস্যভাৱৰ উপাসনা কৰাৰ ব্যৱহাৰিক উদাহৰণ দাঙি ধৰিছিল (আগলৈ)

No comments:

Post a Comment