In the Mahabharata it is told that queen Droupadi was
friend of Lord Krishna. She was subjected to immoral torture in the royal court of the Kourava king. She had five husbands. All of them
were famous personalities. All of them were great warriors. All of them were present in the assembly and
Droupadi was tortured in front of them. At that time the elderly powerful
personalities of the great Kuru dynasty, the respectable
teachers, scholarly people, many famous warriors and general people from all
walks of life were present in the assembly. All of them played the role of helpless
spectators. Nobody came forward to help her. When Droupadi realized the fact
that nobody present in the assembly including her own husbands is unable to
save her, she prayed her friend Krishna for help. Krishna did not appear personally
but instant help from the lord came to her in a divine way and saved her from
that unwarranted situation. In a similar way in response to prayer from
Droupadi Lorld Krishna immediately appeared in her place of exile and saved her
husbands from the anger of the powerful sage Durvasha through his own way of
action. The details of those glorious activities of Lord Krishna are available in the Mahabharata. Scriptures
tell that God always remains present with us as our well wisher and friend. We,
the common people, can not understand this point and so we are unable to feel
the presence of God with us. Citing example of the friendship between Arjuna and Krishna in this
context Guru Haideva tells that this is the ideal example of friendship of a
human being with God. Arjuna was very deeply involved with the friendship of
Lord Krishna. He used to sit, sleep, eat, gossip and maintain all other
friendly relationship with Krishna considering him to be an ordinary human
being. Finally Lord Krishna had to show him his all inclusive form or
Vishbarupa to convince Arjuna that he is the God in human form. The
Bgagavadgita and Mahabharata contain detailed description of those facts. Similar
is the things in our case also. God is always present with us and without the
presence of God within, we can not eat, sleep, gossip, walk and do any other
works, that is, we can not remain alive.But in spite of that we can not realize
the presence of God with us as our most intimate friend. Guru Harideva suggests us to acquire Knowledge
from Bhagavata and Bhagavadgita and try to realize the presence of God within
us as our most intimate friend. (to be continued)
মহাভাৰতত কোৱা হৈছে যে মহাৰাণী দ্ৰৌপদী আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজত সখ্যভাৱৰ সম্বন্ধ আছিল । কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীক অতি জঘন্যভাৱে অত্যাচাৰ কৰা হৈছিল। দ্ৰৌপদীৰ পাঁচজন পতি আছিল ।আটাইকেজনে জগদ্বিখ্যাত আৰু মহাপৰাক্ৰমী ব্যক্তি আছিল ।দ্ৰৌপদীৰ ওপৰত অত্যাচাৰ চলাৰ সময়ত তেওঁৰ পঞ্চপতি ৰাজসভাত উপস্থিত আছিল আৰু তেওঁলোকৰ সন্মুখতে দ্ৰৌপদীৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। সেই সময়ত কুৰু বংশৰ বয়োবৃদ্ধ সন্মানীয় আৰু শক্তিশালী ব্যক্তিসকল , পণ্ডিত আৰু শিক্ষাগুৰু সকল , পৰাক্ৰমী যোদ্ধাসকল আৰু সমাজৰ বিভিন্ন দিশৰ গণ্যমান্য ব্যক্তি তথা সাধাৰণ লোকো উপস্থিত আছিল। কিন্তু এই সকলো ব্যক্তিয় নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছিল। দ্ৰৌপদীক সহায় কৰিবলৈ কোনেও আগবাঢ়ি অহা নাছিল।যেতিয়া দ্ৰৌপদীয়ে বুজিব পাৰিছিল যে তেওঁৰ অতি শক্তিধৰ পতিসকলকে ধৰি ৰাজসভাত উপস্থিত থকা কোনো ব্যক্তি তেওঁক বিপদৰ পৰা উদ্ধাৰ কৰাত সক্ষম নহয় তেতিয়া তেওঁ সখা কৃষ্ণৰ ওচৰত সহায়ৰ বাবে প্ৰাৰ্থনা জনাইছিল। ভগৱান কৃষ্ণ নিজে তেওঁৰ ওচৰত উপস্থিত হোৱা নাছিল যদিও প্ৰাৰ্থনা কৰাৰ লগে লগে নিজৰ ঐশ্বৰিক উপায় প্ৰয়োগ কৰি দ্ৰৌপদীক মহাবিপদৰ তৎক্ষণাত ৰক্ষা কৰিছিল্। একেদৰে পঞ্চপতিৰ সৈতে বনবাস খাটি থকা কালত দ্ৰৌপদীয়ে আহ্বান কৰাৰ লগে লগে ভগৱান কৃষ্ণ সন্মুখত উপস্থিত হৈ দ্ৰৌপদী আৰু তেওঁৰ পতিসকলক মহাশক্তিশালী দুৰ্বাসা ঋষিৰ কোপৰ পৰা ৰক্ষা কৰিছিল ।মহাভাৰতত ভগৱান কৃষ্ণৰ এনে মহিমাময় কৰ্মসমুহৰ কাহিনী বিতংভাৱে বৰ্ণনা কৰা হৈছে । শাস্ত্ৰত কোৱা হৈছে যে ঈশ্বৰ পৰম হিতৈষী বন্ধুৰ ৰূপত সদাসৰ্বদা আমাৰ লগতে থাকে। আমাৰ দৰে সাধাৰণ মানুহে এই জ্ঞান লাভ কৰি নিজৰ ভিতৰত ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰাটো আমাৰ সমস্যা।এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই অৰ্জুন আৰু কৃষ্ণৰ মাজত থকা বন্ধুত্বৰ উল্লেখ কৰি কৈছে এই বন্ধুত্ব মানুহ আৰু ঈশ্বৰৰ মাজৰ বন্ধুত্বৰ আদৰ্শ উদাহৰণ হিচাপে গণ্য কৰা উচিত । অৰ্জুনে শ্ৰীকৃষ্ণৰ লগত একেলগে উঠাবহা কৰিছিল ,খাইছিল ,শুইছিল আৰু অন্যান্য অনেক বন্ধুসুলভ আচৰণ কৰিছিল ।কিন্তু তাৰ পিছতো ঈশ্বৰ পৰম বন্ধুৰ ৰূপত সদাসৰ্বদা তেওঁৰ লগতে আছে বুলি অৰ্জুনে বুজিব পৰা নাছিল আৰু কৃষ্ণক সাধাৰণ মনুহ বুলি ভাৱিছিল । অৱশেষত শ্ৰীকৃষ্ণই নিজৰ বিশ্বৰূপ প্ৰদৰ্শন কৰাৰ পিছতহে অৰ্জুনৰ এই জ্ঞান হৈছিল যে ঈশ্বৰ পৰম হিতৈষী বন্ধু আৰু সৰ্বশ্ৰেষ্ঠ উপদেষ্টাৰ ৰূপত তেওঁৰ লগতে অৱস্থান কৰি আছে।কৃষ্ণ অৰ্জুনৰ উদাহৰণৰ মাধ্যমত হৰিদেৱ গুৰুজনাই আমাক বুজাই দিছে যে আমাৰ নিজৰ ক্ষেত্ৰতো কথাবিলাক একে । ঈশ্বৰ পৰম বন্ধুৰ ৰূপত সকলো সময়তে আমাৰ লগতে আছে। ঈশ্বৰৰ সঙ্গ অবিহনে আমি খোৱা ,শোৱা ,চলা-ফিৰা , ইত্যাদিকে ধৰি একো কাম কৰিব নোৱাৰো। অৰ্থাৎ ঈশ্বৰ লগত নাথাকিলে আমি এখন্তেকো জীয়াই থাকিব নোৱাৰো। তথাপিও আমি নিজৰ ভিতৰত পৰম বন্ধুৰ ৰূপত ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰো।হৰিদেৱ গুৰুজনাই ভগৱদ্গীতা আৰু ভাগৱত শাস্ত্ৰৰ পৰা এইবিলাক জ্ঞান আহৰণ কৰি সেই জ্ঞানৰ আধাৰত ঈশ্বৰক বন্ধুৰূপে উপলব্ধি কৰাৰ বাবে প্ৰচেষ্টা কৰাৰ পৰামৰ্শ দিছে। (আগলৈ)
No comments:
Post a Comment