In the preceding post it is told that God removed the
poverty of his poor friend Sudama in his own divine way. After reaching back
his own place from Dwaraka Sudama was astonished to see that his place of
residence and the whole area of his surroundings were bestowed upon with most
abundant riches by Lord Krishna. He compared this bestowment of Lord Krishna
with the donations of clouds that poures much needed rain water in the field of
farmers when they remain asleep at night. In our day to life we see that sometimes a rich man wants to help a poor person by donating a
house to express his friendship with the poor. In such case the rich man has to
make so many arrangements like collection of materials, manpower etc. With all
those arrangements he can construct the house after some reasonable time.During this process itself the intention of donation of the rich
man becomes known to so many persons. Also the donor remains proud of his
donation and expects ever lasting gratitude from the receiver of his donation.
Moreover, a house to live is not the only requirement of a poor and needy
person. In addition to the house so many other items are necessary to live a
life in this world. If we analyze the things in this way we can see that there
are many people who make huge donations on various occasions. But it is not
possible on the part of any human donor to donate each and everything needed by
another needy person and make him happy in all respect. In spite of that, human
beings become proud of some pretty donations made by them and expect
recognition and gratitude for that. But in case donation made by God things
are not like that.God can fulfill each and every need of all persons and fully
satisfy them in all respect. Also, God does not expect any recognition or
gratitude for that. In fact the natural conditions in which we live, the food
and water we consume, the air we inhale and all other things without which we
can not live are donations granted by God for the benefit of all beings in the
creation. We may recognize and express gratitude to God for that or may not. But we
are bound to use those facilities bestowed upon us by God for our existence itself. God is equally indifferent about our reactions towards those bestowments.
Analyzing the teachings of Bhagavata in
this way Guru Harideva suggests that friendship with God is the most reliable
and deserving friendship one can have. (to be continued)
ইয়াৰ আগৰ লিখনিটোত কোৱা হৈছে যে ভগৱান কৃষ্ণই নিজৰ ঐশ্বৰিক ব্যৱস্থা অনুসৰি প্ৰিয় বন্ধু সুদামাৰ দৰিদ্ৰতা দূৰ কৰিছিল। দ্বাৰকাৰ পৰা উভটি নিজৰ বাসস্থানত উপস্থিত হোৱাৰ পিছত সুদামাই তেওঁৰ বাসস্থানৰ লগতে চাৰিওফালৰ সমগ্ৰ এলেকাৰ ঐশ্বৰ্য বিভূতিময় পৰিবেশ দেখি আচৰিত হৈছিল আৰু ইয়াক ভগৱান কৃষ্ণৰ কৃপাবৰ্ষণৰ ফল বুলি বুজি পাইছিল। ভাগৱতত কোৱা হৈছে যে কৃষক ৰাতি শুই থকা কালতো মেঘে পানীৰ অভাৱত শুকাই যোৱা কৃষি পথাৰ বৰষুণৰ পানীৰে উপচাই দিয়ে। সুদামাই ভগৱানৰ পৰা লাভ কৰা প্ৰাচুৰ্যময় দানক মেঘে কৃষকৰ অজানিতে কৃষিক্ষেত্ৰত প্ৰচুৰ জলদান কৰা কাৰ্যৰ সৈতে তুলনা কৰিছিল।আমাৰ দৈনন্দিন জীৱনত আমি দেখা পাওঁ যে কেতিয়াবা কোনো ধনী মানুহে দয়াপৰবশ হৈ কোনো দুখীয়া মানুহক বন্ধুজ্ঞান গৃহদান কৰে।দান কৰাৰ বাবে ঘৰ এটা সাজি উলিয়াবলৈ ধনী মানুহজনে সা-সামগ্ৰী ,শ্ৰমিক আদি যোগাৰ কৰাৰ প্ৰয়োজন হয় । সকলো যা-যোগাৰ সম্পূৰ্ণ হোৱাৰ পিছত এক নিৰ্দিষ্ট সময়ৰ পিছত ঘৰ সজা কাম সম্পূৰ্ণ হয় । এই প্ৰক্ৰিয়া চলি থকাৰ ভিতৰতে দানী ব্যক্তিৰ গৃহদানৰ কথা বহু লোকৰ মাজত জনাজনি হয়্। দাতা ব্যক্তিৰ মনত গৰ্ববোধ উৎপন্ন হয় আৰু দাতা ব্যক্তিয়ে দান গ্ৰহণ কৰা ব্যক্তিজন তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব বুলি আশা কৰে। তদুপৰি কেৱল থকা ঘৰটোৱে এজন মানুহৰ সকলোখিনি অভাৱ পূৰণ নকৰে । সংসাৰত জীৱন ধাৰণ কৰি থাকিবৰ কাৰণে ঘৰত বাদেও অন্যান্য অনেক বস্তুৰ প্ৰয়োজন হয়।কথাবিলাক এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে বহু ব্যক্তিয়ে অন্যৰ উপকাৰৰ অৰ্থে অনেক প্ৰকাৰৰ বৃহৎ বৃহৎ দান কৰিব পাৰে। কিন্তু পৃথিৱীত এনে কোনো দাতা ব্যক্তি নাই যিয়ে দানৰ দ্বাৰা অন্য এজন ব্যক্তিৰ সমস্ত অভাৱ সম্পূৰ্ণৰূপে পূৰণ কৰি তেওঁক সকলো দিশৰ পৰা সুখী কৰিব পাৰে । তথাপিও মানুহে নিজে কৰা যৎসামান্য দানৰ বাবেও গৰ্ববোধ কৰে আৰু অন্যৰ পৰা কৃতজ্ঞতা পাবলৈ আশা কৰে।কিন্তু ঈশ্বৰৰ দানৰ ক্ষেত্ৰত কথাবিলাক তেনেকুৱা নহয় । ঈশ্বৰে প্ৰত্যেক জীৱৰ প্ৰত্যেকতো অভাৱ অভিযোগ পূৰণ কৰি সকলোকে সৰ্বতোপ্ৰকাৰে সুখী কৰিব পাৰে।তদুপৰি ঈশ্বৰে নিজৰ দানৰ বিনিময়ত কাৰো পৰা কোনো ধৰণৰ স্বীকৃতি অথবা কৃতজ্ঞতাও আশা নকৰে ।প্ৰকৃততে যি প্ৰাকৃতিক পৰিবেশৰ মাজত আমি বাস কৰো , যি খাদ্য পানীয় আমি খাওঁ , যি বতাহৰ দ্বাৰা আমি উশাহ লওঁ আৰু অন্যান্য যি সা-সুবিধাসমুহ গ্ৰহণ কৰি আমি জীয়াই থাকো সেই সকলোখিনিয়ে জীৱৰ মঙ্গলৰ অৰ্থে ঈশ্বৰে দিয়া দান। এই দানৰ বাবে আমি ঈশ্বৰৰ ওচৰত কৃতজ্ঞ থকা বা নথকা আমাৰ নিজস্ব কথা। ঈশ্বৰৰ দান সম্পৰ্কে আমি কি ভাৱো বা ইবিলাকৰ পৰা আমাৰ মনত কি প্ৰতিক্ৰিয়া হয় সেই বিষয়ত ঈশ্বৰ সম্পূৰ্ণ উদাসীন হৈ থাকে।কিন্তু প্ৰকৃত সত্য এয়ে যে ঈশ্বৰে দান কৰা এই সুবিধাসমুহ গ্ৰহণ নকৰাকৈ আমি জীয়াই থকা সম্ভৱ নহয়।ভাগৱতৰ কথাবিলাক এনেদৰে বিচাৰ বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই উপদেশ দিছে যে ঈশ্বৰতকৈ বিশ্বস্ত আৰু শ্ৰেষ্ঠ বন্ধু আন কোনো হ’ব নোৱাৰে। (আগলৈ)
No comments:
Post a Comment