Sunday, 17 October 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -57 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৫৭)

 

We know that the common people feel safe when they live with wife, children and other relatives. They collect properties, save money and make so may other material arrangements with an aim to live a safe, prosperous and happy life. People think that those relatives and material provisions may protect them in all difficult situations of life. So, they consider those persons and material belongings as most friendly and helpful. In this regard Guru Harideva tells that the relatives and things mentioned above can protect people upto certain limits only. Nothing of this world possesses unlimited power and capacity. Moreover everything of this world is of temporary nature. Nobody can say what amount of help people can get from those things and for how long those things may last and help people. So the people and things mentioned above may appear to be friendly for sometimes but the help expected from them is not reliable and everlasting. On the other hand, God is eternal and nothing is more powerful than God. God possesses unlimited power and capacities. Moreover, the Vedas, Upanishadas, Bhagavadgita, Bhagavata and other Vedic scriptures tell that God is the most lovable and most trustworthy friend of all entities in the creation. He always remains present with us under all conditions of our life and remains alway ready to help us. To make the things clear Guru Harideva cites example of the cowherd boys of Vrindavana. Those children were the witnesses of various glorious and divine activities performed by child Krishna in Vrindavana. In spite of that the cowherd boys considered Lord Krishna as their friend only. They loved him, played with him and behaved him as a child equal to them in all aspects. Lord Krishna also never showed his unimaginable divine power, capacity etc to them and maintained cordial friendly relationship with them like an ordinary child . At the same time by application of his divine power Krishna protected his cowherd friends along with their families and belongings from all dangerous situations that they faced in Vrindavana. Detailed descriptions of those things are available in the Bhagavata. Analyzing the things in this way Guru Harideva suggests that if one keeps faith on those scriptural descriptions and fully trust on the friendship of God then he can live a peaceful householder’s life and make spiritual progress simultaneously. (to be continued)

আমি জানো যে সাধাৰণ লোকে নিজৰ স্ত্ৰী , সন্তান , আত্মীয়-স্বজন আদিৰ সৈতে একেলগে বাস কৰি নিজকে নিৰাপদ বুলি ভাৱে।মানুহে নিৰাপদ আৰু সুখ-সমৃদ্ধিপূৰ্ণ জীৱন যাপনৰ লক্ষ্য লৈ ধন-সম্পদ , মাটি-বাৰী ইত্যাদি আহৰণ কৰে আৰু সেইবোৰ সংৰক্ষণ আৰু সংবৰ্দ্ধন কৰাৰ বাবে অহৰহ প্ৰচেষ্টা কৰে মানুহে বিশ্বাস কৰে যে সম্পৰ্কীয় আপোন মানুহ আৰু জাগতিক বয়-বস্তুৱে তেওঁলোকক ভৱিষ্যত জীৱনত আহিব পৰা বিপদ আপদৰ পৰা সুৰক্ষা দিব পাৰে সেই কাৰণে তেওঁলোকে  এইবিলাককে পৰম বন্ধু বুলি ভাৱে এই সম্পৰ্কত হৰিদেৱ গুৰুজনাই কৈছে যে ওপৰত উল্লেখ কৰা সম্বন্ধীয় মানুহ আৰু বিষয়-বস্তুৰ দ্বাৰা এক নিৰ্দিষ্ট সীমা পৰ্যন্ত কিছু পৰিমাণে সুৰক্ষা লাভ কৰিব পাৰি কিন্তু ইহজগতৰ একো বস্তুৰে সীমাহীন শক্তি-সামৰ্থ্য নাই তদুপৰি জাগতিক বস্তুৰ  সীমিত পৰিমাণৰ শক্তি-সামৰ্থ্যও অস্থায়ী চৰিত্ৰৰ জগতৰ কি বস্তুৰ পৰা কিমানখিনি সহায়-সাহায্য কিমান সময়ৰ বাবে পোৱা যাব পাৰে তাৰ একো নিশ্চয়তা কোনেও দিব নোৱাৰে। সেই কাৰণে নিকট সম্পৰ্কীয় ব্যক্তি জাগতিক বিষয়-বস্তুৱে সুৰক্ষা আৰু নিৰাপত্তা দিব পাৰে বুলি সাময়িকভাৱে  ধাৰণা কৰা হয় যদিও তাৰ একো বিশ্বাসযোগ্যতা আৰু স্থায়ীত্ব নাথাকে আনহাতে ঈশ্বৰ চিৰন্তন আৰু ঈশ্বৰতকৈ অধিক শক্তিশালী আৰু সামৰ্থ্যবান আন একো নাই ঈশ্বৰ সীমাহীন শক্তি-সামৰ্থ্যৰ অধিকাৰী।তদুপৰি বেদ, উপনিষদ ,ভগৱদ্গীতা ,ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে যে ঈশ্বৰ সৃষ্টিৰ অন্তৰ্গত সমস্তৰে প্ৰিয়তম আৰু বিশ্বস্ততম বন্ধুপ্ৰিয়তম বন্ধু হিচাপে ঈশ্বৰ সকলো সময়তে আৰু সকলো অৱস্থাতে আমাৰ লগতে থাকে আৰু আমাক সহায় কৰাৰ বাবে সদায় সাজু হৈ থাকেকথাখিনি সহজভাৱে বুজাই দিয়াৰ বাবে হৰিদেৱ গুৰুজনাই বৃন্দাৱনৰ গোপবালক সকলৰ উদাহৰণ ডাঙি ধৰিছে গোপবালক সকলে শিশু কৃষ্ণৰ অদ্ভূত দৈৱিক কাৰ্যকলাপ সমুহ নিজ চকুৰে দেখিছিল তথাপিও তেওঁলোকে শিশুৰূপী পৰমেশ্বৰ কৃষ্ণক সমনীয়া বন্ধু বুলিয়ে ভাৱিছিল তেওঁলোকে কৃষ্ণক গভীৰভাৱে ভাল পাইছিল , কৃষ্ণৰ সৈতে শিশুসুলভ খেল-ধেমালি কৰিছিল আৰু তেওঁলোকৰ নিজৰ লগৰে এজন বুলি ভাৱিছিল কৃষ্ণইও নিজক ঐশ্বৰিক অকল্পনীয় শক্তি লুকাই ৰাখি এজন সাধাৰণ গোপবালকৰ ৰূপত তেওঁলোকৰ সৈতে বন্ধুত্ব ৰক্ষা কৰি চলিছিল তাৰ মাজতে নিজৰ ঐশৰিক শক্তি প্ৰয়োগ কৰি বৃন্দাৱনৰ গোপবালক বন্ধু সকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু সা-সম্পদ সকলোকে অনেক ভয়ঙ্কৰ বিপদ-আপদৰ পৰা ৰক্ষা কৰিছিল ভাগৱতত এইবিলাক কাহিনী বিতংভাৱে বৰ্ণনা কৰা আছে সকলো কথা বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই উপদেশ দিছে যে শাস্ত্ৰকথাৰ ওপৰত পূৰ্ণ আস্থা ৰাখি ঈশ্বৰক পৰম বিশ্বাসী আৰু পৰম হিতৈষী বন্ধু হিচাপে গ্ৰহণ কৰিলে সংসাৰ যাত্ৰা সুগম হোৱাৰ লগতে পাৰমাৰ্থিক উন্নতিৰ পথো প্ৰশস্ত হয়(আগলৈ)

No comments:

Post a Comment