“Atmanivedana” or offering of oneself to God, that
is, offering of one’s total mental thoughts and bodily activities
to God is one more way of connecting one’s mind with God. Explaining
“Atmanivedana” Guru Harideva tells that human beings tame cows, horses and
other animals in their home. The responsibilities of feeding, housing,
cleaning, treatment of ailments etc of those animals rest with the householders
who tame them. At the same the owners of those animals can enjoy the milk
extracted from the cows, they can use the horses for traveling, they can
utilize the services of the bullocks for ploughing, pulling of carts and so on.
But as soon as the owner surrenders his right over the animals in favour of
other person by way of sale or donation his responsibilities of maintenance of
the animals ends. Also he can not enjoy the products and services from those
animals any more after handing over of the ownership to others. Citing this
analogy Guru Harideva tells that the meaning of “Atmanivedana” is like this. By
“Atmanivedana” a person totally surrenders his rights over his body mind
complex along with his material possessions to God. This way God becomes the
owner of whatever is possessed by him including his body mind complex.Under
such condition the person concerned does not think anything which is not
connected with God and does whatever automatically comes to him considering it
as a duty allotted to him by God. He does not do anything for his own benefit
and without any objection lives his life in whatever way God keeps him. In this
way after Atmanivedana a person becomes fully dependent upon God even for
maintenance of his own body also. Bhagavata contains life stories of such
persons. In Bhagavadgita also there is mention of such person. Here, Lord
Krishna assures that people who keep themselves always busy with thoughts of
God without thinking anything else are taken care of
by God. Their material needs are fulfilled by God and in spite of surrendering
everything including his body to God they live a happy and peaceful life in this
world. (to be continued)
আত্মনিবেদন অৰ্থাৎ শৰীৰ মনকে ধৰি নিজৰ অধিকাৰত থকা সমস্তকে ভগৱানৰ ওচৰত সমৰ্পণ কৰাটো ঈশ্বৰৰ সৈতে মনৰ সংযোগ সাধন কৰাৰ অন্য এক উপায়।আত্মনিবেদন সম্পৰ্কত বেদ-বেদান্তৰ তত্বজ্ঞানী মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই কৈছে যে মানুহে গৰু ঘোঁৰা আদি পোহনীয়া জন্তু ঘৰত পোহে । যিমান দিনলৈকে পুহি থাকে সিমান দিনলৈকে পোহনীয়া জন্তুক ঘাঁহ পানী দিয়া , চাফ–চিকুণ কৰি ৰখা , বেমাৰ আজাৰ হলে চিকিৎসা কৰা ইত্যাদি যাবতীয় প্ৰতিপালন কাৰ্যৰ দায়িত্ব গৃহস্থৰ ওপৰত ন্যস্ত থাকে । ইয়াৰ লগতে পোহনীয়া গাই গৰুৰ গাখীৰ ইত্যাদি গৰুৰ গৰাকীয়ে উপভোগ কৰে। বলধ গৰুৰ হাল বোৱা , গাড়ী টনা ইত্যাদি কামৰ ফল তথা ঘোঁৰাত উঠি ইঠাই সিঠাইলৈ যোৱা ইত্যাদি সেৱাসমুহৰ সুবিধাও প্ৰতিপালক গৃহস্থই উপভোগ কৰে । কিন্তু সেই প্ৰতিপালিত জন্তু যদি কাৰোবাক দান কৰি বা কাৰোবাৰ ওচৰত বিক্ৰি কৰি তাৰ স্বত্ব ত্যাগ কৰা হয় তেন্তে প্ৰতিপালনৰ দায়িত্ব সেই গৃহস্থৰ হাতত নাথাকে আৰু তাৰ লগতে পোহনীয়া জন্তুৰ পৰা পোৱা উপকাৰ উপভোগ কৰাৰ অধিকাৰো নোহোৱা হয় । এই উপমা দি হৰিদেৱ গুৰুজনাই ভগৱানৰ ওচৰত আত্মনিবেদন কৰাৰ অৰ্থও তেনেকুৱা বুলি কৈছে । আত্মনিবেদনৰ দ্বাৰা নিজৰ অধিকাৰত থকা সমস্ত বস্তুৰ লগতে শৰীৰ আৰু মনৰ অধিকাৰো ঈশ্বৰৰ ওচৰত অৰ্পণ কৰা হয় ।এনে অৱস্থাত আত্মনিবেদনকাৰী ব্যক্তিয়ে ঈশ্বৰৰ সৈতে সম্পৰ্কহীন একো বিষয়ে চিন্তা নকৰে আৰু যি কৰ্মৰ দায়িত্ব নিজে নিজে তেওঁৰ ওচৰলৈ আহে তাকে ঈশ্বৰৰ আদেশ বুলি ভাৱি নিষ্ঠা সহকাৰে পালন কৰে।তেনে ব্যক্তিয়ে নিজৰ সুখ সুবিধাৰ অৰ্থে একো কাম নকৰে আৰু ঈশ্বৰে যিদৰে ৰাখে কোনো ধৰণৰ ওজৰ আপত্তি নকৰাকৈ তেনেদৰে জীৱন নিৰ্বাহ কৰে। ঈশ্বৰৰ ওচৰত আত্মনিবেদন কৰা ব্যক্তিয়ে নিজৰ শৰীৰ ৰক্ষাৰ অৰ্থেও নিজৰ ফালৰ পৰা একো চেষ্টা নকৰে আৰু ঈশ্বৰে যি ইচ্ছা কৰে তাকে কৰক বুলি এৰি দিযে । ভাগৱতত এনে ব্যক্তিৰ জীৱন কাহিনী বৰ্ণনা কৰা হৈছে । ভগৱদ্গীতাতো এনে ব্যক্তিৰ কথা উল্লেখ কৰা হৈছে । ইয়াত ভগৱান কৃষ্ণই কৈছে যে যি ব্যক্তিয়ে অন্য একো চিন্তা নকৰাকৈ কেৱল মাত্ৰ ঈশ্বৰৰ চিন্তা আৰু ঈশ্বৰৰ কৰ্মত সদাসৰ্বদা ব্যস্ত হৈ থাকে তেনে ব্যক্তিৰ সমস্ত দায়িত্ব ঈশ্বৰে বহন কৰে । অৰ্থাৎ তেওঁলোকৰ ভৰণ-পোষণ ,ৰক্ষণাবেক্ষণ ইত্যাদি কাম ঈশ্বৰে কৰে।এনেদৰে শৰীৰকে ধৰি পাৰ্থিৱ সমস্ত বস্তু ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰা সত্বেও আত্মনিবেদনকাৰী ব্যক্তিয়ে সুখ শান্তিময় জীৱন যাপন কৰিব পাৰে বুলি হৰিদেৱ গুৰুজনাই কৈছে । (আগলৈ)
No comments:
Post a Comment