In the Bhagavadgita, Bhagavata and Upanishada it is clearly
stated that God is the best friend of all entities in the creation. Trying to
realize this truth is another way of connecting one’s mind with God. Scriptures
tell that God remains present in our body in two positions. In one
position God is the embedded soul of our
body. In this position God appears to be the doer of the activities of our body-mind complex and enjoyer of the
happiness and sorrow generated by those activities .But in actuality God can not be the performer of any
action and enjoyer of happiness and sorrow of the material world. To understand
this point we can think about the subject as follows. In our family we reside
in close association with our son, daughter, wife, father, mother and other
very near and dear relatives. If one
member of our family becomes seriously ill then the other members become unhappy. The mother may be in good
health but if her son becomes seriously ill then she becomes very much unhappy.
This happens due to very close and deep association of the mother
with her son. In a similar way the association of the embedded soul is too
close to the body- mind complex and it is difficult to identify the soul
separated from the body-mind complex. So, the happiness and sorrow associated
with the body-mind complex is felt by the consciousness or the soul embedded in
the body. But the pure consciousness is not at all involved with any activity of the body mind complex and does not enjoy the resultant happiness and sorrow.
The embedded consciousness or soul which appears to be involved with the activities of body-mind complex
and subjected to the happiness and sorrow associated with it is called Jiva and the
same consciousness in pure form is called the supersoul or God. In Bhagavata, Bhagavagita
and other vedic scriptures those two positions of the soul in our body-mind
complex are explained with an analogy of
two birds residing on a single tree. It is said that both the birds are the
same and both are most intimate friends of one another. The only difference is
that one bird eats the fruits of the tree, tastes the sweetness or bitterness
of the fruits and becomes happy or unhappy. The other bird resides on the same
tree but remains totally indifferent
about anything of the tree. Based on such observations of the scriptures the “Sakhya
Bhava” or friendship between human beings and God is explained by Guru Harideva.
(to be continued)
ভগৱদ্গীতা , ভাগৱত , উপনিষদ ইত্যাদি বৈদিক শাস্ত্ৰত স্পষ্টভাৱে কোৱা হৈছে যে ঈশ্বৰ সকলো জীৱৰে পৰম হিতৈষী আৰু শ্ৰেষ্ঠতম সুহৃদ। এই সত্য উপলব্ধি কৰাৰ বাবে প্ৰচেষ্টা কৰাটো মনক ভগৱানৰ সৈতে সংযোগ কৰাৰ এটা উপায় । শাস্ত্ৰত কোৱা হৈছে যে এক ঈশ্বৰ আমাৰ শৰীৰ-মনৰ ভিতৰত দুই প্ৰকাৰে অৱস্থান কৰে ।ইয়াৰে এক প্ৰকাৰৰ অৱস্থান আমাৰ শৰীৰ-মনৰ কাৰ্যকলাপৰ সৈতে সংযুক্ত যেন লাগে ।এই ৰূপত ঈশ্বৰৰ স্থিতি সম্পৰ্কে বিচাৰ কৰি চালে দেখা যায় যে চৈতন্য বা আত্মাই আমাৰ শৰীৰ-মনৰ সমস্ত কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে , তাৰ পৰা উৎপন্ন ফলাফলৰ অধিকাৰী হয় আৰু সেই ফলাফল ভোগ কৰি সুখ বা দুখ ভোগ কৰে।কিন্তু প্ৰকৃত সত্য এই যে ঈশ্বৰ সকলো অৱস্থাতে শুদ্ধ, সত্য আৰু নিৰ্লিপ্ত । ঈশ্বৰ কোনো বৈষয়িক কৰ্মৰ কৰ্ত্তা আৰু সেই কৰ্মৰ পৰা উৎপন্ন সুখ-দুখৰ ভোক্তা হ’ব নোৱাৰে । এই তত্ব বুজাৰ বাবে আমি কথাখিনি তলত দিয়া ধৰণে চিন্তা কৰি চাব পাৰো।আমাৰ পৰিয়ালত আমি নিজৰ স্ত্ৰী , পুত্ৰ্, কন্যা, পিতৃ , মাতৃ আৰু অন্যান্য ওচৰ সম্পৰ্কীয় লোকৰ সৈতে একেলগে বাস কৰো ।পৰিয়ালৰ কোনো এজন সদস্য গুৰুতৰভাৱে অসুস্থ হৈ পৰিলে অন্য সদস্যসকলে নিজে সুস্থ হৈ থকা সত্বেও গভীৰ দুখ-যন্ত্ৰণা ভোগ কৰে।মাতৃ শাৰিৰীকভাৱে সুস্থ হৈ থাকিলেও যদি পুত্ৰ গুৰুতৰভাৱে অসুস্থ হ’য় তেন্তে মাতৃয়ে অত্যন্ত কষ্ট অনুভৱ কৰে ।পুত্ৰৰ সৈতে মাতৃৰ সম্পৰ্ক অত্যন্ত নিকট আৰু স্নেহপূৰ্ণ হোৱা হেতুকে এনে ঘটনা সংঘটিত হয় । কোৱা হৈছে যে আত্মাৰ সৈতে শৰীৰ-মনৰ সম্পৰ্ক মাতৃ-পুত্ৰৰ সম্পৰ্কতকৈও নিকট, গভীৰ আৰু স্নেহপূৰ্ণ। শৰীৰৰ পৰা আত্মা পৃথক বুলি ভাৱিবই নোৱাৰি । সেই কাৰণে শৰীৰৰ কাৰ্যৰ দ্বাৰা উৎপন্ন হোৱা ফল শৰীৰৰ কাৰ্যকলাপৰ সৈতে সংযুক্ত চৈতন্য বা আত্মাই ভোগ বা অনুভৱ কৰে আৰু তাৰ ফলত সুখ বা দুখ ভোগ কৰে। কিন্তু শুদ্ধ চৈতন্য বা বিশুদ্ধ আত্মা শৰীৰ-মনৰ কোনো কাৰ্যৰ সৈতে সংযুক্ত নহয় আৰু শৰীৰৰ কাৰ্যৰ দ্বাৰা উৎপন্ন সুখ দুখৰ প্ৰতিও সম্পূৰ্ণ উদাসীন । শৰীৰ-মনৰ কাৰ্যকলাপ আৰু তাৰ পৰা উৎপন্ন সুখ-দুখৰ সৈতে সংযুক্ত চৈতন্য বা আত্মাক জীৱ বা জীৱাত্মা আৰু সেই একে শৰীৰস্থ শুদ্ধ চৈতন্য বা নিৰ্লিপ্ত আত্মাক পৰমাত্মা বা ঈশ্বৰ বুলি কোৱা হয় ।ভগৱদ্গীতা ,ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত আমাৰ শৰীৰত ঈশ্বৰৰ এই দুই প্ৰকাৰৰ অৱস্থিতিক একেডাল গছত থকা দুটা চৰাইৰ উপমাৰ দ্বাৰা বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। কোৱা হৈছে যে দুয়োটা চৰাই একে সমান আৰু দুয়ো দুয়োৰে বন্ধু। পাৰ্থক্য কেৱল ইমানে যে ইয়াৰে এটা চৰাইয়ে বাস কৰা গছডালৰ ফল ভক্ষণ কৰে, সেই ফলৰ তিতা-মিঠা অনুভৱ কৰি সুখী বা দুখী হয় । লগতে থকা আনটো চৰায়ে নিৰ্লিপ্ত আৰু নিৰপেক্ষ দৰ্শক হৈ চাই থাকে। শাস্ত্ৰৰ তত্ব ওপৰোক্ত ধৰণে ব্যাখ্যা কৰি হৰিদেৱ গুৰুজনাই ঈশ্বৰ আৰু মানুহৰ বন্ধুসুলভ সম্পৰ্ক আৰু এই সম্পৰ্কৰ দ্বাৰা কিদৰে পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰা সম্ভৱ সেই বিষয়ে জ্ঞান আৰু উপদেশ প্ৰদান কৰিছে। (আগলৈ)
No comments:
Post a Comment