In the material life friendship between a street beggar and a powerful
king on throne can not be imagined. But in case of friendship with God this is
also possible. Bhagavata explains this with the description of deep friendship
between Lord Krishna and Sudama. Sudama
was a co-student of Lord Krishna and studied under the same teacher. During
that time they stayed together in the house of their Guru and became most
intimate friend of one another. After completion of education both became
separated. In course of time Lord Krishna became the king of Dwaraka. Sudama
entered into married life and was living in a village with his wife and small
children. Sudama was very poor. He used to live in a worn-out cottage and
earned his livelihood by begging alms from his neighborhood. So, naturally he had
to wear torn-out dirty cloths and had to starve along with his wife and
children when no food could be collected by begging. But under such miserable condition of life also he
felt himself happy and lucky enough by remembering his friendship with Lord
Krishna. One day he visited Dwaraka to meet Lord Krishna and entered into the
kingly palace with a meagre offering in hand and with the appearance common to a street
beggar. Seeing Sudama in his place Lord Krishna became extremely happy.
The Lord came down from his throne to receive Sudama, took him to the interior
of the kingly palace and offered him the best possible royal reception. Lord Krishna
merrily accepted the too meagre offering from the hand of his beggar friend and
highly praised Sudama and his wife for their offering. During their meeting in
the royal palace of Dwaraka Lord Krishna and Sudama discussed so many things
including their sweet past memories of student life. But neither Sudama told
anything about his miserable material life nor did Lord Krishna show any interest
to know the stories of the miserable private life of Sudama. This was because
Sudama did not want to make Lord Krishna unhappy by letting him know the story
his own misfortune. On the other hand, Lord Krishna also did not want to
downgrade the self-respect of Sudama by forcing him to describe his poverty and miserable
state of material life in the royal palace full of prosperity and material
comforts. In this way God maintained a status equal to his beggar friend Sudama
from his side and showed due respect to their friendship. After some days
Sudama beg farewell from Lord Krishna and left Dwaraka. (to be continued)
বৈষয়িক জগতত সিংহাসনত বহি ৰাজ্য শাসন কৰি থকা এজন ৰজা আৰু এজন পথৰ ভিক্ষাৰীৰ মাজত বন্ধুত্ব স্থাপন হোৱা সম্ভৱ নহয় । কিন্তু ঈশ্বৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত এনে কথাও সম্ভৱ ।ভাগৱতত ভগৱান কৃষ্ণ আৰু সুদামাৰ মাজত থকা গভীৰ বন্ধুত্বৰ কথা বৰ্ণনা কৰি এই কথা ব্যাখ্যা কৰা হৈছে। সুদামা শ্ৰীকৃষ্ণৰ সহপাঠী আছিল আৰু দুয়ো একেজন শিক্ষকৰ অধীনত বিদ্যাশিক্ষা কৰিছিল।গুৰুগৃহত দুয়ো একেলগে আছিল আৰু এনেদৰে দুয়ো নলেগলে লগা বন্ধু হৈ পৰিছিল । ছাত্ৰজীৱন সমাপ্ত হোৱাৰ পিছতে দুয়োৰে এৰাএৰি হৈছিল। কালক্ৰমত শ্ৰীকৃষ্ণ দ্বাৰকাৰ অধিপতি শক্তিশালী ৰজা হৈছিল । সুদামাই বিয়াবাৰু কৰাই সতি-সন্ততিৰ সৈতে দ্বাৰকাৰ পৰা দূৰৈত এখন গাৱঁত বসবাস কৰিছিল ।বৈষয়িকভাৱে সুদামা অতি দৰিদ্ৰ আছিল । তেওঁ এটা ভগা পঁজাত বাস কৰি ভিক্ষাবৃত্তিৰ দ্বাৰা নিজৰ লগতে পৰিয়ালক পোহপাল দিছিল ।স্বাভাৱিকতে যিদিনা ভিক্ষা নাপায় সেইদিনা তেওঁ সপৰিয়ালে নিৰাহাৰে কটাবলগীয়া হৈছিল আৰু সদায় ফটাছিটা মলিয়ন কাপোৰেৰে লজ্জা নিবাৰণ কৰিবলৈ বাধ্য হৈছিল। কিন্তু জীৱনৰ এনে দুখময় পৰিস্থিতিৰ মাজতো শ্ৰীকৃষ্ণৰ সৈতে তেওঁৰ বন্ধুত্বৰ কথা মনলৈ আনি তেওঁ আনন্দ উপভোগ কৰিছিল আৰু নিজকে অতিশয় ভাগ্যৱান বুলি অনুভৱ কৰিছিল ।এদিনাখন সুদামাই যৎসামান্য উপহাৰ লৈ পথৰ ভিক্ষাৰীৰ বেশভূষাৰে সৈতে দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ ৰাজাপ্ৰাসাদত উপস্থিত হৈছিল ।নিজৰ ঘৰত বাল্যবন্ধু সুদামাক দেখি শ্ৰীকৃষ্ণই অতিশয় আনন্দিত হৈ ৰাজ সিংহাসনৰ পৰা নামি আহিছিল । ৰাজ অতিথিৰ মৰ্যাদা দি তেওঁক আদৰণী জনাইছিল । নিজৰ ৰাজপ্ৰাসাদলৈ আদৰি নি অতি যত্ন সহকাৰে সেৱা-শুশ্ৰূষা কৰিছিল । ভিক্ষাৰী বন্ধুৰ পৰা যৎসামান্য উপহাৰ আনন্দ মনে গ্ৰহণ কৰি সুদামা আৰু তেওঁৰ পত্নীক সেই উপহাৰৰ বাবে ভূয়সী প্ৰশংসা কৰিছিল ।দ্বাৰকাৰ ৰাজপ্ৰাসাদত একেলগে থকা কালত শ্ৰীকৃষ্ণ আৰু সুদামাই ছাত্ৰ অৱস্থাৰ মধুৰ স্মৃতি ৰোমন্থনকে ধৰি অনেক কথাবতৰা পাতিছিল । কিন্তু তাৰ মাজত সুদামাই এবাৰো নিজৰ বৈষয়িক দুৰৱস্থাৰ কথা উল্লেখ কৰা নাছিল আৰু শ্ৰীকৃষ্ণইও সুদামাক সেই বিষয়ে একো সোধা নাছিল । আচলতে সুদামাই নিজৰ ব্যক্তিগত দুখ দুৰ্দশাৰ কথা কৈ পৰম বন্ধু শ্ৰীকৃষ্ণৰ মনত দুখ দিব খোজা নাছিল। আনহাতে কৃষ্ণইও ৰাজঐশ্বৰ্য আৰু বৈষয়িক সা-সুবিধাৰে ভৰপুৰ ৰাজপ্ৰাসাদৰ পৰিবেশত সুদামাক নিজৰ দীনহীন অৱস্থাৰ কথা বৰ্ণনা কৰিবলৈ বাধ্য কৰি তেওঁৰ আত্মমৰ্যাদাত আঘাত কৰা নাছিল ।এনেদৰে ভগৱানে দালদৰিদ্ৰ ভিক্ষাৰী বন্ধু সুদামাৰ সৈতে নিজৰ মৰ্যাদা সমান কৰি ৰাখি পৰস্পৰৰ মাজত থকা গভীৰ বন্ধুত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল। অৱশেষত কিছুদিন থকাৰ পিছত সুদামাই শ্ৰীকৃষ্ণৰ পৰা বিদায় লৈ দ্বাৰকা ত্যাগ কৰিছিল ।(আগলৈ)
No comments:
Post a Comment