One may seriously believe that he is the slave of God
and he may live his day to day life in accordance with such thoughts of mind. Bhagavata
tells that this is another way of keeping one’s mind connected with God. In the
scriptural language this type of thought of mind towards God is called “Dasya
Bhava”. Guru Harideva tells that when a person consider God as his master and
offer himself as a slave to him then nothing remains personal to that person . Each
and every work performed by a slave is for the satisfaction of his master. They
eat, drink and enjoy whatever is given by their master and become fully
satisfied with that. In a similar way, when a person seriously consider himself
to be the slave of God, he does everything for the satisfaction of God and remains
satisfied under all conditions of life. He does not bargain or expect anything from
God in lieu of the service rendered as a slave of God. Now, God is all
inclusive, that is nothing of the creation remains outside God. Hence, serving
God as his slave means rendering selfless service to all entities of the creation in the capacity of a slave. To make the
things clear to common ignorant householders like us, Bhagavata suggests them to
perform “Pancha Yajna” or five types of sacrifices in their day to day life. It
is said that with those five types of sacrifices people can render selfless
services to all entities available in
the creation.The five types of sacrifices mentioned in the Bhagavata are “Devayajna”
or worship of various expressions of
God Almighty in the form of demigods; Pitri
Yajna or worship of parents and forefathers; Brahma Yajna or worship of the
sages who gives us the Vedas and the Vedic scriptures and study of those
scriptures; Nara Yajna or Worship of the
humanity through rendering of selfless service for the welfare of all people
and Bhuta Yajna or worship and service
of all other beings in the creation .In this connection Guru Harideva tells that
by selfless performance of the duties towards all as mentioned above one practically
becomes a slave of God and can
attain spiritual perfection. (to be continued)
কোনো লোকে নিজকে ঈশ্বৰৰ দাস বুলি মনত গভীৰ বিশ্বাস ৰাখিব পাৰে আৰু সেই ভাৱনা অনুসৰি নিজৰ দৈনন্দিন জীৱন যাপন কৰিব পাৰে । ভাগৱতত কোৱা হৈছে যে এনে প্ৰকাৰৰ ভাৱনা ঈশ্বৰৰ সৈতে মনৰ সংযোগ সাধন কৰাৰ এটা উপায়।শাস্ত্ৰৰ ভাষাত ঈশ্বৰৰ প্ৰতি মনৰ এনে ভাৱনাক দাস্যভাৱ বুলি কোৱা হয় । এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে যেতিয়া কোনো মানুহে ঈশ্বৰক প্ৰভূ আৰু নিজকে ঈশ্বৰৰ দাস বুলি ভাৱে তেতিয়া তেওঁৰ নিজৰ ব্যক্তিগত বস্তু বুলিবলৈ একো নাথাকে । আমি জানো যে এজন দাসে প্ৰত্যেকটো কাম মালিকৰ সন্তুষ্টিৰ অৰ্থে কৰে। মালিকে আহাৰ ,
পানী আৰু অন্যান্য যি বস্তু দিয়ে তাকে ভোগ কৰি সন্তুষ্ট হৈ থাকে। একেদৰে যি ব্যক্তিয়ে ঈশ্বৰক মালিক আৰু নিজকে তেওঁৰ দাস বুলি গভীৰভাৱে বিশ্বাস কৰে তেওঁ সকলো কাম ঈশ্বৰৰ সন্তুষ্টিৰ অৰ্থে কৰে আৰু জীৱনৰ সকলো পৰিস্থিতিতে সদাসন্তুষ্ট হৈ থাকে । তেনে ব্যক্তিয়ে দাসত্বৰ বিনিময়ত একো দাবী নকৰে বা ঈশ্বৰৰ পৰা কোনো প্ৰকাৰৰ অযাচিত অনুগ্ৰহ লাভ কৰাৰো আশা নাৰাখে। এতিয়া কথা হৈছে ঈশ্বৰ সৰ্বব্যাপ্ত আৰু সেই কাৰণে ঈশ্বৰৰ দাসত্ব কৰাৰ অৰ্থও বৰ বিশাল ।আমাৰ দৰে সাধাৰণ অজ্ঞানী গৃহস্থ ব্যক্তিৰ বাবে কথাখিনি সহজ কৰাৰ বাবে ভাগৱতত প্ৰত্যেক গৃহস্থ ব্যক্তিক প্ৰতিদিনে পঞ্চযজ্ঞ অৰ্থাত পাঁচ প্ৰকাৰৰ যজ্ঞকৰ্ম কৰাৰ পৰামৰ্শ দিয়া হৈছে । ইয়াত কোৱা হৈছে যে পঞ্চযজ্ঞৰ দ্বাৰা সমগ্ৰ সৃষ্টিৰ সকলোৰে প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়াব পাৰি । ভাগৱতত উল্লেখ কৰা পাঁচ প্ৰকাৰৰ যজ্ঞ হৈছে দেৱযজ্ঞ বা ঈশ্বৰৰ বিভিন্ন প্ৰকাৰৰ শক্তিৰ প্ৰকাশ স্বৰূপ দেৱী-দেৱতাসকলৰ পূজা-অৰ্চনা; পিতৃযজ্ঞ বা পিতৃ-মাতৃ আৰু পূৰ্বপুৰুষ সকলৰ সেৱা আৰু পূজা-অৰ্চনা; ব্ৰহ্মযজ্ঞ বা বেদ আৰু বৈদিক শাস্ত্ৰৰ অধ্যয়ন আৰু শাস্ত্ৰ প্ৰণয়নকৰ্ত্তা ঋষিমুনিসকলৰ পূজা-অৰ্চনা; নৃযজ্ঞ বা সমগ্ৰ মানৱ জাতিৰ মঙ্গলৰ উদ্দেশ্যে আগবঢ়োৱা নিস্বাৰ্থ সেৱা আৰু ভূতযজ্ঞ বা জীৱ-জন্তু ,
বৃক্ষ ,পক্ষী আদিকে ধৰি জগতৰ অন্যান্য সকলোৰে মঙ্গলৰ উদ্দেশ্যে আগবঢ়োৱা সেৱা । এই সম্পৰ্কত হৰিদেৱ গুৰুজনাই কৈছে যে ওপৰত উল্লেখ কৰাৰ দৰে জগতৰ সমস্তৰে প্ৰতি থকা দায়িত্ব আৰু কৰ্ত্তব্য নিস্বাৰ্থভাৱে আৰু সুচাৰুৰূপে পালন কৰি যিকোনো ব্যক্তি ভগৱানৰ দাসত পৰিণত হয় আৰু পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰে ।(আগলৈ)
No comments:
Post a Comment