According to Bhagavata “Vandana” or bowing down in front of the
deity of God is another way of connecting one’s mind with God. In this connection Guru Harideva
tells that if one bows down with his knees, hands, feet, chest and head touched
to the ground and simultaneously engages his mind in the thoughts of God, pray to
God with his speech and engages his inner mental eyesight to see the for deity in front of him, then it is called “Ashtanga Pranama”. That is, engagement of all the eight prime parts of body-mind complex for offering respect to God is
called “Ashtanga Pranama”. By this way a human being can keep his senses of action, senses of knowledge and mind , that is ,the whole body-mind complex connected with the thoughts of God. In this
material world we have son, daughter, wife and many other relatives. We also possess
lands, buildings and other properties. All those relations and possessions are connected
to our body. As soon as we die and leave the body all our relations and
possessions of worldly life come to an end. Also, if one can detach his mind
from those relations and possessions by spiritual practice then also he becomes
free from material attachment while he is alive. But performance of this type of
spiritual practice is very difficult for common people. Guru Harideva tells
that during "Ashtanga pranama" one’s whole body-mind complex is offered to God. Due
to that the mind and senses remain free from all kinds of material attachment
at least for a short period. If this
practice is continued for long time then it becomes a habit of people and his
mind gets gradually purified. In this connection Guru Harideva further tells that
bowing down before the deity is a part of performance of worship also. But offering
of "Ashtanga Pranama" without performance of worship can also bring spiritual
perfection. (to be continued)
ভাগৱতত বন্দন বা প্ৰণাম ঈশ্বৰৰ সৈতে মনৰ সংযোগ সাধন কৰাৰ এটা উপায় বুলি কোৱা হৈছে । এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱানৰ বিগ্ৰহৰ সন্মুখত আঠু লৈ হাত , ভৰি, বুকু আৰু মুৰ মাটিত লগাই মনৰ দ্বাৰা ঈশ্বৰ চিন্তা কৰা, বাক্যৰ দ্বাৰা প্ৰাৰ্থনা কৰা আৰু মানসিক দৃষ্টিৰ দ্বাৰা ভগৱানৰ বিগ্ৰহৰ ৰূপ দৰ্শন কৰা কাৰ্যক সামগ্ৰিকভাৱে অষ্টাঙ্গ প্ৰণাম বুলি কোৱা হয়। অৰ্থাৎ অষ্টাঙ্গ প্ৰণাম হৈছে শৰীৰ-মনৰ আঠোটা প্ৰধান অংশ একেলগে ব্যৱহাৰ কৰি ঈশ্বৰৰ অৰ্থে নিবেদন কৰা প্ৰণাম। এনে ধৰণে কৰা বন্দনৰ দ্বাৰা হস্ত পদাদি কৰ্মেন্দ্ৰিয় আৰু মন , বাক্য , দৰ্শন আদি জ্ঞানেন্দ্ৰিয় ভগৱানত নিবদ্ধ হয় বা সমস্ত শৰীৰ আৰু মন ভগৱানক অৰ্পণ কৰা হয়। এই পাৰ্থিৱ জগতত আমাৰ নিজা বুলিবলৈ পুত্ৰ ,পৰিবাৰ ,আত্মীয় স্বজন , গৃহ সম্পদ , মাটি বাৰী ইত্যাদি যি আছে সেই সমস্তই আমাৰ শৰীৰৰ লগত সম্পৰ্কিত । এই শৰীৰ ত্যাগ কৰাৰ পিচত উক্ত বিষয়-বস্তু সমুহৰ ওপৰত আমাৰ কোনো অধিকাৰ নাথাকে ।শৰীৰ নাশ হোৱাৰ লগে লগে জাগতিক সমস্ত সা-সম্পত্তি ,বিষয়-বস্তু আৰু সম্পৰ্কিত ব্যক্তি সমাজ ইত্যাদি সকলোৰে সৈতে আমাৰ সম্বন্ধ শেষ হৈ যায়। আনহাতে সাধনাৰ দ্বাৰা মনক সেইবিলাক জাগতিক চিন্তা-চৰ্চাৰ পৰা বিচ্ছিন্ন কৰিব পাৰিলে জীৱিত অৱস্থাতো জগতৰ বিষয়-বস্তুৰ প্ৰতি মানুহৰ কোনো প্ৰকাৰৰ আসক্তি নাথাকে। কিন্তু এই ধৰণৰ সাধনা অতি জটিল আৰু সেইকাৰণে সাধাৰণ লোকে তেনে সাধনা কৰা সম্ভৱ নহয়।আনহাতে ওপৰত উল্লেখ কৰা ধৰণে অষ্টাঙ্গ প্ৰণাম কৰিলে অন্ততঃ প্ৰণাম কৰি থকা সময়্খিনিৰ বাবে শৰীৰ আৰু মন ঈশ্বৰ চিন্তাৰ অৰ্থে অৰ্পিত হয় । তাৰ ফলত কিছু সময়ৰ বাবে হ’লেও সাংসাৰিক বিষয়-বস্তুৰ সংস্পৰ্শৰ পৰা শৰীৰ আৰু মন মুক্ত হৈ থাকে । দীৰ্ঘকাল ধৰি দৈনন্দিন বন্দন বা অষ্টাঙ্গ প্ৰণাম কৰি থাকিলে ই অভ্যাসত পৰিণত হয় আৰু তাৰ ফলত ক্ৰমশঃ মনৰ পবিত্ৰতা সাধন হয়। হৰিদেৱ গুৰুজনাই কৈছে যে বন্দন পূজা-অৰ্চনাৰো অপৰিহাৰ্য অঙ্গ । কিন্তু পূজা-অৰ্চনা নকৰাকৈ কেৱল অষ্টাঙ্গ প্ৰণাম বা বন্দন কৰিও পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰি । (আগলৈ)
No comments:
Post a Comment