We know that when one person makes friendship with another person
some bond of unity is established between them. Since human beings do not live
forever this bond of unity also can not be everlasting. Moreover friendly
relation between two persons is established and maintained with so many
conditions. If one person can not fulfill the conditions of friendship imposed
by the other person then their friendship comes to an end. In this connection Guru
Harideva tells that God is the friend of everybody under all conditions. It is the duty of human beings to realize
this fact and accept the friendship of God. But the human beings possess so
many material desires. They expect God’s help for fulfillment of their desires.
They consider God as friend when their desires are fulfilled up to their expectations.
Otherwise, they do not think that God is their friend. Guru Harideva tells that
if a human being accepts the friendship of God without any condition or without
expectation of anything then a bond of affectionate relationship is established
between human being and God. This bond of relationship lasts forever and this
is the true friendship between God and human being. The friendship between
Sudama and Lord Krishna was of this type. In the preceding post it is told that
Sudama returned from Dwaraka with empty hand. No money or any other material
wealth was donated to him by lord Krishna. But still Sudama was fully satisfied
and happy. On his way home he went on analyzing the happenings of each moment
of the period of his stay at dwaraka with lord Krishna .He compared his position
with that of Lord Krishna. Then the thoughts of the embracement of lord Krishna
with a dirty and poor beggar like him, association granted by lord Krishna to
him and the love, affection and services offered to him by the Lord and his consorts in the interior of the royal palace
of Dwaraka came to his mind. Finally, Sudama concluded that sudden gain of money
and material comforts make poor people too proud and arrogant and ultimately they
forget God. When this thought came to his mind Sudama became fully convinced that
Krishna did not give him money and other material wealth to save him from this
type of misfortune. With such conviction in mind Sudama merrily continued his
way back home. Through his teachings Guru Harideva suggests that people should try
to establish this type of ideal friendship with God. (to be continued)
আমি জানো যে যেতিয়া এজন মানুহে অন্য এজন মানুহৰ সৈতে বন্ধুত্ব কৰে তেতিয়া দুয়োৰে মাজত এক প্ৰকাৰৰ একত্বৰ বন্ধন সৃষ্টি হয় ।যিহেতু মানুহ চিৰকাল জীয়াই নাথাকে সেই কাৰণে দুজন মানুহৰ মাজৰ বন্ধুত্বও চিৰস্থায়ী নহয় ।তদুপৰি দুজন মানুহৰ মাজত বন্ধুত্ব স্থাপন আৰু সেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক চলাই নিয়াৰ ক্ষেত্ৰত অনেক চৰ্ত্ত অন্তৰ্নিহিত হৈ থাকে । যদি কোনো এজনে আৰোপ কৰা চৰ্ত্তসমুহ আনজনে সঠিকভাৱে পালন নকৰে তেন্তে বন্ধুত্বৰো সমাপ্তি ঘটে । এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে ঈশ্বৰৰ সৈতে কৰা বন্ধুত্বৰ বেলিকা কথাবিলাক তেনেকুৱা নহয় । ঈশ্বৰ সকলো সময়তে আৰু সকলো পৰিস্থিতিতে সকলো জীৱৰ বন্ধু । এই কথা উপলব্ধি কৰা আৰু ঈশ্বৰক পৰম বন্ধুৰূপে গ্ৰহণ কৰা মানুহৰ কৰ্ত্তব্য্। কিন্তু মানুহৰ মনত অনেক প্ৰকাৰৰ কামনা-বাসনা থাকে । মানুহে এই কামনা-বাসনাসমুহৰ পূৰণৰ অৰ্থে সহায় পোৱাৰ আশা কৰি ঈশ্বৰৰ ওচৰ চাপে । ভৱামতে আশা-আকাংক্ষা পূৰণ হ’লে তেওঁলোকে ঈশ্বৰক বন্ধু বুলি ভাৱে আৰু আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰা ঈশ্বৰক বন্ধু হিচাপে গণ্য নকৰে ।হৰিদেৱ গুৰুজনাই কৈছে যে মানুহে যদি বিনিময় হিচাপে একো পোৱাৰ আশা নকৰাকৈ ঈশ্বৰৰ সৈতে বন্ধুত্ব স্থাপন কৰে অৰ্থাৎ ঈশ্বৰ পৰম বন্ধু বুলি বিশ্বাস কৰি চলে তেন্তে ঈশ্বৰ আৰু মানুহৰ মাজত এক প্ৰেম আৰু বিশ্বাসৰ বন্ধন স্থাপন হয় । ঈশ্বৰ আৰু জীৱৰ এই প্ৰেমবন্ধন চিৰস্থায়ী হয় আৰু ইয়াকে প্ৰকৃতাৰ্থত মানুহ আৰু ঈশ্বৰৰ মাজৰ বন্ধুত্ব বুলি গুৰুজনাই কৈছে। ভাগৱতত বৰ্ণনা কৰা সুদামা আৰু শ্ৰীকৃষ্ণৰ মাজৰ বন্ধুত্ব এই পৰ্যায়ৰ আছিল। ইয়াৰ আগৰ লিখনিটোত কোৱা হৈছে যে সুদামাই খালী হাতে দ্বাৰকাৰ পৰা নিজ গৃহ অভিমুখে ফিৰি আহিছিল। কৃষ্ণৰ পৰা তেওঁ টকা পইচা বা কোনো বৈষয়িক সা-সম্পদ পোৱা নাছিল ।কিন্তু দ্বাৰকাৰ ৰাজপ্ৰাসাদত ভগৱান কৃষ্ণ আৰু তেওঁৰ প্ৰধান মহিষী সকলৰ পৰা তেওঁ যি আদৰ-যত্ন আৰু সেৱা-সুশ্ৰূষা পাইছিল তাতেই তেওঁ পূৰ্ণ সন্তোষ লাভ কৰিছিল। আনন্দ মনে ঘৰলৈ আহি থাকোতে তেওঁ দ্বাৰকাৰ ৰজপ্ৰাসাদত ভগৱান শ্ৰীকৃষ্ণৰ সৈতে কটোৱা সময়ছোৱাত ঘটা ঘটনা সমুহৰ স্মৃতি পুংখানুপুংখভাৱে বিচাৰ বিশ্লেষণ কৰি চাইছিল। তেওঁ নিজৰ অতি নিঃকিন অৱস্থাৰ সৈতে ভগৱান কৃষ্ণৰ অৱস্থাৰ তুলনা কৰি চাইছিল ।ভগৱান কৃষ্ণৰ দৰে পৰম পুৰুষে তেওঁৰ দৰে এজন নিঃকিন ভিক্ষাৰীক অলিঙ্গন দান কৰা , সকলো সময়তে তেওঁক সঙ্গদান কৰা, ৰাজপ্ৰাসাদৰ অন্তেষপুৰত তেওঁৰ দৰে এজন ব্যক্তিক আদৰ-স্নেহ আৰু ৰাজআতিথ্য প্ৰদান কৰি ৰাজমহিষী সকলৰ সৈতে স্বয়ং ভগৱান কৃষ্ণই সেৱা শুশ্ৰূষা কৰা ইত্যাদি কথা এটা এটাকৈ তেওঁৰ মনলৈ আহিছিল । সকলো কথা চালি-জাৰি চাই সুদামা নিশ্চিত হৈছিল যে অতিশয় দুখীয়া মানুহে হঠাতে ধন-সম্পত্তি লাভ কৰিলে গৰ্ব-অহংকাৰৰ বশৱৰ্ত্তী হৈ ঈশ্বৰক পাহৰি যোৱাৰ সভাৱনা থাকে আৰু সেই কাৰণে ভগৱান কৃষ্ণই তেওঁৰ মঙ্গলৰ কথা চিন্তা কৰি ধন-সম্পদ একো দিয়া নাই। এনেদৰে চিন্তা কৰি সুদামাই আনন্দ মনেৰে ঘৰলৈ গৈ আছিল । হৰিদেৱ গুৰুজনাই দিয়া শিকনিৰ মাধ্যমতো ঈশ্বৰৰ সৈতে এনে প্ৰকাৰৰ বন্ধুভাৱ গ্ৰহণ কৰাৰ বাবে চেষ্টা কৰাৰ উপদেশ দিয়া হৈছে । (আগলৈ)
No comments:
Post a Comment