Large varieties
of material objects are required for performance of worship. Also, rich people,
kings and other big personalities are advised by the scriptures to built
temples, donate land , properties and arrange big festivals etc for this
purpose. Now, a question may arise as whether God grants benefits to the
worshipers in exchange of those material objects? Answering such question Guru
Harideva tells that the whole universe along with all living and nonliving
entities within it constitutes the Body of God. He is the owner of the entire
universe. He is the greatest of all.He is omnipotent, omnipresent and
omniscient entity. We, the people have something and do not have something in
our possession. So, if someone gives something which is not available with us
we become satisfied. But there is not a single thing in this world which is not
possessed by God. Under such condition there is nothing in this world which can
be offered to God to satisfy him. Guru Harideva tells that the suggestions
given in the scriptures to worship God with offerings of material objects are
meant for the welfare, satisfaction and purification of the worshipers. According
to him all works, big or small, related with worship of God are considered as
worship only. That is, the benefit of worship obtained by kings, rich man etc
by spending huge money for construction of temple and a simple worker who
sincerely render his manual service for the same work are said to be the same.
The worship of the priest who sits in front of deity and chants Mantra and the
worship of a man who clean the place of worship, collect various types of
materials and supply to the priest for offering are the same. Guru Harideva
suggests that out of ego or laziness people should not take meal before
completion of worship. After completion of worship people should respectfully
accept the bathed water, flowers and foodstuffs etc offered to the deity as per
scriptural injunctions. It is also said that strict observance of these rules
and regulation is also considered as worship .In the Bhagavata it is told that people who extend any kind of help
in any manner in the process of worship , encourage people to perform worship
or even permit other people to perform worship get the benefits of performance
of worship. (to be continued)
পূজা-অৰ্চনা কৰোতে অনেক প্ৰকাৰৰ দ্ৰব্য সামগ্ৰীৰ প্ৰয়োজন হয় বুলি কোৱা হৈছে ।ৰজা-মহাৰজা, সম্পদশালী গৃহস্থই মন্দিৰ আদি নিৰ্মাণ কৰাৰ কথা কোৱা হৈছে , ভূমি দান , ঐশ্বৰ্য-সম্পদ আদি দান দিয়াৰ কথা কোৱা হৈছে , উৎসৱ মহোৎসৱ পতাৰ বিধান দিয়া হৈছে । এতিয়া প্ৰ্শ্ন হ’ব পাৰে যে জাগতিক বয়-বস্তুৰ দ্বাৰা পূজা কৰিলে তাৰ বিনিময়ত ভগৱান সন্তুষ্ট হৈ পূজকৰ মনোবাঞ্ছা পূৰণ কৰে নেকি ?এনে সংশয়ৰ সমাধান দি হৰিদেৱ গুৰুজনাই কৈছে যে জীৱ-জড় আদিৰে পৰিপূৰ্ণ সমস্ত ব্ৰহ্মাণ্ড ভগৱানৰ শৰীৰ ।
ত্ৰিপাদ ব্ৰহ্মাণ্ডৰ তেওঁ অধিপতি ।
ঈশ্বৰ সবাতোকৈ মহান আৰু সবাতোকৈ গভীৰ তত্ববস্তু।
ঈশ্বৰ
সৰ্বব্যাপ্ত ,সৰ্বজ্ঞ আৰু সৰ্বশক্তিমান ।আমাৰ দৰে মানুহৰ কিবাকিবি থাকে আৰু কিবাকিবি নাথাকে ।
যি বস্তু নাথাকে অন্যৰ পৰা তেনে বস্তু পালে আমাৰ মনত সন্তোষ হয় । কিন্তু জগতত এনে একো বস্তু নাই যি বস্তুৰ গৰাকী ঈশ্বৰ নহয় ।
তেনে ক্ষেত্ৰত জগতত এনে কি বস্তু থাকিব পাৰে যাক দি ভগৱানক সন্তুষ্ট কৰিব পাৰি ? হৰিদেৱ গুৰুজনাৰ মতে নিজৰ মঙ্গল, সুখ-সন্তোষ আৰু
আত্মশুদ্ধিৰ অৰ্থেহে নিজ নিজ সামৰ্থ্য অনুসৰি ভগৱানৰ পূজা কৰাৰ উপদেশ শাস্ত্ৰত দিয়া হৈছে । হৰিদেৱ গুৰুজনাই কৈছে পূজা-অৰ্চনাৰ সৈতে জড়িত সৰু বৰ সকলো প্ৰকাৰ কৰ্ম পূজা অৰ্চনাৰে অঙ্গ ।
মন্দিৰ নিৰ্মাণ আৰু তাৰ সৈতে সংযুক্ত অন্যান্য কাৰ্যত অৰ্থব্যয় কৰি ৰজা-মহাৰজা আৰু ধনী ব্যক্তিয়ে যি ফল পায় আন্তৰিকতা সহকাৰে নিৰ্মাণ কাৰ্যত সহায় কৰা শ্ৰমিকেও সেই একে ফল লাভ কৰে ।আসনত বহি মন্ত্ৰপাঠ কৰা পুৰোহিতৰ কৰ্ম যি অৰ্থত পূজা সেই একে অৰ্থতে পূজা-অৰ্চনাৰ স্থান পৰিষ্কাৰ কৰা , ফুল-তুলসী , অন্যান্য দ্ৰব্য যা-যোগাৰ কৰি যতনাই দিয়াকে ধৰি সৰু বৰ সকলো কৰ্ম সেই একে অৰ্থতে পূজা বুলি ধৰা হয় ।
গুৰুজনাই আৰু কৈছে যে মদগৰ্ব আৰু আলস্যৰ বশবত্তী হৈ পূজা-অৰ্চনা সমাপ্ত হোৱাৰ পূৰ্বে ভোজন কৰিব নালাগে ।
পূজা সমাপ্ত হোৱাৰ অন্তত ভক্তিভৰে প্ৰণাম কৰি বিষ্ণুৰ পাদোদক পান কৰিব লাগে , নিৰ্মালি শিৰত ধাৰণ কৰিব লাগে আৰু প্ৰসাদ গ্ৰহণ কৰিব লাগে ।
শ্ৰদ্ধা আৰু ভক্তি সহকাৰে কৰা এনে আচৰণৰ দ্বাৰাও পূজা অৰ্চনাৰ সম্পূৰ্ণ শুভ ফল লাভ কৰিব পাৰি ।
ভাগৱততো কোৱা হৈছে যে যিসকলে পূজা অৰ্চনা আদি মাঙ্গলিক কাৰ্যত সাহায্য কৰে ,এনে কৰ্মত প্ৰেৰণা যোগায় অথবা অনুমোদন কৰে তেওঁলোকেও পূজা-অৰ্চনা সম্পাদনকাৰীৰ দৰেই ফল লাভ কৰে ।(আগলৈ)
No comments:
Post a Comment