Scriptures tell
that Lord Vishnu is omnipresent Ultimate Truth or supreme God. Krishna, Vishnu, Hari, Narayana etc are
different names used by Guru Harideva to
indicate this supreme God or the single Ultimate
Truth. Without going through the details of the significance, glories etc of different names of the God Almighty , it
can simply be said that through the education system of his Satra Institution Guru Harideva tried his
best to make common people realize the single
Ultimate Truth present behind all those names. Guru Harideva tells that nothing
in the creation is separate from Lord Vishnu. Also nothing remains outside of Lord Vishnu or
nothing can exist independent of Lord Vishnu. Based on his teachings we can try
to understand the points as follows. There are hands ,feets , eyes,nose ,ears
and many other physical organs in our
body . Also ,there are mind, intelligence, senses and other subtle organs in
our body. Respiratory system, digestive systems , blood circulation system etc
are examples of some of the systems of operation of our body . Nothing of those
can be separated from the body, nothing can physically exist in absence of the
body and nothing can work without the body. Similar is the relation between God
and his creation. Again, each gross physical organ, each subtle organ, each system
of operation function smoothly when food and nutrients are supplied to the
stomach. In a similar way worship offered to Lord Vishnu can satisfy the entire
creation. Citing the example of tree Guru Harideva further tells that when water is supplied to the roots of a tree
it reaches the stem ,branches, leafs
,flowers , fruits etc and nourishes the entire tree . In a Similar way the worship
offered to omnipresent lord Vishnu means worship of everything of the entire
creation. In this regard clearing all doubts from the mind of people interested
in worship of different demigods, Guru Harideva further tells that Brahma is the lord of the highest heaven
within the creation . He possesses the highest status among the demigods. He is
worshiped by other powerful demigods and Goddesses. But Lord Vishnu or Krishna
or Narayana is the God Almighty for Lord Brahma also . This is because Lord
Brahma and his abode Brahmaloka is created ,sustained and destroyed by Lord
Vishnu . The body of Lord Brahma is constructed with five basic material
elements like bodies of all other things in the creation . As like as the soul of others, Lord Vishnu is
the soul and controller of the
activities of Lord Brahma. As like as all other things of the creation , Lord
Brahma also can not exist separated from the omnipotent , omnipresent and
omniscient Lord Vishnu. Analyzing the things in this way Guru Harideva further
tells that by the worship of Lord Vishnu
one worships all demigods as a whole . (to be continued)
শাস্ত্ৰত কোৱা হৈছে যে ভগৱান বিষ্ণু সৰ্বব্যাপ্ত পৰম তত্ব । হৰিদেৱ গুৰুজনাই বিভিন্ন প্ৰসঙ্গত এই এক আৰু একক পৰমত্বক বুজাবৰ বাবে পৰমেশ্বৰ, পৰমাত্মা, কৃষ্ণ , বিষ্ণু , হৰি, নাৰায়ণ ইত্যাদি বিভিন্ন নাম ব্যৱহাৰ কৰিছে। বিভিন্ন নামৰ বিভিন্ন অৰ্থ ,তাৎপৰ্য , মাহাত্ম্য ইত্যাদি গুঢ় তত্বৰ মাজলৈ নোযোৱাকৈও ক’ব পাৰি যে গুৰুজনাই সত্ৰানুষ্ঠানৰ জৰিয়তে দিয়া শিক্ষাৰ জৰিয়তে সাধাৰণ মানুহক এইবিলাক নামৰ অন্তৰালত থকা সৰ্বব্যাপক একক অদ্বিতীয় তত্ববস্তুৰ জ্ঞান দিয়াৰ চেষ্টা কৰিছে । গুৰুজনাই কৈছে যে সমগ্ৰ সৃষ্টিত প্ৰকাশ হোৱা জীৱ-জড় , স্থাৱৰ্-জঙ্গম ইত্যাদি একো বস্তু এই সৰ্বব্যাপ্ত তত্ববস্তু বা ভগৱান বিষ্ণুৰ পৰা পৃথক নহয় । ভগৱানক বিষ্ণুৰ বাহিৰত একো বস্তু নাই আৰু সেই দৃষ্টিকোণৰ পৰা চালে ভগৱান বিষ্ণুক সন্তুষ্ট কৰা মানেই সৃষ্টিৰ সমস্ত বস্তুৰ সন্তোষ বিধান কৰা । গুৰুজনাই দিয়া শিক্ষাৰ আলমত কথাখিনি বুজাৰ চেষ্টা আমি তলত দিয়া ধৰণে চিন্তা কৰিব পাৰো । আমাৰ শৰীৰত হাত , ভৰি , নাক, কাণ, চকু ,মুখ ইত্যাদি অনেক স্থূল অঙ্গ অছে । মন ,বুদ্ধি , ইন্দ্ৰিয় ইত্যাদি সুক্ষ্ম অঙ্গও আমাৰ শৰীৰৰ অন্তৰ্গত । আনহাতে আমাৰ শৰীৰত শ্বাস-প্ৰশ্বাস, খাদ্য পৰিপাক ,ৰক্ত সঞ্চালন ইত্যাদি পৰিচলনাৰ বাবে বহুকেইটা সুশৃঙ্খল প্ৰণালীবদ্ধ ব্যৱস্থাই অহৰহ কাম কৰি থাকে । এইবিলাকৰ একোৱে শৰীৰৰ পৰা পৃথক নহয়, একোৱে শৰীৰৰ বাহিৰত নাই আৰু শৰীৰক বাদ দি এইবোৰৰ অস্তিত্বৰ কথা চিন্তা কৰিব নোৱাৰি। ঈশ্বৰ আৰু সৃষ্টিৰ মাজত থকা সংযোগ এনে ধৰণৰ বুলি কোৱা হৈছে । আকৌ উপযুক্ত খাদ্য আৰু পোষক পদাৰ্থ শৰীৰৰ যথাস্থানত যোগান ধৰিলে সমগ্ৰ শৰীৰ অৰ্থাৎ শৰীৰৰ সৈতে সংযুক্ত সকলো অঙ্গ-প্ৰত্যঙ্গ আৰু পৰিচালনা ব্যৱস্থা সুস্থ আৰু সক্ৰিয় হৈ থাকে। একেদৰে ভগৱান বিষ্ণুৰ উদ্দেশ্যে আগবঢোৱা পূজা সমগ্ৰ জগতৰ সকলোৰে পূজা । গুৰুজনাই গছৰ উদাহৰণ দি পুনৰায় কৈছে যে গুৰিত অৰ্থাৎ শিপাই লগ পোৱাকৈ জলসিঞ্চন কৰিলে গছৰ ডাল-পাত ,ফল ফুলকে ধৰি সকলো অংশই সেই পানীৰ ভাগ পায় আৰু সমগ্ৰ গছৰে পুষ্টি সাধন হয়। অৰ্থাৎ শিপাই লগ পোৱাকৈ যেগান ধৰা পানী আৰু অন্য পুষ্টিকাৰক তত্ব গছৰ সমগ্ৰ শৰীৰতে যথাযথভাৱে ব্যাপ্ত হৈ পৰে । একেদৰে সৰ্বব্যাপক তত্ব অৰ্থাৎ ভগৱান বিষ্ণুক পূজা-অৰ্চনা কৰিলে জগতৰ সমস্তৰে সন্তোষ সাধন কৰা হয় । এই বিষয়ত বিভিন্ন দেৱী-দেৱতাৰ পূজাৰ প্ৰতি আগ্ৰহ থকা মানুহৰ মনত উদ্ভৱ হ’ব পৰা সকলো প্ৰকাৰৰ সন্দেহ নিবাৰণ কৰাৰ অৰ্থে হৰিদেৱ গুৰুজনাই কৈছে যে সৃষ্টিকৰ্ত্তা ব্ৰহ্মা জগতৰ উচ্চতম লোকৰ অধিপতি আৰু সমস্ত দেৱী-দেৱতাৰ ভিতৰত ব্ৰহ্মাৰ স্থান সৰ্বোচ্চ। ব্ৰহ্মাক অন্য সমস্ত দেৱী-দেৱতাই পূজা-অৰ্চনা কৰে। কিন্তু ভগৱান বিষ্ণু বা কৃষ্ণ বা নাৰায়ণ ব্ৰহ্মাৰো পূজ্য ঈশ্বৰ।ইয়াৰ কাৰণ ব্ৰহ্মলোক আৰু ব্ৰহ্মাৰো উৎপত্তি ,স্থিতি আৰু বিনাশ আছে।মানুহৰ শৰীৰৰ দৰে ব্ৰহ্মাৰ শৰীৰো পঞ্চভূতৰ দ্বাৰা নিৰ্মিত। মানুহৰ হৃদয়ত থকাৰ দৰে ব্ৰহ্মাৰ হৃদয়তো ভগৱান বিষ্ণু আত্মাৰূপে অৱস্থিত হৈ থাকে আৰু ব্ৰহ্মাৰ শক্তি আৰু কাৰ্য নিয়ন্ত্ৰণ কৰে ।মানুহ আৰু সৃষ্টিৰ অন্যান্য জীৱ-জড় ,স্থাৱৰ-জঙ্গম বস্তুৰ দৰে ব্ৰহ্মাও সৰ্বব্যাপক সনাতন তত্ব বা ভগৱান বিষ্ণুৰ পৰা পৃথক নহয়। এনেদৰে বিচাৰ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে বিষ্ণুৰ পূজা-উপাসনাৰ দ্বাৰা সামগ্ৰিকভাৱে সমস্ত দেৱী-দেৱতাৰ উপাসনা কৰা হয় । (আগলৈ)
No comments:
Post a Comment