In the Bhagavata “Pada Sevana” is mentioned as a way of
connecting one’s mind with God. Guru Harideva explains “Pada Sevana” as follows.
There are temples, shrines and other places of worship. Different deities are
worshiped there. For conducting worship of those deities different types of offerings, flowers, sandal
paste and so many other items are required. Playing of various types of musical
instruments, singing, dancing etc are essential religious traditions of some of those places of worship. Land, building, garden, gold, money and many other properties are available
with those places of worship. There is one class of people who render selfless
service to keep those deities of worship clean and decorated in a nice way. They collect
the items required for conduction of the worship of the deities and extend all other necessary services for that purpose. They maintain the temples, campus of the
temples, gardens, land, buildings and all other belongings of the temples and other places of worship in
proper ways. Guru Harideva tells that by rendering selfless services of those types
one can keep his mind connected with God and these are parts of “Pada Sevana”.Also,
many people visit those places of worship .Among them Ladies, children, old people, sick and weak
people may be there . People from distant places also come to those places of
worship. So, there are requirements of
various types of services like fooding ,lodging , treatment, transportation, protection,
guidance etc for the visitors of those places. There is one class of
people who build guest houses, dispensaries and other infrastructure needed by the visitors. Some people provide food items, medicine, transportation
facilities etc for the visitors. Another class of people voluntarily comes
forward to serve the visitors by utilization of the facilities and provisions
mentioned above. In this way a large number of people render various kinds of services to the places
of worship and the visitors of those places. According to Guru Harideva those
selfless services rendered by people are related
to God and “Pada Sevana” means this type of attachment of one’s mind
with God. He also tells that due to practice of “Pada Sevana” one’s mind
becomes free from ego or his feeling of separation from others. Guru Harideva tells that when one’s mind
becomes free from ego by serious performance of “Pada Sevana”, people can realize
the pain and pleasure of other people and gradually become able to feel that nothing
of this world is separate from God . (to
be continued)
ভাগৱতত পাদ-সেৱন ঈশ্বৰৰ সৈতে মনৰ সংযোগ সাধন কৰাৰ এটা উপায় বুলি কোৱা হৈছে। হৰিদেৱ গুৰুজনাই পাদ-সেৱনৰ বিষয়ে তলত উল্লেখ কৰা ধৰণে মত প্ৰকাশ কৰিছে । ঈশ্বৰৰ উপাসনাৰ বাবে মন্দিৰ, আশ্ৰম, ইত্যাদিকে ধৰি অনেক ধৰণৰ উপাসনাৰ স্থান আছে। সেইবোৰ স্থানত ঈশ্বৰৰ বিভিন্ন প্ৰকাৰৰ উপাস্য বিগ্ৰহৰ উপসনা কৰা হয়। সেই উপাস্য বিগ্ৰহসমুহৰ পূজা-সেৱা কৰাৰ বাবে ভোগ-প্ৰসাদ ,ফুল , চন্দন ইত্যাদিকে ধৰি অনেকবিধ সামগ্ৰ্ৰীৰ প্ৰয়োজন হয় । বিভিন্ন উপসনা স্থানত সেৱা-পূজাৰ নিয়ম অনুসৰি বিভিন্ন প্ৰকাৰ বাদ্যযন্ত্ৰ বজোৱা হয় আৰু সংগীত-নৃত্য ইত্যাদি পৰিবেশন কৰা হয় । মন্দিৰ, আশ্ৰম ইত্যাদিৰ অধিকাৰত মাটি , ঘৰ , বাগিছা, ধন-সোণ ইত্যাদিও থাকে। এক শ্ৰেণীৰ লোকে উপাস্য বিগ্ৰহ, মঠ-মন্দিৰ চাফ-চিকুণ কৰি ধুনীয়াকৈ সজাই পৰাই ৰাখে । পূজা-সেৱাৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী সংগ্ৰহ কৰি যোগান ধৰে । প্ৰয়োজনমতে বাদ্য, সংগীত-নৃত্য আদি পাৰিবেশনৰ ব্যৱস্থা কৰে । মন্দিৰৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ তদাৰক কৰা , হিচাপ-পত্ৰ ৰখা , বাগিছাত ফুল্-ফল ৰোৱা আৰু যত্ন কৰা ইত্যাদি কাম কৰে । হৰিদেৱ গুৰুজনাই কৈছে যে এইবিলাক কৰ্মৰ দ্বাৰা ঈশ্বৰৰ সৈতে মনৰ সংযোগ ৰক্ষা হয় আৰু নিস্বাৰ্থভাৱে কৰা এনে সেৱামূলক কৰ্মসমুহ পাদ-সেৱনৰ অঙ্গ ।আনহাতে উপাসনাৰ স্থানসমুহলৈ অনেক লোক ভ্ৰমণ আৰু উপাসনাৰ কৰাৰ বাবে আহে ।সেই সকলৰ ভিতৰত স্ত্ৰী ,শিশু ,বৃদ্ধ , ৰোগাক্ৰান্ত আৰু দুৰ্বল ব্যক্তিও থাকে । কিছুসংখ্যক লোক
দূৰ-দূৰণিৰ পৰাও আহে । এই সকল লোকৰ বাবে খাদ্য, আশ্ৰয় ,চিকিৎসা , সুৰক্ষা, যাতায়াত ব্যৱস্থা ইত্যাদিৰ প্ৰয়োজন হয় । সেই প্ৰযোজন পূৰাবৰ বাবে এক শ্ৰেণীৰ লোকে উপাসনাস্থলী সমুহত অতিথিশালা , চিলিৎসালয় ইত্যাদি নিৰ্মাণ কৰে । কিছুমান লোকে খাদ্য ,ঔষধ ,বস্ত্ৰ ,যান-বাহন আদিকে ধৰি প্ৰয়োজনীয় সা-সামগ্ৰী যোগান ধৰে । অন্য এচামে আকৌ ওপৰোক্ত সুযোগ-সুবিধাসমুহ ব্যৱহাৰ কৰি উপাসনাস্থলীলৈ অহা লোকসকলৰ সেৱাশুশ্ৰুষা কৰে । হৰিদেৱ গুৰুজনাৰ মতে এনে ধৰণৰ সেৱামূলক কৰ্মসমুহৰ মাধ্যমত ঈশ্বৰৰ সেৱা কৰা হয় আৰু ইয়াকে পাদ-সেৱন বুলি কোৱা হয় । গুৰুজনাই কৈছে যে নিস্বাৰ্থভাৱে কৰা পাদ-সেৱনৰ ফলত মনৰ অহংকাৰ নাশ হয় অৰ্থাৎ নিজকে আনতকৈ পৃথক বুলি ভৱা মনোভাৱ বিলুপ্ত হয় । অহংকাৰমুক্ত পবিত্ৰ মনৰ মানুহে অন্য মানুহৰ সুখ-দুখ উপলব্ধি কৰিব পাৰে আৰু ক্ৰমান্বয়ে জগতৰ একো বস্তু ঈশ্বৰৰ পৰা পৃথক নহয় বুলি উপলব্ধি কৰে ।(আগলৈ)
No comments:
Post a Comment