“Smarana” or remembrance is another way of keeping one’s mind fully
connected with God. Guru Harideva tells that by continuous remembrance of the
names and glories of Lord Krishna the people of Kaliyuga can attain spiritual perfection.
We know that the mind of human being remains always occupied with so many
thoughts. Those thoughts may be good or evil. Suitable conditions are required
for conversion of both types of thoughts into action. As a human being we can
not express all our thoughts through our activities. Thoughts acceptable for a
human society can only be converted into action by a man living in a human
society. If evil thoughts of one’s mind are converted into action then a human
being becomes liable to punishment as per rules and regulation of human
society. Under such condition the evil thoughts or thoughts not acceptable in a
human society can not be converted into action. In this way a huge stock of
thoughts of evil nature remain hidden in a human mind. We know that a poisonous
snake may remain in attacking mood with raising hood or it may be lying peacefully
in coiled state. In both the conditions the snake is equally poisonous. Also,
a snake lying peacefully in coiled state may raise its hood and attack us in
any moment if some disturbance is created. In a similar way the evil thoughts
lying hidden in the mind of people may suddenly come into action as and when
suitable situations are created for that purpose. In this way a person known to
be good by the society may suddenly become an evil person. In our practical
life we witness such happenings in the human society. Guru Harideva tells that
by “Smarana” the mind remains always occupied with thoughts of Lord Krishna. Under
such condition the evil thoughts of human mind remain suppressed. Then those thoughts gradually
become weaker and finally get destroyed due to purification of mind. Narrating
advantages of “Smarana” Guru Harideva further tells that for “Smarana” or
remembrance of the holy names and glories of Lord Krishna no rules and
regulation of any kind is required to be followed. People can do this at any
time, under any condition of life. A person while doing his day to day material
activities can also bring lord Krishna and his glorious activities into his memory.
In this way every person can keep his mind always engaged in the thoughts of
Lord Krishna. (to be continued)
ঈশ্বৰৰ সৈতে মানুহৰ মনৰ সংযোগ সাধন কৰাৰ অন্য
এটা উপায় হৈছে স্মৰণ।হৰিদেৱ গুৰুজনাই কৈছে যে অবিৰাম ভাৱে ভগৱান কৃষ্ণৰ নাম-গুণ-মাহাত্ম্য
স্মৰণ কৰি কলিযুগৰ মানুহে পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰে।আমি
জানো যে মানুহৰ মন অনেক প্ৰকাৰৰ ভাৱনাৰে ভৰি থাকে ।
ইয়াৰে কিছুমান সৎ ভাৱনা আৰু কিছুমান অসৎ ভাৱনা ।
সৎ আৰু অসৎ উভয় প্ৰকাৰ ভাৱনা কাৰ্যৰ জৰিয়তে প্ৰকাশিত হ’বৰ বাবে কিছুমান নিৰ্দিষ্ট পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হ’ব লাগে।মানুহ
হিচাপে থাকি মানৱ মনৰ সমস্ত ভাৱনা কাৰ্যত পৰিণত কৰা সম্ভৱ নহয়।
সমাজত বাস কৰা মানুহে মানৱ সমাজৰ বাবে গ্ৰহণযোগ্য ভাৱনা সমুহহে
কাৰ্যত পৰিণত কৰিব পাৰে। মনৰ
অসৎ ভাৱনাৰ দ্বাৰা পৰিচালিত হৈ মানৱ সমাজৰ বাবে অগ্ৰাহ্য অসৎ কাম কৰা ব্যক্তিয়ে
সমাজৰ নিয়মমতে শাস্তি পায় ।
এইবিলাক কাৰণতে মানৱ সমাজত থাকি মনৰ অসৎ ভাৱনা বা মানৱ সমাজে গ্ৰহণ কৰিব নোৱাৰা ভাৱনা অনুসৰি একো কাম কৰা
সম্ভৱ নহয়। ইয়াৰ
ফলত মানুহৰ মনত অনেক প্ৰকাৰৰ অসংখ্য অসৎ ভাৱনা সুপ্ত অৱস্থাত জমা হৈ থাকে ।আমি
জানো যে বিষধৰ সাপ ফেঁট তুলি আক্ৰমণাত্ম অৱস্থাতো থাকে আৰু কুণ্ডলী পকাই শুইও থাকে
। এই উভয় অৱস্থাৰ সাপ সমানে মাৰাত্মক ।
কুণ্ডলী পকাই শান্ত হৈ শুই থকা সাপকো অলপ আমনি কৰিলে ফেঁট মেলি আক্ৰমণৰ বাবে সাজু
হয়।একেদৰে
উপযুক্ত পৰিবেশ সৃষ্টি হ’লে মানুহৰ মনত
সুপ্ত অৱস্থাত থকা অসৎ ভাৱনা জাগ্ৰত হয়।
তেতিয়া মানুহে যিকোনো অশুভ কাৰ্য সংঘটিত কৰিব
পাৰে । এনেদৰে সমাজত সৎ ব্যক্তি হিচাপে পৰিচিত
মানুহেও হঠাতে অসৎ ব্যক্তিত পৰিণত হ'ব পাৰে । মানৱ
সমাজত ঘটি থকা এনে ঘটনা আমি প্ৰায়ে দেখা পাওঁ ।হৰিদেৱ
গুৰুজনাই কৈছে যে স্মৰণৰ দ্বাৰা মনক কৃষ্ণ ভাৱনাত ব্যস্ত কৰি ৰাখিলে মনৰ ভিতৰত
সুপ্ত অৱস্থাত থকা অশুভ ভাৱনা দমন হৈ থাকে আৰু লগতে স্মৰণৰ ফলত মনৰ পবিত্ৰতা সাধন
হোৱা হেতুকে অসৎ ভাৱনাসমুহ ক্ৰমান্বয়ে দুৰ্বল হৈ বিনাশপ্ৰাপ্ত হয়।
স্মৰণৰ অন্যান্য সুবিধাসমুহ বৰ্ণনা কৰি হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণৰ
পবিত্ৰ নাম-গুণ-মহিমা স্মৰণ কৰাৰ বাবে একো নীতি-নিযম পালন কৰাৰ প্ৰয়োজন নহয়।স্মৰণ যিকোনো সময়তে বা যিকোনো
পৰিস্থিতিতে কৰিব পাৰি । আনকি মানুহে দৈনন্দিন
সাংসাৰিক কাজ-কৰ্ম কৰি থকাৰ সময়তো মনেৰে ভগৱানৰ নাম-গুণ-মহিমা স্মৰণ কৰা সম্ভৱ ।এনেদৰে
প্ৰত্যেক ব্যক্তিয়ে নিজৰ মনক কৃষ্ণভাৱনাত ব্যস্ত কৰি ৰাখিব পাৰে ।
(আগলৈ)
No comments:
Post a Comment