Bhagavata suggests that as a human being we should try to attain
spiritual perfection and worship Lord Vishnu is a way for that. Also, with many
elaborations and arguments Bhagavata tries to convince us why Lord Vishnu or
Krishna is to be worshiped for attainment spiritual perfection or self
realization. But regarding how to perform worship Bhagavata gives some outlines
only and then suggests us to follow instructions contained in some other
scriptures. Bhagavata suggests that one deity representing any name and form of
Lord Vishnu according to the choice of the worshiper is to be installed first.
Then sitting in front of that deity the worshiper should chant specific mantras
and offer prayers, pranama, flowers, fruits, water and all other offerings to
Lord Vishnu. All activities as above should to be performed with strict
observation of the rules and regulations mentioned in the regulatory books. It
is said that there are regulatory books on Vedic system of worship, on Tantric
system of worship and also on combination of both Vedic and Tantric systems of
worship. Bhagavata suggests that one should perform worship by strictly
following the rules and regulations mentioned in any of the above regulatory
books. Now, a question may arise here as whether the worship is to be performed
by a man himself or he can engage some other competent person for that purpose? Answering this question Bhagavata
tells that if a person becomes able to perfectly learn the mantras and procedure of application of mantras from his
spiritual master or Guru and can strictly follow all rules and regulations
mentioned in the regulatory books, then he can perform worship by himself.
Otherwise he should engage other competent person for performance of worship on
his behalf. In the regulatory book itself the qualification of a person who can
perform worship on behalf of others and their duties and responsibilities are
clearly indicated. This class of people is called Ritwika or priest. For the welfare of Yajamana
or people interested in worship the Ritwikas or priests are authorised to sale
their time, labour, knowledge and expertise in lieu of fees called “dakshina”. The
Yajamana or people interested in worship can pay dakshina and hire the services
of those Ritwikas to perform worship on behalf of him. It is said that since
the services of Ritvika or priest are purchased by the Yajamana or person
interested in performance of worship, the results of worship performed by a Ritwika
in accordance with instructions contained in the regulatory books come to the
Yajamana. Guru Harideva was a strict follower of those instructions contained
in the Vedic scriptures and these are parts of the religious
teachings of his Satra Institution. (to be continued)
ভাগৱতত কোৱা হৈছে যে প্ৰত্যেক মানুহে পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰাৰ বাবে চেষ্টা কৰিব লাগে আৰু ভগৱান বিষ্ণুৰ পূজা-অৰ্চনা ইয়াৰ এক উপায় ।
পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰাৰ বাবে কিয় ভগৱান বিষ্ণুৰ পূজা-অৰ্চনা কৰিব লাগে
তাকো বিভিন্ন
প্ৰকাৰৰ উদাহৰণ,ব্যাখ্যা আৰু যুক্তিৰ জৰিয়তে ভাগৱতত প্ৰতিপন্ন কৰা হৈছে ।
কিন্তু ভগৱান বিষ্ণুৰ পূজা অৰ্চনা কেনেকৈ কৰিব লাগে সেই বিষয়ে ভাগৱতত কিছুমান আভাস প্ৰদান কৰা হৈছে আৰু লগতে উপদেশ দিয়া হৈছে যে ব্যৱহাৰিকভাৱে পূজা-অৰ্চনা কৰাৰ বাবে কিছুমান ব্যৱহাৰিক শাস্ত্ৰ বা বিধি শাস্ত্ৰৰ সহায় লোৱাৰ প্ৰয়োজন।
পূজা অৰ্চনা কৰাৰ বাবে বৈদিক বিধি ,তান্ত্ৰিক বিধি আৰু বৈদিক তথা তান্ত্ৰিক উভয়ৰে সংমিশ্ৰণত প্ৰণয়ন কৰা বিধি শাস্ত্ৰ আছে ।
ভাগৱতে কৈছে যে ইয়াৰে যিকোনো এক প্ৰকাৰৰ বিধিশাস্ত্ৰত উল্লেখ কৰা নীতি নিয়ম কঠোৰভাৱে পালন কৰি পূজা অৰ্চনা কৰা উচিত ।ইয়াতে প্ৰশ্ন উত্থাপিত হ’ব পাৰে যে পূজা-অৰ্চনাৰ প্ৰতি আগ্ৰহী ব্যক্তিয়ে নিজে পূজা কৰিব লাগে নে তেওঁৰ হৈ অন্য কোনো উপযুক্ত আৰু জ্ঞান-সম্পন্ন ব্যক্তিয়ে পূজা কৰিব পাৰে?এই প্ৰ্শ্নৰ উত্তৰ দি ভাগৱতে কৈছে যে যদি কোনো ব্যক্তিয়ে পূজাৰ মন্ত্ৰ আৰু ইয়াৰ প্ৰয়োগ বিধি গুৰু বা শাস্ত্ৰৰ পৰা যথাযথভাৱে আয়ত্ব কৰিব পাৰে আৰু বিধি শাস্ত্ৰৰ নিৰ্দেশ অনুসৰি সকলো নিয়ম-শৃঙ্খলা পালন কৰিব পাৰে তেন্তে তেওঁ নিজৰ হৈ নিজে পূজা কৰিব পাৰে ।অন্যথা কোনো উপযুক্ত বিজ্ঞ আৰু অভিজ্ঞ লোকক তেওঁৰ হৈ পূজা কৰাৰ বাবে নিযুক্ত কৰিব পাৰে।বিধি শাস্ত্ৰসমুহতে অন্যৰ হৈ পূজা-অৰ্চনা কৰিব পৰা লোকৰ বাবে প্ৰয়োজনীয় অৰ্হতা আৰু গুণাগুণ আদিৰ বিষয়ে উল্লেখ আছে।
লগতে এইসকল লোকৰ কৰ্ত্তব্য আৰু দায়িত্ব কি তাৰো বিৱৰণ বিধিশাস্ত্ৰত
বৰ্ণনা কৰা আছে ।
শাস্ত্ৰত এই শ্ৰেণীৰ অৰ্হতাসম্পন্ন
লোকক ঋত্বিক বা পূৰোহিত বুলি কোৱা হৈছে ।
লোকহিতৰ কথা চিন্তা কৰি এই শ্ৰেণীৰ লোকক দক্ষিণা বা পাৰিশ্ৰমিকৰ বিনিময়ত নিজৰ সময়, শ্ৰম , জ্ঞান আৰু কৰ্মকৌশলযুক্ত সেৱা যজমান বা পূজা-অৰ্চনা কৰাৰ বাবে আগ্ৰহী ব্যক্তিৰ ওচৰত বিক্ৰী কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ।যিহেতু ঋত্বিক বা পুৰোহিতৰ সেৱা যজমান অৰ্থাৎ পূজা কৰাৰ বাবে আগ্ৰহী ব্যক্তিৰ ওচৰত বিক্ৰী কৰা হয় সেয়েহে পুৰোহিতে বিধি অনুসৰি কৰা পূজাৰ ফল যজমানে লাভ কৰে বুলিও শাস্ত্ৰত স্পষ্টভাৱে কোৱা হৈছে ।
বৈদিক
শাস্ত্ৰৰ
এই
নীতি-
নিৰ্দেশনাসমুহ হৰিদেৱ গুৰুজনাই শ্ৰদ্ধা সহকাৰে মানি চলিছিল আৰু এইবিলাক তেওঁৰ সত্ৰানুষ্ঠানৰ শিক্ষাব্যৱস্থাৰ অন্তৰ্গত বিষয় ।(আগলৈ)
No comments:
Post a Comment