The topics involved
with worship of God are discussed in the Bhagavata from various different
angles. In the human society there are kings, emperors, very rich and powerful
man, very poor and distressful man and so many other categories of people. All
people have equal right to worship God in accordance with their knowledge and
capacity. The knowledge and capacity of different people are different and so various
types of instructions for worship of
God are narrated in the Bhagavata. Thus each people can chose the way suitable
for him and perform worship accordingly. For example, Bhagavat suggests that
the wealthy householders should arrange Yajnas or sacrificial ceremonies in a grand
way for worship of God. This is because sufficient money, material and manpower
are needed for performance worship in that manner. The rich householders
possess huge wealth and sufficient manpower and so they are capable to fulfill
those needs. If we think for a while it can be easily understood that if those people
perform spiritual practice by Shravana-Kirtana, Smarana etc then they can not
get proper scope to utilize their huge material wealth for the service of God. Further
explaining the matter Bhagavata tells that sunshine, rain, air, earth etc are
provided by God for the welfare of all entities in the creation .Utilizing
those natural facilities human beings
produce food and keep themselves alive. Gold, silver and so many other valuable
and useful metals are parts of the earth created by God. Human beings simply
collect and utilize them in various ways for their own benefit. Similarly milk,
fruits and all other materials are creation of God and human beings simply help
in the process of multiplication and distribution of those products according
to their capacity and enjoy them. Bhagavata tells that by luck or as a result
of good deeds of past lives some people become able to collect huge quantity of
valuable material assets created by God and thus they become rich and wealthy.
Bhagavata suggests those people to keep the above facts in their mind. They are
also suggested to remember the blessings of God behind the huge wealths under
their possession and perform worship in a grand way spending huge amount of money. This type of knowledge and instructions
contained in the Bhagavata are parts of the religious teachings of the Satra
Institution Guru Harideva. (to be
continued)
ভাগৱত শাস্ত্ৰত পূজা অৰ্চনা সম্পৰ্কে বিভিন্ন দিশৰ পৰা আলোকপাত কৰা হৈছে। সমাজত ৰজা-মহাৰজা, অতিশয় ক্ষমতাশালী ,সম্পদশালী আৰু ধনবান ব্যক্তি , ধন-সম্পদহীন অতিশয় দুখীয়া ব্যক্তি ইত্যাদি বিভিন্ন শ্ৰেণীৰ ব্যক্তি থাকে।কিন্তু ঈশ্বৰ সকলোৰে বাবে সমান । ৰজা-মহাৰজা, ক্ষমতাশালী বা ক্ষমতাহীন ,ধনী বা দুখীয়া সকলোৱে নিজৰ ৰুচি আৰু ক্ষমতা অনুসৰি ঈশ্বৰক পূজা অৰ্চনা কৰাৰ অধিকাৰ আছে।ভাগৱতত সকলো শ্ৰেণীৰ লোকৰ বাবে উপযোগীকৈ বিভিন্ন প্ৰকাৰৰ পৃথক পৃথক নিৰ্দেশ দিয়া হৈছে। এনেদৰে প্ৰত্যেক ব্যক্তিকে নিজৰ নিজৰ সুবিধা- সামৰ্থ্য অনুযায়ী পূজা-অৰ্চনা কৰাৰ সুযোগ দিয়া হৈছে ।উদাহৰণ স্বৰূপে ভাগৱতত ধন-সম্পদশালী গৃহস্থ ব্যক্তিক উপদেশ দি কোৱা হৈছে যে তেওঁলোকে ডাঙৰ ডাঙৰ যজ্ঞ বা অগ্নিহোত্ৰাদি অনুষ্ঠানৰ দ্বাৰা ভগৱানৰ পূজা-অৰ্চনা কৰা কৰ্ত্তব্য । ইয়াৰ কাৰণ হৈছে ওপৰোক্ত প্ৰকাৰে পূজা-অৰ্চনা কৰাৰ বাবে প্ৰচুৰ ধন, সা-সামগ্ৰী আৰু জনবলৰ প্ৰয়োজন হয়। ধনবান গৃহস্থ ব্যক্তিৰ হাতত যজ্ঞৰ সা-সামগ্ৰী সংগ্ৰহ বা অন্য ব্যৱস্থাসমুহৰ যা-যোগাৰ কৰিব পৰাকৈ প্ৰচুৰ অৰ্থ-সম্পদ আৰু জনবল থাকে।গতিকে যিসকল গৃহস্থ সম্পত্তিশালী তেওঁলোকৰ বাবে অৰ্চন মাৰ্গৰ এনে ব্যৱস্থা বিহিত ।ইয়াতে অলপ ভাবি চালেই বুজিব পাৰি যে যদি তেনে সম্পদশালী গৃহস্থইও ধন-সম্পদহীন লোকৰ দৰে কেৱল শ্ৰৱণ-কীৰ্ত্তন, স্মৰণাদি সাধন পথকে অৱলম্বন কৰে তেন্তে তেওঁৰ ধন-সম্পদ ঈশ্বৰৰ সেৱাৰ কামত ব্যৱহাৰ সুবিধা নাথাকে । এই কথাবিলাকৰ যুক্তিযুক্ততা ব্যাখ্যা কৰি ভাগৱতত কোৱা হৈছে যে সৃষ্টিৰ অন্তৰ্গত সমস্তৰে মঙ্গলৰ অৰ্থে ঈশ্বৰৰ ব্যৱস্থামতে ৰ’দ , বৰষুণ , বায়ু, মাটি আদি প্ৰাকৃতিক সা-সুবিধা সমুহ সৃষ্টি হৈছে । এই বিলাক ব্যৱহাৰ কৰি মানুহে অন্ন উৎপাদন কৰে আৰু সেই অন্ন ভোগ কৰি জীয়াই থাকে। সোণ-ৰূপকে ধৰি মূল্যৱান আৰু প্ৰয়োজনীয় ধাতুসমুহ ঈশ্বৰৰ ব্যৱস্থামতে ভূগৰ্ভত থিতাপি লয় আৰু মানুহে তাক সংগ্ৰহ কৰি বিভিন্ন ধৰণে ব্যৱহাৰ কৰে। গাখীৰ , ফল-মূল ইত্যাদিকে ধৰি জগতৰ সকলো বস্তু ঈশ্বৰৰ ব্যৱস্থামতে উৎপন্ন হয়। মানুহে কেৱল এইবিলাকৰ বৃদ্ধি আৰু বিতৰণ ব্যৱস্থাতহে কিছু পৰিমাণে হস্তক্ষেপ কৰিব পাৰে আৰু নিজৰ নিজৰ সুযোগ সুবিধা অনুসৰি উপভোগ কৰিব পাৰে। দৈবক্ৰমে অথবা পূৰ্ৱজন্মত কৰা শুভকৰ্মৰ ফলত একাংশ ব্যক্তিয়ে এই ঈশ্বৰ-সৃষ্ট সা-সম্পদসমুহ অধিক পৰিমাণে আহৰণ কৰাৰ সুবিধা পায় আৰু ধন-সম্পদশালী ব্যক্তিৰূপে পৰিচিত হয় । ভাগৱতে উপদেশ দি কৈছে যে সম্পদশালী গৃহস্থ ব্যক্তিয়ে এইবিলাক কথা মনত ৰাখি চলিব লাগে। ঈশ্বৰৰ কৃপাতে প্ৰয়োজনতকৈ অধিক ধন-সম্পদৰ অধিকাৰ লাভ কৰা বুলি তেওঁলোকে বিশ্বাস কৰিব লাগে। এই শ্ৰেণীৰ লোকে কপটতা আৰু অহংকাৰৰ পৰা মুক্ত থাকি ব্যয়বহুলভাৱে ডাঙৰকৈ যাগ-যজ্ঞ ,পূজা-পাৰ্বণ অনুষ্ঠিত কৰি ঈশ্বৰৰ উপাসনা কৰা উচিত বুলিও ভাগৱতে কৈছে। সত্ৰানুষ্ঠানৰ মাধ্যমত দিয়া ধৰ্মীয় শিক্ষাৰ জৰিয়তে হৰিদেৱ গুৰুজনাই ভাগৱতত থকা এনে ধৰণৰ জ্ঞান আৰু উপদেশসমুহ সহজ সৰল ৰূপত জনসাধাৰণৰ মাজলৈ লৈ অহাৰ প্ৰয়াস কৰিছিল। (আগলৈ)
No comments:
Post a Comment