“Archana” or
worship is another way of connecting one’s thoughts of mind and activities of body with God. The worship includes
popular ritualistic performances and these can attract the mind of the common mass
easily. The procedures of worship are elaborately described in the Vedas and
some scriptures called “Tantras”. Bhagavata
suggests people to worship Lord Vishnu by following the procedure mentioned in
the Vedas or Tantras or by a combination of both. The procedure of worship is also
elaborately discussed in the Bhagavata. We can have some preliminary idea of
the same as follows. Bhagavata suggests that one should first install a deity
or physical form of the lord. The form of Lord may be made of stone, wood,
earth, metal etc. Water contained in a pot may also represent a form of deity. Then keeping this
physical form of Lord in his front one should perform worship with chanting of
mantra and offering of flowers, fruits, varieties of foodstuffs, water ,garlands , tulsi leaves and many other
materials according to availability and
convenience. While doing worship one should strictly follow the rules and
regulation prescribed by the scriptures. The place, time and conveniences and inconveniences of situations
etc are to be duly considered. In this way complete details of the procedure of
worship are described in the Bhagavata. Based on those suggestions of Bhagavata
Guru Harideva tells that by worship of Lord Krishna without expectation of any
return one can easily attain self realization or God realization. He suggests that common people
should worship God sitting in front of some physical form of lord constructed
in accordance with scriptural instructions. The people who like to worship God
through performance of sacrifices should put their offerings in fire. People
who have already attained higher spiritual achievements through the path of
knowledge and Yoga also like to perform worship. But for that they need not install
a physical deity in front of them. They are able to see and worship God in
their own heart. Analyzing the subject like this Guru Harideva further tells that
“Shaligrama” is the best form of deity for the purpose of worship and all
categories of people mentioned above like to perform worship keeping “Shaligrama”
in front of them. (to be continued )
মনৰ ভাৱনা আৰু শৰীৰৰ কৰ্ম ভগৱানৰ সৈতে সংযোগ সাধন কৰাৰ অন্য এটা উপায় হৈছে পূজা-অৰ্চনা ।পূজা-অৰ্চনাৰ সৈতে মনুহে ভাল পোৱা বিভিন্ন প্ৰকাৰৰ অচাৰ অনুষ্ঠান জড়িত হৈ থাকে । সেইকাৰণে সাধাৰণ মানুহৰ মন পূজা-অৰ্চনাৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয়। বেদ আৰু কিছুমান তন্ত্ৰ শাস্ত্ৰত পূজা অৰ্চনাৰ প্ৰণালী আৰু আচাৰ অনুষ্ঠানৰ বিষয়ে বিতংভাৱে কোৱা হৈছে । ভাগৱতত উপদেশ দি কোৱা হৈছে যে মানুহে বেদৰ নিয়ম মতে অথবা তন্ত্ৰশাস্ত্ৰৰ নিয়মতে অথবা উভয় প্ৰকাৰৰ নিয়মৰ সান-মিহলি বিধিমতে ভগৱান বিষ্ণুৰ পূজা অৰ্চনা কৰা উচিত । ভাগৱততো ভগৱানৰ পূজাবিধি বিতংভাৱে বৰ্ণনা কৰা হৈছে। ভাগৱতত বৰ্ণনা কৰা পূজাবিধিৰ সাধাৰণ আভাস তলত দিয়া ধৰণে লোৱাৰ চেষ্টা কৰিব পাৰি । ভাগৱতে কৈছে যে পূজা অৰ্চনা কৰাৰ বাবে প্ৰথমতে ঈশ্বৰৰ উপাস্য বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন হয় । উপাস্য বিগ্ৰহ শিল ,মাটি, কাঠ , ধাতু ইত্যাদিৰে নিৰ্মিত হ’ব পাৰে অথবা কোনো পাত্ৰত ৰখা পানীও হ’ব পাৰে । শৰীৰ মনৰ বিশুদ্ধতা সম্পাদন কৰি বিগ্ৰহৰ সন্মুখত বহিব লাগে । তাৰ পিছত মন্ত্ৰপাঠ কৰিব লাগে আৰু ধুপ , দীপ , ফুল্, ফল , জল , প্ৰসাদ , মালা ,তুলসীপত্ৰ ইত্যাদিকে দৰি সহজতে পাব পৰা দ্ৰব্য-উপচাৰ ঈশ্বৰৰ অৰ্থে নিবেদন কৰিব লাগে। পূজা অৰ্চনা কৰোতে শাস্ত্ৰত উল্লেখ কৰা সকলো নীতি-নিৰ্দেশনা যথাযথভাৱে পালন কৰা প্ৰয়োজন বুলি কোৱা হৈছে । লগতে কোৱা হৈছে যে স্থান,কাল আৰু সুবিধা-অসুবিধাসমুহৰ লগত খাপ খোৱা ধৰণে পূজা অৰ্চনা অনুষ্ঠিত কৰা উচিত । এনে ধৰণে ভাগৱতত পূজা-অৰ্চনা সম্পৰ্কীয় সকলো নীতি-নিয়ম বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে যে । ভাগৱতৰ বৰ্ণনাৰ ওপৰত ভিত্তি কৰি হৰিদেৱ গুৰুজনাই কৈছে যে কোনো ধৰণৰ প্ৰাপ্তিৰ আশা নৰখাকৈ কেৱল কৃষ্ণৰ সন্তুষ্টিৰ অৰ্থে কৰা পূজা অৰ্চনাৰ ফলত আত্মজ্ঞান বা ঈশ্বৰানুভূতি লাভ হয়। গুৰুজনাই লগতে কৈছে যে শাস্ত্ৰৰ নিৰ্দেশমতে নিৰ্মাণ কৰা বিগ্ৰহৰ সন্মুখত বহিলেহে সাধাৰণ মানুহে পূজা-অৰ্চনাত যথাযথভাৱে মনসংযোগ কৰা সম্ভৱ ।তদুপৰি যিসকল ব্যক্তিয়ে যাগ-যজ্ঞৰ ওপৰত আস্থা ৰাখে তেওঁলোকে অগ্নিত দ্ৰব্য-আহুতি প্ৰদান কৰি পূজা-অৰ্চনা কৰিব পাৰে। যিসকল ব্যক্তিয়ে জ্ঞানযোগ বা অন্য যৌগিক সাধনাৰ দ্বাৰা পাৰমাৰ্থিকভাৱে অতি উচ্চ পৰ্যায়ত অৱস্থিত হয় তেওঁলোকেও পূজা অৰ্চনা কৰি আনন্দ লাভ কৰে । কিন্তু তেনে সাধকৰ বাবে বাহিৰত প্ৰতিষ্ঠিত স্থূল বিগ্ৰহৰ প্ৰয়োজন নাথাকে । তেওঁলোকৰ উপাস্য বিগ্ৰহ নিজৰ হৃদয়ত থাকে আৰু তাতে তেওঁলোকে পূজা-অৰ্চনা কৰিব পাৰে । কথাবিলাক এনেদৰে বিশ্লেষণ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে পূজা-উপসনাৰ বাবে ব্যৱহাৰ কৰা বিগ্ৰহসমুহৰ ভিতৰত শালগ্ৰাম সৰ্বোত্তম আৰু ওপৰোক্ত সকলো শ্ৰেণীৰ লোকেই শালগ্ৰামৰ মাধ্যমত পূজা-অৰ্চনা কৰি সন্তোষ লাভ কৰে । (আগলৈ)
No comments:
Post a Comment