In
some of our preceding posts we have discussed about Shravana and Kirtana. These
two are said to be the easiest ways of spiritual practice for common people.
However, here “Shravana” means hearing about Lord Krishna and “Kirtana” means
utterance of the names, attributes, glories etc of Lord Krishna. Guru Harideva
tells that a combination of both Shravana and Kirtana is the most suitable
method of spiritual practice for the people of Kali Yuga. That is, in the current age of Kali keeping
one’s ears engaged in hearing of the
names , attributes , glories etc of Lord Krishna and keeping his
tongue engaged in utterance of the same
is the best method of spiritual practice . It is said that through sincere practice
of Shravana and Kirtana a common man of this kali Yuga can attain highest
spiritual achievement. But to be sincere in this regard people should believe from
the core of his heart that there is nothing more pure than the names of Lord
Krishna and there is nothing more glorious than the glories of Lord Krishna.
One should strongly believe that the glories of the most powerful demigods are
also negligible in comparison to the glories of Lord
Krishna. To get the desired result from Shravana and Kirtana such type of conviction
is essential. We know that the human beings always try to find something better
than the things currently under their possession. Under such condition when a
human being is fully convinced that there is noting better than the things under
his possession then only he become peaceful and satisfied. This is the nature
of human mind. So, to get the desired result from Shravana and Kirtana , at
first one should be fully convinced that there is nothing higher than
or equal to lord Krishna . After that
only people can keep his mind fully engaged in Lord
Krishna. Under such condition only people can keep his ear and mouth
engaged in Shravana and Kirtan without diversion of mind to other
thoughts. Bhagavata tells that the darkness of night can not remain when the
Sun rises. The cloud which creates cover between our eyesight and the Sun is
flown away by the blowing wind. In a
similar way Sravana and Kirtana remove
all impurities of mind, that is , all the doubts regarding Lord Krishna that
arise in the mind of people as above .
Then people can clearly see or realize the presence Lord Krishna in his own
heart as his soul as well as in
everything outside him . (to be continued)
ইয়াৰ আগৰ কেইটামান লিখনিত শ্ৰৱণ আৰু কীৰ্ত্তনৰ কথা কৈ অহা হৈছে ।কোৱা হৈছে যে শ্ৰৱণ আৰু কীৰ্ত্তন কলি যুগৰ সাধাৰণ লোকৰ বাবে পাৰমাৰ্থিক সাধনৰ সহজতম পথ। অৱশ্যে ইয়াত শ্ৰৱণ মানে কৃষ্ণকথাৰ শ্ৰৱণ আৰু কীৰ্ত্তন মানে ভগৱান কৃষ্ণৰ নাম-গুণ-মহিমাৰ কীৰ্ত্তন বুজোৱা হৈছে। হৰিদেৱ গুৰুজনাই কৈছে যে শ্ৰৱণ আৰু কীৰ্ত্তন দুয়োটা একেলগে মিলাই কৰা পাৰমাৰ্থিক সাধনা কলিযুগৰ সাধাৰণ অজ্ঞানী লোকৰ বাবে সকলো ফালৰ পৰা উপযুক্ত আৰু সৰ্বশ্ৰেষ্ঠ সাধনা। অৰ্থাৎ কলি যুগত অকপটভাৱে নিজৰ কাণ কৃষ্ণৰ নাম-গুণ-মাহাত্ম্য শুনা কামত আৰু আৰু জিভা সেইবোৰ বৰ্ণনা কৰা কামত ব্যস্ত ৰখাটোৱে শ্ৰেষ্ঠতম পাৰমাৰ্থিক সাধনা বুলি হৰিদেৱ গুৰুজনাই মত প্ৰকাশ কৰিছে । গুৰুজনাই লগতে কৈছে যে পৰম আন্তৰিকতা সহকাৰে শ্ৰৱণ-কীৰ্ত্তন কৰাৰ বাবে মানুহৰ মনত এই বিশ্বাস থকা প্ৰয়োজন যে কৃষ্ণ নামতকৈ অধিক পবিত্ৰ বস্তু অন্য একো নাই আৰু কৃষ্ণৰ যশস্যাতকৈ অধিক যশস্যা অন্য কাৰো নাই। আনকি যি দেৱী-দেৱতাক অতিশয় যশস্বী আৰু পৰাক্ৰমী বুলি বেদ আৰু অন্যান্য শাস্ত্ৰত বৰ্ণনা কৰা হৈছে সেইসকল দেৱী-দেৱতাও ভগৱান কৃষ্ণৰ তুলনাত অতি নগণ্য । আমি জানো যে নিজৰ হাতত থকা বস্তুতকৈ ভাল অন্য কিবা বস্তু আছে বুলি জানিলে মানুহে হাতৰ বস্তু এৰি তাতোকৈ ভাল বুলি ভৱা বাহিৰৰ বস্তুটো পাবলৈ হাবিয়াস কৰে। নিজৰ হাতত থকা বস্তুতকৈ ভাল বস্তু অন্য একো নাই বুলি বিশ্বাস থাকিলেহে মানুহৰ মন শান্ত আৰু সন্তুষ্ট হৈ থাকে । ই মানুহৰ মনৰ স্বাভাৱিক প্ৰবৃত্তি। সেই কাৰণে কৃষ্ণতকৈ শ্ৰেষ্ঠতৰ বা কৃষ্ণৰ সমান অন্য একো নাই বুলি মনত দৃঢ় প্ৰত্যয় থাকিলেহে মানুহৰ মন কৃষ্ণকথাৰ প্ৰতি সম্পূৰ্ণৰূপে আকৰ্ষিত হয়। তেনে অৱস্থাতহে মানুহৰ বাক্যত সদা সৰ্বদা কৃষ্ণকথা উচ্চাৰিত হ’ব পাৰে , মন সদায় কৃষ্ণ ভাৱনাত লিপ্ত থাকিব পাৰে , অনুষ্ঠিত কৰা সমস্ত কৰ্মতে কৃষ্ণভাৱনাৰ প্ৰকাশ ঘটিব পাৰে। ভাগৱতে কৈছে যে সূৰ্যৰ জ্যোতি উদ্ভাসিত হোৱাৰ লগে লগে ৰাতিৰ আন্ধাৰ আঁতৰি যায় ।জ্যোতিষ্মান সূৰ্যক আমাৰ দৃষ্টিৰ পৰা ঢাকি ৰখা মেঘ বতাহৰ কোবত আঁতৰি যায়। একেদৰে ভগৱান কৃষ্ণৰ নাম গুণ শ্ৰৱণ-কীৰ্ত্তন কৰিলে মানুহৰ অন্তঃকৰণ পবিত্ৰ হয় অৰ্থাৎ চিত্ত-বুদ্ধি-মনক প্ৰভাৱিত কৰি ৰখা অবিশ্বাস আৰু সন্দেহৰ আৱৰণ আঁতৰি যায় । তেতিয়া মানুহে মেঘ আঁতৰি গ'লে সূৰ্য স্পষ্টভাৱে দেখাৰ দৰে অথবা ৰাতিৰ আন্ধাৰ আঁতৰি যোৱাৰ পিছত দিনৰ পোহৰত জগতৰ বস্তু দেখাৰ দৰে স্পষ্ট ভাৱে ভগৱান কৃষ্ণৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব পাৰে। লগতে নিজৰ হৃদয়ত আত্মাৰূপে থকা কৃষ্ণ আৰু নিজৰ বাহিৰত দেখি থকা জগতখনৰ সমস্ততে ব্যাপ্ত হৈ থকা ভগৱান কৃষ্ণক স্পষ্টভাৱে দেখা পায় বা উপলব্ধি কৰিব পাৰে । (আগলৈ)
No comments:
Post a Comment