In the
Bhagavadgita it is clearly mentioned that the last thought, that is the thought
of one’s mind just prior to his death is very important from the spiritual
point of view. It is told that according to the thought at the time of leaving
the present human body a person gets his next body and becomes bound to live a
life in accordance with the regulations pertaining to that body. In Bhagavata the matter is
explained with the story of King Bharata. At the time of death King Bharata
thought of a deer. So he became bound to take birth as a deer in his next
birth. Based on such teachings of Bhagavadgita
and Bhagavata Guru Harideva tells that if a person dies with thoughts
pertaining to Lord Krishna in mind then he may attain liberation or he may get
scope to perform further spiritual practice and attain liberation in the next
birth. It is also told that bringing thoughts pertaining to God into one’s mind
at the time of last breath is not at all
easy. This is because the last thought of one’s mind is the sum-total of all
thoughts and activities of his entire life. It is not at all possible for an
ordinary person engaged in various types of permitted and prohibited thoughts and activities to
bring God into his memory suddenly at the time of death. Moreover, as per law
of Karma or rules of creation the thoughts and actions of one’s entire life determine
his future state of being. So, naturally the last thoughts that appear in the mind a man are in accordance with the law of
Karma, that is, in accordance with the habits maintained by him during his
lifetime. In our day to day life we see
that if a person repeatedly goes on doing a
particular work for long time then it becomes a habit of that person. Once
habit is formed people go on doing that job in an automatic way, that is, doing
of that particular job becomes a part of his nature. Similarly by
continuous remembrance of the name and glories of Lord Krishna a person become
habituated with that. Moreover due to uninterrupted Smarana of Lord Krishna for
long time one’s mind becomes totally purified.Summarizing all these facts Guru
Harideva tells that due to habit of “Smarana”, the thoughts pertaining to Lord
Krishna automatically arise in the purified mind of people at the time of death.
( to be continued)
ভগৱদ্গীতাত স্পষ্টভাৱে কোৱা হৈছে যে মানৱ মনৰ অন্তিম ভাৱনা অৰ্থাৎ মৃত্যুৰ ঠিক আগমুহুৰ্ত্তত মানুহৰ মনত উদ্ভৱ হোৱা ভাৱনা পাৰমাৰ্থিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ ।কোৱা হৈছে যে বৰ্ত্তমান শৰীৰ ত্যাগ কৰাৰ ঠিক আগমুহুৰ্ত্তত মানুহে যি চিন্তা কৰে সেই অনুসৰি তেওঁ পৰবৰ্ত্তী শৰীৰ লাভ কৰে আৰু সেই শৰীৰৰ ধৰ্ম অনুসৰি জীৱন ধাৰণ কৰিবলৈ বাধ্য হয় । ভাগৱতত ৰজা ভৰতৰ জীৱন কাহিনীৰ মাধ্যমত এই তত্ব ব্যাখ্যা কৰা হৈছে ।ইয়াত কোৱা হৈছে যে মহাৰাজ ভৰতে এটা হৰিণৰ কথা চিন্তা কৰি মৃত্যুবৰণ কৰাৰ বাবে তেওঁ হৰিণ শৰীৰ ধাৰণ কৰি পুনৰ্জন্ম গ্ৰ্হণ কৰিবলৈ বাধ্য হৈছিল । ভগৱদ্গীতা আৰু ভাগৱতৰ এনে শিক্ষাৰ আধাৰত হৰিদেৱ গুৰুজনাই কৈছে যে অন্তিম কালত কৃষ্ণচিন্তা মনলৈ আহিলে দেহত্যাগ কৰাৰ পিছত মানুহে মুক্তি লাভ কৰে অথবা পাৰমাৰ্থিক সাধনা কৰাৰ পৰিবেশ থকা পৰিয়ালত পুনৰ্জন্ম গ্ৰহণ কৰি পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰাৰ পথত পুনৰ আগবাঢ়ি যোৱাৰ সুবিধা পায়। হৰিদেৱ গুৰুজনাই লগতে এই কথাও কৈছে যে শেষ নিশ্বাস ত্যাগ কৰাৰ সময়ত ঈশ্বৰৰ কথা স্মৰণ কৰা অতি কঠিন কাম । ইয়াৰ কাৰণ মানুহে সমগ্ৰ জীৱন জুৰি যি চিন্তা কৰে আৰু যিবিলাক কাম কৰি থাকে এই সমস্তৰে সাৰাংশ অনুসৰিহে জীৱনৰ অন্তিম চিন্তা মানুহৰ মনলৈ আহে। সমগ্ৰ জীৱন জুৰি বিভিন্ন ধৰণৰ শাস্ত্ৰবিহিত আৰু নিষিদ্ধ কৰ্মত ব্যস্ত হৈ সুখ-দুখ ভোগত মগ্ন থকা মানুহৰ মনত মৃত্যুকালত হঠাতে ঈশ্বৰভাৱনা জাগ্ৰত হোৱা সম্ভৱ নহয় । তদুপৰি কৰ্ম আৰু কৰ্মফলৰ নিয়ম বা সৃষ্টিৰ নিয়ম অনুসৰি মানুহে সমগ্ৰ জীৱনকালত যিবিলাক চিন্তা আৰু কৰ্ম কৰে সেইমতে তেওঁৰ পৰবৰ্ত্তী জীৱনৰ অস্তিত্ব,কৰ্মপন্থা আৰু সুখ-দুখ ভোগ নিৰ্ধাৰিত হয় ।সেই কাৰণে কৰ্মৰ নিয়ম অনুসৰি, অৰ্থাৎ দীৰ্ঘকালৰ মনৰ ভাৱনা আৰু শাৰীৰিক কৰ্ম অনুশীলনৰ ফলত যি অভ্যাস বা স্বভাৱ গঠন হয় সেই অনুসৰি, মানুহৰ মনত অন্তিম ভাৱনাৰ উদ্ভৱ হয় আৰু সেইমতে পুনৰ্জন্ম লাভ হয় বুলি ক’ব পাৰি। আমাৰ দৈনন্দিন জীৱনত দেখা যায় যে যদি কোনো মানুহে কোনো এটা কাম অহৰহ কৰি থাকে তেন্তে সেই কাম কৰাটো তেওঁৰ অভ্যাসত পৰিণত হয় । অভ্যাসত পৰিণত হোৱা কাম মানুহে স্বতঃষ্ফূৰ্ত্তভাৱে কৰি থাকে বা এই কাম কৰাটো মানুহৰ স্বভাৱৰ অংশ হৈ পৰে ।একেদৰে ভগৱান কৃষ্ণৰ নাম-গুণ-মহিমা অবিৰামভাৱে স্মৰণ কৰি থাকিলে ই অভ্যাসত পৰিণত হয় । তদুপৰি কৃষ্ণকথা অহৰহ স্মৰণ কৰি থাকিলে মানুহৰ হৃদয়-মন বিশুদ্ধ হয়। এইদৰে অভ্যাস গঠন আৰু মনৰ পবিত্ৰতা সম্পাদন হোৱা হেতুকে আজীৱন কৃষ্ণকথা স্মৰণ কৰা ব্যক্তিৰ মনত জীৱনৰ অন্তিম কালত স্বভাৱবশতঃ কৃষ্ণভাৱনাৰ উদয় হয়। (আগলৈ)
No comments:
Post a Comment