In Bhagavata it is told that rendering service is the most
essential part of religion. Spiritual perfection can not be attained
without rendering selfless service. It is also told that services are manifested
from God for the purpose making religious performances perfect. Hence all
living entities in general and specially the human beings are supposed to
render services for the satisfaction of God. Again the entire creation is
nothing but expansion of God or Lord Vishnu or Lord Krishna. Hence satisfaction
of God means satisfaction of the whole expansion of Lord Vishnu or satisfaction
of all living and non-living entities manifested in the entire creation.In this
way it becomes duty of all human beings to render services for the welfare of
everything in the creation. Through the story of King Ambarisha, Bhagavata tells
that a human being can attain spiritual perfection by service attitude. It is
told that the King utilized the activities of his mind, hands, feet, eyes, nose,
ears ,tongue , head etc in the service
to Lord Vishnu. He utilized his huge material possessions for the same purpose.
While doing so he used to consider his subjects and all other living and
non-living entities available in his kingdom as expansion of Lord Vishnu in
various names and forms. Because of that even the curse of a very powerful sage
Durvasha was unable to harm him. In Bhagavata these things are described in
details. Guru Harideva cited example of King Ambarisha while describing the
benefits of “Pada Sevana”. In this way he encourages us to render service for the welfare of people and other
entities in the creation according to our own capacity and make it a part of
our regular spiritual practice. Some examples of
“Pada Sevana” or services rendered by common people to keep themselves
connected with God are discussed in the preceding post .In this connection Guru
Harideva further tells that there is one class of people who does not consider visiting
of temples etc and rendering of services through those places of worship as
religious duties or works related to God. But considering
from the humanitarian point of view they render selfless service to the places
of worship and the people visiting those places. Also, Some people expect
political, social and other material benefits, names and fames etc by rendering
services through temples , shrines , satras and other religious institutions .
Guru Harideva tells that those types of connection with God are also beneficial
for the people. The mind of people who visit places of worship of God and
render services related to God with any intention becomes gradually purified.
As a result of this type of “Pada Sevana” also mind of people becomes free from
ego. Those people make gradual progress with passage of time and finally attain
spiritual perfection. (to be continued)
ভাগৱতত কোৱা হৈছে যে সেৱাকাৰ্য সকলো ধৰ্মৰ মূল কথা। সেৱাকাৰ্যৰ সৈতে সংযোগ নথকা কোনো ধৰ্মৰ দ্বাৰা সিদ্ধিলাভ নহয়। সেইকাৰণে কোৱা হৈছে যে মানুহে আচৰণ কৰা ধৰ্মীয় অনুষ্ঠানৰ সম্পূৰ্ণতা সাধন কৰাৰ অৰ্থে বিভিন্ন প্ৰকাৰৰ সেৱামূলক কাৰ্য ঈশ্বৰৰ বিধান অনুসৰি উৎপন্ন হৈছে । সৃষ্টিৰ সমস্ত জীৱ ,বিশেষকৈ মানুহে ঈশ্বৰৰ সন্তুষ্টিৰ অৰ্থে সেৱামূলক কাৰ্যত ব্ৰতী হোৱাটো একান্ত কৰ্ত্তব্য। আনহাতে ঈশ্বৰ অৰ্থাৎ ভগৱান বিষ্ণু বা কৃষ্ণ সৰ্বব্যাপ্ত । জগত বিষ্ণুৰ বিস্তাৰ অৰ্থাৎ সৃষ্টিৰ অন্তৰ্গত মানৱ তথা জীৱ-জড়,স্থাৱৰ-জঙ্গম সমস্তই বিষ্ণুৰ বিভিন্ন নাম আৰু ৰূপ।গতিকে ঈশ্বৰক সন্তুষ্ট কৰাৰ অৰ্থ হৈছে জগতৰ অন্তৰ্গত সমস্তৰে সন্তুষ্টি সাধন কৰা।ভাগৱতত ৰজা অম্বৰীশৰ কাহিনীৰ মাধ্যমত কোৱা হৈছে যে সেৱামূলক মনোবৃত্তিৰ সহায়ত মানুহে পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰে। ৰজা অম্বৰীশে নিজৰ মন ,বাক্য ,হাত, ভৰি , চকু ,কাণ্,নাক, শিৰ আদি শৰীৰৰ সকলো যন্ত্ৰ আৰু ইন্দ্ৰিয়ৰ কাৰ্যৰ লগতে নিজৰ অধিকাৰত থকা সমস্ত সা-সম্পদ ভগৱান বিষ্ণুৰ সেৱাৰ অৰ্থে উছৰ্গা কৰিছিল। নিজৰ প্ৰজাবৃন্দ আৰু ৰাজ্যত থকা স্থাৱৰ-জঙ্গম সমস্ত বস্তুকে ভগৱান বিষ্ণুৰ বিভিন্ন নাম আৰু ৰূপ বুলি গণ্য কৰি সকলোৰে সন্তুষ্টিৰ অৰ্থে সেৱা আগবঢ়াইছিল । কোৱা হৈছে যে এনে সেৱামূলক কাৰ্যৰ প্ৰভাৱত মহাশক্তিশালী দুৰ্বাশা ঋষিৰ কোপৰ পৰাও তেওঁ সাৰি যাবলৈ সক্ষম হৈছিল । এইবিলাক কথা ভাগৱতত বিতংভাৱে লিখা আছে । নিস্বাৰ্থ পাদ-সেৱনৰ উপকাৰিতাৰ বিষয়ে বৰ্ণনা কৰি হৰিদেৱ গুৰুজনাইও ৰজা অম্বৰীশৰ উদাহৰণ দাঙি ধৰিছে। ইয়াৰ দ্বাৰা গুৰুজনাই সেৱামূলক কাৰ্য পাৰমাৰ্থিক সাধনাৰ অপৰিহাৰ্য অংশ বুলি কৈছে আৰু নিজৰ শক্তি -সামৰ্থ্য অনুসৰি সেৱামূলক কৰ্মত ব্ৰতী হোৱাৰ বাবে আমাক উৎসাহিত কৰিছে।আমাৰ দৰে সাধাৰণ মানুহে ক্ষুদ্ৰ পৰ্যায়ৰ সেৱামূলক কাৰ্যৰ জৰিয়তে কিদৰে ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰে তাৰ আভাস ইযাৰ আগৰ লিখনিটোত দিয়াৰ চেষ্টা কৰা হৈছে । এই প্ৰসঙ্গতে হৰিদেৱ গুৰুজনাই কৈছে যে এক শ্ৰেণীৰ লোকে মঠ-মন্দিৰলৈ যোৱা আৰু ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে সেৱামূলক কৰ্ম কৰাটো পাৰমাৰ্থিক সাধনাৰ অঙ্গ বা ঈশ্বৰৰ সেৱা বুলি নাভাৱে। তেওঁলোকে নিজৰ মানবীয় কৰ্ত্তব্য বুলি ভাৱি মঠ-মন্দিৰলৈ যায় আৰু মানুহৰ দুঃখ কষ্ট লাঘৱ কৰাৰ কাৰণে নিস্বাৰ্থ ভাৱে সেৱাকাৰ্য কৰে। আন কিছুমানে নিজৰ কিবা সামাজিক,ৰাজনৈতিক বা সাংসাৰিক অভীষ্ট সিদ্ধিৰ উদ্দেশ্যে বা নাম-যশ আদি পোৱাৰ আশাত মঠ, মন্দিৰ ,সত্ৰ, আশ্ৰম আদি ধৰ্মীয় অনুষ্ঠানৰ মাধ্যমত ওপৰোক্ত প্ৰকাৰৰ সেৱামূলক কৰ্মত প্ৰবৃত্ত হয়। গুৰুজনাই কৈছে ঈশ্বৰৰ সৈতে যিকোনো প্ৰকাৰৰ মনসংযোগ মঙ্গলদায়ক । কৰ্ত্তব্যবোধ বা ওপৰোক্ত প্ৰকাৰৰ স্বাৰ্থপৰ স্বভাৱ সমুহৰ দ্বাৰা পৰিচালিত হৈও যদি কোনো লোকে ভগৱানৰ উপাসনাস্থলীত প্ৰৱেশ কৰে আৰু সেৱা কৰ্মৰ সৈতে জড়িত হয় তেন্তে তেওঁলোকৰ মনো লাহে লাহে অহংকাৰৰ পৰা মুক্ত আৰু পবিত্ৰ হয়। এনে প্ৰকাৰৰ পাদ-সেৱনৰ দ্বাৰা সেই সকল লোকে ক্ৰমান্বয়ে প্ৰগতি লাভ কৰি এটা সময়ত পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰে । (আগলৈ)
No comments:
Post a Comment