If
some virus enters into human body it causes disease. Complete knowledge about the
virus becomes necessary to cure people from such disease. Medical scientists sincerely study the virus from all angles and
collect complete information about it. Such involvement
of the scientists with the virus does not mean that the scientists love the virus
and become interested in it. They show interest in the virus to find out the
clue for its destruction and thus they find out the remedy for the disease caused by it . This is the philosophy of
the religious teachings of the Satra Institution of Guru Harideva. According to
the teachings of Guru Harideva people should understand their actual relationship
with other people and things of the world by involving themselves with the
human society and by living an ideal familial and social life. People should try
to understand the causes of their sufferings and the remedies for those
sufferings by practical enjoyment of the happiness and sorrow of human life.
Also, at the same time people should try to discover their true identity through
scriptural knowledge. Then they should try to come out from everything
mentioned above through proper spiritual practice. Guru Harideva tells that the
great Vedic sages gained intuitive knowledge of all these subjects mentioned above. They expressed their findings
through the Vedas for the welfare of mankind. With the passage of time these
things are described in simplified ways in different Vedic scriptures for the
benefit of the people of later ages.
Things are further simplified in the Bhagavata to bring the Vedic knowledge to
the limit of the understanding capacity of the common people of the present
age. Guru Harideva made full time devotional study of the Bhagavata continuously
for five years at the Jagannatha temple of Puri after completion of his study
of the Vedas and Vedic philosophy. From this fact we can easily understand the depth
of his knowledge of Bhagavata.With such vast knowledge he designed the
educational system of his Satra Institution for the benefit of the common people
of Assam in the 15th century CE. (to be continued)
শৰীৰত বীজাণু প্ৰৱেশ কৰিলে মানুহৰ বেমাৰ হয় । বেমাৰী ব্যক্তিক ৰোগমুক্ত কৰাৰ বাবে সেই বীজাণুৰ বিষয়ে জনাৰ প্ৰয়োজন হয় । এই বিষয়ৰ বিশেষজ্ঞ লোকে দিনে ৰাতিয়ে এই বিষয়ে চিন্তা চৰ্চা কৰে আৰু গভীৰভাৱে অধ্যয়ন কৰি বীজাণুৰ বিষয়ে সম্পূৰ্ণ তথ্য আহৰণ কৰে। বীজাণুৰ লগত বিজ্ঞানীৰ এই সংযোগৰ অৰ্থ এনে নহয় যে বিজ্ঞানীয়ে বীজাণুক ভাল পায় আৰু সেই কাৰণে ইয়াৰ বিষয়ে চিন্তা কৰি থাকে । প্ৰকৃততে তেওঁ বীজাণুক ধ্বংস কৰাৰ উপায় উদ্ভাৱন কৰি জগতৰ মানুহ আৰু অন্য বস্তুৰ লগত নিজৰ সম্পৰ্ক কি তাক সঠিকভাৱে বুজাৰ মানুহক ৰোগমুক্ত কৰাৰ বাবেহে বীজাণুৰ বিষয়ে চিন্তা চৰ্চা কৰি জ্ঞান আহৰণ কৰে । হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা ব্যৱস্থাৰ দৰ্শনো এনেকুৱা । হৰিদেৱ গুৰুজনাই দিয়া শিক্ষামতে মানুহে সমাজৰ সৈতে সংযোগ ৰক্ষা আৰু আদৰ্শ পাৰিবাৰিক জীৱন যাপনৰ জৰিয়তে জগতৰ মানুহ আৰু অন্য বস্তুৰ লগত নিজৰ সম্পৰ্ক কি তাক সঠিকভাৱে বুজাৰ চেষ্টা কৰা উচিত। মানৱ জীৱনৰ সুখ দুখ প্ৰত্যক্ষভাৱে ভোগ কৰি ইয়াৰ কাৰণ আৰু নিৰাময়ৰ উপায় কি তাক বুজিবলৈ প্ৰয়াস কৰা উচিত । লগতে শাস্ত্ৰ জ্ঞানৰ সহায়ত নিজৰ প্ৰকৃত পৰিচয় সম্পৰ্কে অনুসন্ধান কৰা উচিত। তাৰ পিচত উপযুক্ত প্ৰকাৰৰ পাৰমাৰ্থিক সধনাৰ সহায়ত এই সমস্ত বিষয়ৰ পৰা মুক্তিলাভ কৰাৰ চেষ্টা কৰা উচিত। হৰিদেৱ গুৰুজনাই কৈছে যে মহান বৈদিক ঋষিসকলৰ বিশুদ্ধ্ব অন্তঃকৰণত উক্ত সকলো বিষয়ৰে গভীৰ অনুভূতি স্বতঃষ্ফুৰ্ত্তভাৱে উদয় হৈছিল। তেওঁলোকে সেই জ্ঞান বেদৰ মাধ্যমত প্ৰকাশ কৰি গৈছে । পৰবৰ্ত্তী কালৰ মানুহে বুজিব পৰাকৈ ঋষি সকলে এই বেদজ্ঞানৰ সহজ ব্যাখ্যা কৰি বিভিন্ন প্ৰকাৰৰ বৈদিক শাস্ত্ৰ প্ৰণয়ন কৰিছে । ভাগৱতত এই জ্ঞান পুনৰ সৰল কৰি আমাৰ দৰে সাধাৰণ অজ্ঞানী লোকেও বুজিব পৰা ধৰণে উপস্থাপন কৰা হৈছে । হৰিদেৱ গুৰুজনাই বেদ আৰু বৈদিক দৰ্শন শাস্ত্ৰৰ অধ্যয়ন সমাপ্ত কৰাৰ অন্তত একেৰাহে পাঁচবছৰ কাল পুৰীৰ জগন্নাথ মন্দিৰত একানপতীয়াভাৱে কেৱল মাত্ৰ ভাগৱত শাস্ত্ৰৰ গৱেষণামূলক অধ্যয়ন কাৰ্যত ব্ৰতী হৈছিল । ভাগৱত শাস্ত্ৰৰ ওপৰত গুৰুজনাৰ জ্ঞানৰ গভীৰতা কিমান হ’ব পাৰে তাক এই তথ্যৰ পৰাই অনুমান কৰিব পাৰি । এনে বিশাল জ্ঞানৰ আধাৰত হৰিদেৱ গুৰুজনাই খৃষ্টীয় পঞ্চদশ শতিকাতে অসমৰ জনসাধাৰণক ওপৰোক্ত সকলো বিষয়ৰ ব্যৱহাৰিক শিক্ষা দিব পৰা ধৰণে নিজৰ সত্ৰানুষ্ঠানৰ শিক্ষা ব্যৱস্থাৰ পৰিকল্পনা যুগুত কৰিছিল । (আগলৈ)
No comments:
Post a Comment