Thursday, 29 July 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -17 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৭)

 

For  realizing  Lord Krishna as the supersoul or Param Brahma and feeling the presence of Krishna in us as our soul  we need not do anything more except purification or cleaning of our “antahkarana”,that is, the inner senses or the mind. These things are already discussed in details.  In our day to day life we use various methods for cleaning different items of our use. By using one method of cleaning we can not clean each and everything. For example with the process used by us for cleaning a dirty cloth we can not clean dirty floor, utensils, bookshelf etc. We can not see our face clearly in the mirror if dirts cover the surface of it. Then we are to clean the surface of the mirror to see our face there. For cleaning it we gently rub the surface of the mirror with a piece soft cloth soaked in some cleaning agent.  If we use some rough process for this purpose then the mirror may be broken into pieces. Similarly, for purification of antahkarana or mind some prescribed procedures are there. In the Vedic scriptures so many methods are suggested for cleaning or purification of the antahkarana, that is, the mind, intelligence and the senses. People can follow different methods suggested by different scriptures.But Generally the method to be followed  is  suggested by a spiritual master or Guru after assessment of the nacessacity, knowledge, capacity etc of his disciples and also in accordance with the situations under which his disciples live . Bhagavata suggests nine ways for this purpose. Guru Harideva recommends those nine ways for the common ignorant people like us. It is also said by him that Lord Krishna or the soul inside us is self illuminated like the Sun and the fire. For seeing the things of the world light form the Sun or fire is needed. But for seeing the self illuminated Sun and fire there is no need of light from other sources. Similarly, for feeling Lord Krishna as Param Brahma or the soul in us there is no need of anything except purification of our mind. Once the mind or antahkarana or inner senses are purified God realization is automatically attained. Guru Harideva further suggests that one need not follow all the nine ways of purification suggested in the Bhagavata. People can follow any one or more than one ways as per their own interest and convenience but whatever way is followed should be practiced with full faith and devotion. ( to be continued)

ভগৱান শ্ৰীকৃষ্ণক পৰমব্ৰহ্ম বা পৰমেশ্বৰৰ বুলি অনুভৱ কৰাৰ বাবে আৰু কৃষ্ণক আত্মাৰূপে  উপলব্ধি কৰাৰ বাবে নিজৰ অন্তঃকৰণ পৰিষ্কাৰ বা বিশুদ্ধ কৰাত বাদে আমাৰ কৰণীয় অন্য একো নাই । এই কথা আগতে বিশদভাৱে  আলোচনা কৰা হৈছে।দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা বিভিন্ন বস্তু পৰিষ্কাৰ কৰাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা হয় । এটা পদ্ধতি ব্যৱহাৰ কৰি সকলো বস্তু পৰিষ্কাৰ কৰিব নোৱাৰি ।উদাহৰণ স্বৰূপে লেতেৰা কাপোৰ পৰিষ্কাৰ কৰাৰ বাবে যি পদ্ধতি ব্যৱহাৰ কৰা হয় সেই একে পদ্ধতিৰে ঘৰৰ মজিয়া ,বাচন-বৰ্ত্তন, কিতাপ, মেজ আদি পৰিষ্কাৰ কৰা নহয়আইনাত ধুলিৰ চামনি পৰিলে তাত আমাৰ মুখৰ প্ৰতিবিম্ব দেখা  নাযায়। তেতিয়া চাবোনৰ পানীত তিয়াই লোৱা মিহি কাপোৰ এখনেৰে আইনাখন সাৱধানে পৰিষ্কাৰ কৰা হয় কাপোৰ ধোৱাৰ দৰে চাবোন পানীত তিয়াই থুকুচি থুকুচি আইনা পৰিষ্কাৰ কৰিবলে ই ভাঙি যাবএকেদৰে মন পৰিষ্কাৰ কৰাৰ বাবেও কিছুমান নিৰ্দিষ্ট উপায় বা পদ্ধতি আছে বৈদিক শাস্ত্ৰসমুহত চিত্তশুদ্ধি অৰ্থাৎ অন্তঃকৰণ বা মন ,বুদ্ধি আৰু ইন্দ্ৰিয়সমুহ পৰিষ্কাৰ বা বিশুদ্ধ  কৰাৰ বাবে অনেক প্ৰকাৰৰ উপায় বৰ্ণনা কৰা হৈছে ।মানুহে বিভিন্ন শাস্ত্ৰত বৰ্ণনা কৰা বিভিন্ন উপায় অৱলম্বন কৰি এই কাম কৰিব পাৰে ।কিন্তু সাধাৰণতে পাৰমাৰ্থিক শিক্ষক বা গুৰুসকলে নিজৰ নিজৰ ছাত্ৰ বা শিষ্যৰ জ্ঞান ,অভিৰুচি , ক্ষমতা আৰু জীৱনধাৰণৰ পৰিবেশ-পৰিস্থিতি বিচাৰ কৰি কোনে কি উপায় লোৱা উচিত তাক নিৰ্দ্ধাৰণ কৰি দিয়ে।ভাগৱত শাস্ত্ৰত চিত্তশুদ্ধিৰ বাবে ন টি উপায় নিৰ্দেশ কৰা হৈছে । হৰিদেৱ গুৰুজনাই আমাৰ দৰে সাধাৰণ অজ্ঞানী লোকৰ বাবে এই ন টি উপায় উপযুক্ত বুলি নিৰ্বাচন কৰি দিছে । লগতে গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণ বা আমাৰ আত্মা সূৰ্য আৰু অগ্নিৰ দৰে স্বয়ংপ্ৰকাশজগতৰ অন্য বস্তু চাবৰ বাবে সূৰ্য বা অগ্নিৰ পোহৰ  প্ৰয়োজন হয়। কিন্তু অগ্নি আৰু সূৰ্য চাবৰ বাবে অন্য কোনো উৎসৰ পৰা পোহৰ লোৱাৰ প্ৰয়োজন নহয় । একেদৰে ভগৱান কৃষ্ণক পৰমব্ৰহ্ম বুলি অনুভৱ কৰাৰ বাবে আৰু আমাৰ নিজৰ হৃদয়ত আত্মাৰূপে কৃষ্ণৰ উপস্থিতি উপলব্ধি কৰাৰ বাবে অন্তঃকৰণ বিশুদ্ধ হোৱাটোৱে একমাত্ৰ প্ৰয়োজনীয় কথা।অন্তঃকৰণ বিশুদ্ধ হোৱাৰ লগে লগে ঈশ্বৰ অনুভূতি বা আত্মজ্ঞান নিজে নিজে উদয় হয় গুৰুজনাই আৰু কৈছে যে  কোনো ব্যক্তিয়ে চিত্তশুদ্ধিৰ বাবে ভাগৱতত বৰ্ননা কৰা ন টি উপায়ৰ আটাইকেইটা ব্যৱহাৰ  কৰাৰ প্ৰয়োজন নাই ।নিজৰ অভিৰুচি আৰু সুবিধামতে যিকোনো এটা বা একাধিক উপায় বাছি ল’ব পাৰে কিন্তু যি উপায় বাছি লোৱা হয় সেই অনুসৰি কৰা অভ্যাস,   সাধনা  আদি নিষ্ঠা আৰু ভক্তিযুক্ত হব লাগে(আগলৈ)


No comments:

Post a Comment