In Bhagavata it
is told that from the beginning of the
creation
to its end
fire
always remains present. But we feel that the fire is born when it comes into
contact of firewood or other fuel and gets lighted. We also feel that fire dies when it is extinguished. In a similar way
though our soul exists forever we feel
that the soul takes birth when it comes into contact with a body . Again, when
the soul left the body we feel that it is dead. Bhagavata and other Vedic
scriptures tell that most of us do not know that the soul is eternal and is
totally separate from the body. So we commit such mistakes in our feelings. The
death of one particular body does not mean the end of our birth and death cycles.
Actually we take birth and move in this world with a combination of two bodies.
One is called gross body or the physical part of the body. The other is called
the subtle body or the finer part of the body. The gross body is the body which
we can see, touch etc and it is constituted with fine form of the five basic
material elements or “Panchabhuta”. Our mind , intelligence , ego , chitta or
store house of memories, senses etc constitute our subtle body. This body is
constructed with finer and finest qualities of the “Panchabhuta” or the five
basic material elements. It is told that our death means the destruction of our
gross body which we wrongly identify as our own self or “I”.That is, after
death of the Gross body we do not remain in this world as Mr. so and so, son of
so and so, resident of so and so place etc. But our existence as Jiva or individual
self does not end there. Bhagavata tells that after death of the gross body the
jiva or soul in us moves in the world with the subtle body. This subtle body
carries the “Samskara” or memories of all experiences that we gained in all of
our past lives and enters into another gross body. This new gross body is suitable for enjoyment of the outcomes of a
selected portion of the deeds already
performed by us in our past lives. Such connection of our subtle body with a new gross
body is called rebirth.In this way our births and deaths continue for forever unless we become aware
of these facts and know the way of
coming out of this unending cycle of miseries. Such knowledge is essential to
understand the purpose and aim of religious teachings .In Bhagavata, this subject
is elaborately discussed. Guru Harideva
introduced this subject as part of the religious teachings of his Satra
Institution.(to be continued)
ভাগৱতত কোৱা হৈছে যে জুই সৃষ্টিৰ আদিৰ পৰা অন্তলৈকে থাকে । কিন্তু কাঠ বা অন্য ইন্ধনৰ লগত সংযুক্ত হৈ জ্বলি উঠিলে আমি জুইৰ জন্ম হোৱা বুলি ভাৱো আৰু নুমাই গ’লে আমি জুইৰ মৃত্যু হোৱা বুলি ভাৱো । একেদৰে আত্মা চিৰকাল থাকে যদিও কোনো শৰীৰৰ লগত সংযুক্ত হ’লে আমি আত্মাৰ জন্ম হোৱা বুলি ভাৱো আৰু আত্মাই শৰীৰ ত্যাগ কৰাৰ পিছত আত্মাৰ মৃত্যু হোৱা বুলি ভাৱো। ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে যে আত্মাৰ অমৰত্ব আৰু শৰীৰ আৰু আত্মাৰ পাৰ্থক্যৰ বিষয়ে শুদ্ধ জ্ঞান নথকাৰ বাবে আমাৰ এনে ভুল ধাৰণা হয় ।প্ৰকৃততে দুটা শৰীৰৰ সংযুক্ত অৱস্থাত আমি জন্ম লওঁ আৰু জগতত বিচৰণ কৰো । ইয়াৰ এটা হৈছে স্থূল শৰীৰ যাক আমি দেখা পাওঁ ,চুই চাব পাৰো ইত্যাদি । এই শৰীৰ সুক্ষ্ম পঞ্চ মহাভূতৰ দ্বাৰা নিৰ্মিত। আনহাতে মন, বুদ্ধি ,চিত্ত , অহংকাৰ , ইন্দ্ৰিয় ইত্যাদিক লৈ আমাৰ সুক্ষ্ম শৰীৰ গঠন হৈছে । সুক্ষ্ম শৰীৰ সুক্ষ্মতৰ আৰু সুক্ষ্মতম পঞ্চমহাভূতৰ দ্বাৰা নিৰ্মিত ।কোৱা হৈছে যে যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া স্থূল শৰীৰ যাক আমি সচৰাচৰ “মই” বুলি ভাৱি থাকো সিহে ধ্বংস হয় । অৰ্থাৎ স্থূল শৰীৰৰ মৃত্যু হোৱাৰ পিছত আমি জগতত নিজকে অমুকৰ পুত্ৰ শ্ৰী অমুক , অমুক স্থানৰ বাসিন্দা ইত্যাদি হিচাপে পৰিচয় দিব নোৱাৰো । কিন্তু জীৱ হিচাপে বা পৰমাত্মাৰ পৰা পৃথক আত্মা হিচাপে আমাৰ অস্তিত্ব বা পৰিচয় ইমানতে অন্ত নপৰে । ভাগৱতত কোৱা হৈছে যে স্থূল শৰীৰৰ মৃত্যুৰ পিছত জীৱ বা আত্মা সুক্ষ্ম শৰীৰত থাকি জগতত বিচৰণ কৰে । এই সুক্ষ্ম শৰীৰে আমি পূৰ্বতে বিভিন্ন জন্মত বিভিন্ন শৰীৰৰ মাধ্যমত কৰি অহা সকলো কৰ্মৰ অভিজ্ঞতাৰ সংস্কাৰ বা স্মৃতি বহন কৰে । এই সুক্ষ্ম শৰীৰৰ আৱেষ্টনীত সোমাই আমি আমাৰ পূৰ্ব জন্মসমুহত কৰা একাংশ কৰ্মৰ ফল ভোগ কৰাৰ বাবে উপযুক্ত এটা নতুন স্থূল শৰীৰত প্ৰৱেশ কৰো । আমাৰ সুক্ষ্ম শৰীৰৰ সৈতে নতুন স্থূলশৰীৰৰ এনে সংযোগকে পুনৰ্জন্ম বুলি কোৱা হয় । যদি এই কথাবিলাক জনা নহয় আৰু ইয়াৰ পৰা ওলাই অহাৰ চেষ্টা কৰা নহয় তেন্তে এই প্ৰক্ৰিয়া অনন্ত কাললৈকে চলি থাকে আৰু আমি জন্মমৃত্যুৰ পাকচক্ৰত পৰি চিৰকাল দুৰ্ভোগ ভোগ কৰিব লগীয়া হয়। এইবিলাক কথা নাজানিলে ধৰ্মীয় শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য কি তাকো বুজা সম্ভৱ নহয়। ভাগৱতত এই বিষয়টো বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে । হৰিদেৱ গুৰুজনাই এই বিষয়ৰ পাঠ তেওঁৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষাৰ অবিচ্ছেদ্য অংশ হিচাপে অন্তৰ্ভুক্ত কৰিছিল ।(আগলৈ)
No comments:
Post a Comment