We
can not fix our mind in anything that does not have a name and some forms related to that
name. We know that there are different words or names to mean water in
different languages. If one utters any name which means water, the picture of
water comes to the mind of people who knows the meaning of that word. But if a
person does not know what water is then the word uttered to mean water carries no
meaning for him. Also, if one does not know the meaning of the word uttered to
mean water, then also a word uttered to mean water carries no meaning for
him. That is, a name and knowledge of the thing indicated by that particular name
is necessary to fix our mind on certain thing or to form some idea about a
thing. Now, God or the ultimate truth does
not have any particular name and form. So,it is not possible for us to form any
idea of God or fix our mind on God in
the above way. It
is told that God revealed himself in the pure hearts of the great Vedic sages.
After realization of God in that way they described their feelings in the Vedas
and Vedic scriptures. So, scriptures are the source from which we get various names
and other descriptions of God or the Ultimate Truth. By going through those names and descriptions
the common people like us can form an idea about the ultimate truth. In other words it can be
said that based on the idea given by the scriptures we can fix our mind on God.It
is told in the scriptures that after fixing the mind on God , our body mind
complex is purified gradually. If this process is continued then gradually from
ordinary human being we can become perfect human being. After coming to this
stage, God reveals himself in our purified heart and this is said to be the only
way to know God. Guru Harideva tells that any Vedic Scripture can lead a human
being to this stage of perfection and realization. But for that we should be
able to clearly understand the underlying meaning of each and every word contained
in a particular scripture. Also, we should perform spiritual practice by
strictly following all rules and regulations as suggested by that particular scripture.
It is not possible for a common human being like us to do that without the
guidance of a competent spiritual teacher or Guru. Guru Harideva considered all
these facts and selected the Bhagavata and the Bhagavdgita for us. The
religious teachings of his Satra Institution are mainly based on these two
scriptures. (to be continued)
নাম আৰু ৰূপ নথকা কোনো বস্তুৰ বিষয়ে আমি একো ধাৰণা কৰিব নোৱাৰো।আমি জানো যে বিভিন্ন ভাষাত পানীৰ বিভিন্ন নাম আছে আৰু পানী কি তাক দেখা বা অনুভৱ কৰা যায় । যেতিয়া কোনো মানুহে পানীক বুজোৱা কোনো নাম বা শব্দ উচ্চাৰণ কৰে তেতিয়া সেই নামৰ অৰ্থ বুজি পোৱা যিকোনো মানুহৰ মনত পানীৰ ছৱি ভাহি উঠে । কিন্তু যি মানুহে পানী কি বস্তু নাজানে তেনে মানুহক পানী বুলি কলে তেওঁৰ মনত পানীৰ ছবি ভাহি উঠিব নোৱাৰে । একেদৰে যি মানুহে পানী শব্দৰ দ্বাৰা কি বস্তু বুজোৱা হয় তাক নাজানে তেওঁক পানী বুলি ক’লেও তেওঁৰ মনত পানীৰ ছবি ভাহি নুঠে । অৰ্থাৎ যিকোনো বস্তুৰ সৈতে আমাৰ মনৰ সংযোগ সাধন কৰাৰ বাবে বস্তুৰ নাম আৰু সেই নামৰ দ্বাৰা বুজোৱা বস্তুৰ সৈতে পৰিচয় এই দুয়োটা থকাৰ প্ৰয়োজন হয় । এতিয়া কথা হৈছে পৰম সত্য বা পৰমেশ্বৰৰ কোনো নিৰ্দিষ্ট নাম আৰু ৰূপ থাকিব নোৱাৰে । সেই কাৰণে ওপৰোক্ত পদ্ধতিৰ দ্বাৰা আমি পৰম সত্য বা পৰমেশ্বৰৰ বিষয়ে একো ধাৰণা কৰিব নোৱাৰো বা ঈশ্বৰত মন সংযোগ কৰিব নোৱাৰো । কোৱা হৈছে যে বৈদিক ঋষিসকলৰ পবিত্ৰ অন্তঃকৰণত ঈশ্বৰে আত্মপ্ৰকাশ কৰিছিল । এনেদৰে ঈশ্বৰ অনুভূতি লাভ কৰাৰ পিছত তেওঁলোকে নিজৰ নিজৰ অনুভৱ বেদ আৰু বৈদিক শাস্ত্ৰসমুহৰ জৰিয়তে প্ৰকাশ কৰি গৈছে । এই শাস্ত্ৰসমুহেই হৈছে একমাত্ৰ উৎস য’ত আমি ঈশ্বৰৰ বিভিন্ন নাম, ৰূপ আৰু কাৰ্যাৱলীৰ বৰ্ণনা পাওঁ । শাস্ত্ৰত উল্লেখ কৰা নাম আৰু অন্যান্য বৰ্ণনাৰ আলম লৈহে আমাৰ দৰে সাধাৰণ অজ্ঞানী ব্যক্তিয়ে ঈশ্বৰ সম্পৰ্কে কিবা অলপ ধাৰণা কৰিব পাৰো । অন্যভাৱে ক’ব পাৰি যে বিভিন্ন শাস্ত্ৰত পৰম সত্য বা পৰমেশ্বৰৰ বিভিন্ন নাম ,ৰূপ আৰু অন্যান্য বৰ্ণনা আছে আৰু সেইবিলাকৰ ওপৰত ভিত্তি কৰিহে আমি ঈশ্বৰত মনসংযোগ কৰিব পাৰো ।শাস্ত্ৰত কোৱা হৈছে যে ঈশ্বৰত মনসংযোগ কৰাৰ লগে লগে আমাৰ শৰীৰ মন বিশুদ্ধ হ’বলৈ আৰম্ভ কৰে ।এনে মনোসংযোগ অহৰহ চলি থাকিলে শৰীৰ-মন এটা সময়ত সম্পূৰ্ণ বিশুদ্ধ হয় আৰু তেতিয়া সাধাৰণ মানুহ পূৰ্ণমানৱত পৰিণত । তেনে পূৰ্ণমানৱৰ বিশুদ্ধ অন্তঃকৰণত ঈশ্বৰে আত্মপ্ৰকাশ কৰে । কোৱা হৈছে যে ঈশ্বৰ উপলব্ধিৰ এয়ে একমাত্ৰ পথ ।হৰিদেৱ গুৰুজনাই কৈছে যে যিকোনো বৈদিক শাস্ত্ৰই মানুহক এনে পূৰ্ণতাপ্ৰাপ্তি আৰু ঈশ্বৰ উপলব্ধিৰ পৰ্যায়লৈ লৈ যাব পাৰে।কিন্তু ইয়াৰ বাবে নিৰ্বাচন কৰি লোৱা বিশেষ শাস্ত্ৰখনত কোৱা প্ৰতিটো কথাৰ গুঢ়তম অৰ্থ সম্পূৰ্ণভাৱে বুজি পাব লাগে আৰু সেই শাস্ত্ৰৰ সম্পূৰ্ণ নিৰ্দেশ আখৰে আখৰে মানি পাৰমাৰ্থিক সাধনা কৰিব লাগে।আমাৰ দৰে সাধাৰণ অজ্ঞানী মানুহৰ বাবে উপযুক্ত গুৰুৰ সহায় নোলোৱাকৈ এই কাম কৰা সম্ভৱ নহয় । ওপৰোক্ত সকলো কথা বিবেচনা কৰি হৰিদেৱ গুৰুজনাই আমাৰ বাবে ভাগৱত আৰু ভগৱদ্গীতা শাস্ত্ৰ নিৰ্বাচন কৰিছে আৰু তেওঁৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা ব্যৱস্থা প্ৰধানতঃ এই দুই শাস্ত্ৰৰ আধাৰত প্ৰতিষ্ঠিত ।(আগলৈ)
No comments:
Post a Comment