Saturday, 3 July 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -4 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৪)

 

The Vedas tell that the ultimate truth is only one. This ultimate truth is described in different ways by different sages of different times. In this way the volume of the Vedic scriptures becomes as vast as the ocean.  It is not possible for a person to go through all the Vedic scriptures during his lifetime. Bhagavata tells that people need not be worried about the Vastness of the Vedic knowledge. The varieties of expression of God or the ultimate truth are unimaginably vast and so the scriptures containing the description of God are also too vast. The sky is also too vast and no bird can fly throughout the whole sky. Birds fly in the sky in accordance with the capacities of their wings. Similarly a human being should try to know the ultimate truth  through the Vedic scriptures and make spiritual practice in accordance with the capacity of their understanding. Now, it is not possible for a common people to assess his own understanding capacity and select correct scriptures and correct ways of approach for this purpose. To guide people in this regard Guru Harideva tells that the supersoul present in us as our own soul is the ultimate truth and this is the only subject described from the beginning to end of  all Vedic scriptures. In the Vedas, the Puranas, Ramayana, Mahabharata and all other Vedic scriptures whatever descriptions are there,  all of them are the descriptions of this  single ultimate truth. We find water in solid, liquid and gaseous forms. The size and shape of water contained in tank, river, sea and other containers are different. Water is available in fruits, vegetables and so many other things as juice. We describe the same water with different names and adjectives because of such varieties of its existence. Moreover, there are different words or names to mean water in different languages of human beings. In this way we can find thousands of names, description etc which tell us about water only. In a similar way we get different names and descriptions of one and the same Ultimate truth given by different sages in different Vedic scriptures. Based on such observation of the Vedas and Vedic scriptures Guru Harideva tells that those people who clearly realize  this truth need not try to study all the Vedic scriptures to know the Ultimate Truth. They can reach the ultimate truth by following the descriptions contained in any of the Vedic scriptures.From this fact we can clearly  understand that the education system of the Satra Institution of Guru Harideva shows equal respect for all branches of spiritual practice included in the Vedic Sanatana Dharma. (to be continued)      

 বেদত কোৱা হৈছে যে পৰম সত্য এক আৰু অদ্বিতীয়  এই এক পৰম সত্যকে বিভিন্ন কালৰ বিভিন্ন ঋষি-মুনিয়ে বিভিন্ন প্ৰকাৰে ব্যাখ্যা কৰিছে ইয়াৰ ফলতে সাগৰ সদৃশ বিশাল পৰিমাণৰ বৈদিক শাস্ত্ৰৰ সৃষ্টি হৈছে ভাগৱতত কোৱা হৈছে যে বৈদিক শাস্ত্ৰৰ বিশাল ভাণ্ডাৰ দেখি ভয় খোৱাৰ প্ৰয়োজন নাই পৰম সত্য বা পৰমেশ্বৰৰ প্ৰকাশৰ বিভিন্নতা আৰু বিশালতা আমাৰ কল্পনাৰ অতীত সেই কাৰণে এই সত্যৰ বিষয়ে বৰ্ণনা কৰা শাস্ত্ৰও অতিশয় বিশাল আমি দেখি থকা আকাশখনো অতিশয় বিশাল কোনো চৰাইয়ে সমগ্ৰ আকাশত উৰি ফুৰিব নোৱাৰে চৰাইয়ে নিজৰ পাখিৰ সামৰ্থ্য অনুসৰিহে আকাশত উৰি ফুৰে একেদৰে মানুহেও নিজৰ সামৰ্থ্য অনুসৰি শাস্ত্ৰ অধ্যয়ন  আৰু পাৰমাৰ্থিক সাধনা কৰি পৰম সত্যক উপলব্ধি কৰাৰ চেষ্টা কৰিব লাগে এতিয়া প্ৰশ্ন হৈছে আমাৰ দৰে সাধাৰণ অজ্ঞানী মানুহে নিজৰ শক্তি সামৰ্থ্য নিজে নিৰ্ধাৰণ কৰি উপযুক্ত  শাস্ত্ৰ  আৰু পাৰমাৰ্থিক সাধনাৰ বাবে উপযোগী পথ বিচাৰি উলিওৱা সম্ভৱ নহয় এই দিশত সাধাৰণ মনুহক উপদেশ দি হৰিদেৱ গুৰুজনাই কৈছে যে আমাৰ প্ৰত্যকৰে অন্তৰত আত্মাৰূপে সদা-সৰ্বদা অৱস্থান কৰি থকা ত্মাই হৈছে পৰমাত্মা বা পৰমেশ্বৰ বেদ , ৰামায়ণ ,মহাভাৰত , সকলোকেইখন পুৰাণ আৰু অন্যান্য সকলো বৈদিক শাস্ত্ৰৰ আদিৰ পৰা অন্তলৈকে যিমানবিলাক বিষয় বৰ্ণনা কৰা হৈছে সেই সকলোখিনিৰ দ্বাৰা এই  এক পৰমাত্মাৰ কথাকে বিভিন্ন প্ৰকাৰে কোৱা হৈছে।পানীক আমি গোটা , জুলীয়া আৰু গেছীয় তিনিটা অৱস্থাত দেখা পাওঁ পুখুৰী , নদী,সাগৰ , বিভিন্ন আকাৰৰ পাত্ৰ আদিত থকা পানীৰ আকাৰ আৰু আকৃতি বেলেগ বেলেগ বিভিন্ন ফল-মূল ,শাক-পাচলি আৰু অন্যান্য অনেক বস্তুত ৰস হিচাপে পানী থাকে এনে প্ৰকাৰৰ বিভিন্নতা থকা হেতুকে একে পানীক আমি বিভিন্ন নাম আৰু বিশেষণ লগাই বৰ্ণনা কৰো তদুপৰি মানুহে ব্যৱহাৰ কৰা বিভিন্ন ভাষাত পানীক বুজাবৰ বাবে বেলেগ বেলেগ নাম বা শব্দ ব্যৱহাৰ কৰা হয় এনেদৰে বিচাৰ কৰি চালে আমি হাজাৰৰ সংখ্যাত বেলেগ বেলেগ নাম আৰু বৰ্ণনা পাওঁ যাৰ দ্বাৰা কেৱল পানীৰ কথা কোৱা হয় একেদৰে বিভিন্ন ঋষি-মুনিয়ে  বিভিন্ন প্ৰকাৰৰ বৰ্ণনা , নাম ইত্যাদি দি ৰচনা কৰা বিভিন্ন প্ৰকাৰৰ বৈদিক শাস্ত্ৰৰ মাধ্যমত কেৱল মাত্ৰ এক পৰমাত্মা বা পৰমেশ্বৰৰ কথা কোৱা হৈছে বেদ ,উপনিষদ আৰু ভাগৱতকে ধৰি অন্যান্য বৈদিক শাস্ত্ৰই দিয়া এই জ্ঞানৰ আধাৰত হৰিদেৱ গুৰুজনাই কৈছে যে যিসকল ব্যক্তিয়ে ওপৰোক্ত তত্ব স্পষ্টভাৱে উপলব্ধি কৰিব পাৰে তেওঁলোকে সমস্ত বৈদিক শাস্ত্ৰ অধ্যয়ন কৰি পৰম সত্যক উপলব্ধি কৰাৰ বাবে প্ৰচেষ্টা কৰাৰ প্ৰয়োজন নহয় তেনে ব্যক্তিয়ে যিকোনো বৈদিক শাস্ত্ৰ অধ্যয়ন কৰি আৰু সেই শাস্ত্ৰৰ নিৰ্দেশমতে পাৰমাৰ্থিক সাধনা কৰি পৰম সত্য বা পৰমেশ্বৰক উপলব্ধি কৰিব পাৰে ইয়াৰ পৰা হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ শিক্ষা ব্যৱস্থা বৈদিক সনাতন ধৰ্মৰ অন্তৰ্গত সকলো ধৰ্মমত আৰু সাধনপথৰ প্ৰতি সমানে  শ্ৰদ্ধাশীল  বুলি স্পষ্টভাৱে বুজিব পাৰি। (আগলৈ) 

No comments:

Post a Comment