Guru
Harideva explains the reason of choosing Bhagavata as basis for religious teachings of his Satra Institution
very nicely. He tells that the Bhagavata originates from the Supersoul or Parambrahman
or God Almighty. God fully revealed himself to mighty lord Brahma through four
numbers of verses only. These four verses were conveyed to sage Narada by him.
Sage Narada conveyed the same four verses to sage Vyasadeva. Though this revelation
was in a very short form, it was sufficient for the understanding capacity of
lord Brahma, sages Narada and Vyasadeva. With that they were able to fully understand
the nature of Param Brahma or God Almighty or Supersoul or whatever other name
people may like to call the nondual ultimate truth. In our practical life we
see that an intelligent student understands the lessons taught by his teacher
with short explanation and a comparatively dull student understands the same
lesson after elaborate explanation. It is said that sage Vyasadeva explained
those four verses originated from God Almighty with too vast elaboration. In
this way the Scripture Bhagavata comes into existence. In this scripture the
great sage Vyasadeva tried to bring the vast spiritual knowledge contained in
the said four verses to the reach of all
people irrespective of their cast, creed, nature, gender, character, profession, location
and status of living and so on. Here the spiritual knowledge is described in very
interesting ways. So, the Bhagavata is able to attract all people starting from
the sages of higher intelligence to a people of lowest position in the human society . All people can connect their mind with God by following the instructions contained in it.
Guru Harideva tells that though elaboration is too vast there is nothing extra
in Bhagavata which can be discarded by
us. When we take a fruit for eating we remove peel ,seed and some other parts of it. Thus we
eat some selected portion of the fruit. But in case of Bhagavata this is not
possible. It is told in the Vedas that the Param Brahma or God Almighty is all
inclusive. Nothing remains outside God. Something can be good or bad,
acceptable or unacceptable for us as because our mind can not grasp the knowledge
of the God and his creation as a whole. But Bhagavata contains explanation of
everything included in God and his creation. So, if people consider one part of
knowledge contained in Bhagavata as acceptable and and another part as unacceptable
then that is nothing but introduction of the impurities of human mind into the stream of pure knowledge contained in the
Bhagavata.(to be continued)
হৰিদেৱ গুৰুজনাই নিজৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষাৰ আধাৰ গ্ৰন্থ হিচাপে ভাগৱত শাস্ত্ৰ নিৰ্বাচন কৰাৰ যুক্তিযুক্ততা সুন্দৰভাৱে ব্যাখ্যা কৰিছে ।তেওঁ কৈছে যে ভাগৱত শাস্ত্ৰৰ উৎপত্তিৰ উৎস হৈছে স্বয়ং পৰমাত্মা বা পৰমব্ৰহ্ম বা পৰমেশ্বৰ।কোৱা হৈছে যে পৰমেশ্বৰে মাত্ৰ
চাৰিটা শ্লোকৰ মাধ্যমত সৃষ্টিৰ উচ্চতম লোকৰ অধিপতি দেৱতা ব্ৰহ্মাৰ হৃদয়ত নিজৰ বিষয়ে পূৰ্ণজ্ঞানৰ সঞ্চাৰ কৰিছিল ।
এই চাৰিটা শ্লোকৰ মাধ্যমতে ব্ৰহ্মাই নাৰদ ঋষিক জ্ঞান প্ৰদান কৰিছিল আৰু নাৰদে সেই একে চাৰিটা শ্লোকৰ দ্বাৰাই ঋষি ব্যাসদেৱক ঈশ্বৰ সম্পৰ্কে পূৰ্ণ জ্ঞান প্ৰদান কৰিছিল ।
জ্ঞান প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা কথা অতি চমু আছিল যদিও ব্ৰহ্মা , নাৰদ আৰু ব্যাসদেৱৰ দৰে উচ্চ জ্ঞানসম্পন্ন দেৱতা আৰু ঋষি মুনিয়ে ঈশ্বৰক সম্পূৰ্ণভাৱে বুজি পোৱাৰ বাবে সেয়াই যথেষ্ট আছিল ।
ইয়াৰ পৰাই তেওঁলোকে পৰমেশ্বৰ ,পৰমাত্মা , পৰমব্ৰহ্ম ইত্যাদি বিভিন্ন নামৰ দ্বাৰা বিভিন্ন জনে বুজোৱা এক আৰু অদ্বিতীয় পৰম সত্যক পূৰ্ণৰূপে বুজি পাইছিল ।আমাৰ দৈনন্দিন জীৱনতো আমি দেখা পাওঁ যে শিক্ষকে অলপ কথা ক’লেই বুদ্ধিমান ছাত্ৰই বুজি পায় ।
ক’ম বুদ্ধিসম্পন্ন ছাত্ৰই একেখিনি কথাকে বহুধৰণে ব্যাখ্যা কৰি বুজালেহে বুজি পায় ।কোৱা হৈছে যে ঋষি ব্যাসদেৱে ঈশ্বৰৰ পৰা প্ৰকাশ পোৱা সেই চাৰিটা শ্লোককে বিভিন্ন ধৰণে অতিশয় বিস্তাৰিত ৰূপত ব্যাখ্যা কৰিছে আৰু এনেদৰে ভাগৱত শাস্ত্ৰৰ সৃষ্টি হৈছে।এই শাস্ত্ৰত ওপৰোক্ত চাৰিটা শ্লোকত অন্তৰ্নিহিত হৈ থকা বিশাল পাৰমাৰ্থিক জ্ঞান বিভিন্ন জাতি ,ধৰ্ম , বৰ্ণ, লিঙ্গ , স্বভাৱ-চৰিত্ৰ , বৃত্তি , বাসস্থান ইত্যাদি বিভিন্ন পৰিবেশ-পৰিস্থিতিত থকা সকলো লোকে বুজিব পৰাকৈ বিভিন্ন ধৰণে ব্যাখ্যা কৰা হৈছে।
ইয়াত পাৰমাৰ্থিক জ্ঞানযুক্ত কথাবিলাক অতি ৰসালভাৱে ব্যাখ্যা কৰা হৈছে।
সেই কাৰণে এই শাস্ত্ৰই উচ্চ জ্ঞান সম্পন্ন ঋষি মুনিৰ পৰা আৰম্ভ অতি সাধাৰণ অজ্ঞানী লোকলৈকে সকলোৰে মন ঈশ্বৰৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে আৰু এই শাস্ত্ৰৰ নিৰ্দেশ পালন কৰি যিকোনো লোকে ঈশ্বৰৰ সৈতে নিজ মনৰ সংযোগ স্থাপন কৰিব পাৰে।
হৰিদেৱ গুৰুজনাই কৈছে যে ভাগৱতত পৰম তত্ব বা পৰমেশ্বৰৰ কথা অতি বিস্তাৰিত ভাৱে কোৱা হৈছে যদিও ইয়াৰ পৰা এটা কথাও বাদ দিব নোৱাৰি ।
আমি যেতিয়া ফল খাব খোজো তেতিয়া ইয়াৰ বাকলি , গুটি আদিকে ধৰি বহু অংশ কাটি পেলাই দিয়া হয় আৰু খাদ্যৰ উপযোগী অংশটোহে খোৱা হয় ।
কিন্তু ভাগৱত শাস্ত্ৰৰ ক্ষেত্ৰত এনে কৰিব নোৱাৰি।
বেদত কোৱা হৈছে যে জগতৰ সকলোকে সামৰি লৈ পৰমব্ৰহ্ম বা পৰমেশ্বৰ এক তত্ব।জগতৰ একো বস্তুৱে ঈশ্বৰৰ বাহিৰত নাই । ঈশ্বৰ আৰু ঈশ্বৰ
সৃষ্টি এক বুলি সামগ্ৰিকভাৱে ধৰণা কৰা ক্ষমতা আমাৰ মনৰ নাই কাৰণে জগতৰ
কিবা বস্তু ভাল বা বেয়া , গ্ৰহণযোগ্য বা পৰিত্যাজ্য ইত্যাদি বুলি আমিহে ভাৱো ।
ভাগৱতত ঈশ্বৰ আৰু তেওঁৰ সমগ্ৰ সৃষ্টিক সামগ্ৰিকভাৱে
বৰ্ণনা কৰা হৈছে
। সেয়েহে
ভাগৱতৰ এটা অংশ গ্ৰহণযোগ্য আৰু আন এটা অংশ গ্ৰহণযোগ্য নহয় বুলি ভাৱিলে আমাৰ মনৰ অক্ষমতা আৰু অপৱিত্ৰ ভাৱ ভাগৱত কথাৰ পৱিত্ৰ ভাৱ্ধাৰাৰ মাজত সুমুৱাই দিয়াৰ দৰে হয় বুলি হৰিদেৱ গুৰুজনাই কৈছে ।(আগলৈ)
No comments:
Post a Comment