Tuesday, 27 July 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -16 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১৬)

 

Through various stories, analogies and explanations Bhagavata makes it clear that the unlimited potency of Parma Brahma is fully expressed through Lord Krishna. The bodies manifested in the creation may be big or small, living or nonliving, natural or unnatural and so on. But Param Brahma or the supersoul is partially expressed through all bodies manifested in the creation. The physical, mental, intelligential powers etc shown by human beings through their activities are partial expression of the God Almighty present in them. Similarly,  through the activities of demigods, Kings, emperors, heroes, sages,  scholars, artists, singers, demons  and all other entities God Almighty is partially  expressed. Even, the extraordinary transcendental activities performed by the incarnations of God Almighty are also partial expression of the unlimited power God Almighty. The full body of a human being includes all big and small limbs starting from the top of the hair to the end of his toes along with the powers and activities of all those limbs. The soul present in the body controls everything and at the same time remains outside everything of those. Similarly, the innumerable number of universes in the creation, innumerable number of bodies in each universe and the activities of those bodies added together constitute the cosmic body. This body is unimaginably vast for common people like us. It is said that the Param Brahma or God Almighty controls everything of this unimaginably vast cosmic body as the supersoul and also remains outside of everything. Through various stories, sub-stories, examples, analogies and theoretical explanation Bhagavata makes it clear that through the human body of Lord Krishna the full potency of this Param Brahma or the Supersoul is fully expressed. So, by knowing Krishna, we can know param Brahma. We know that unless we connect our mind with a subject of knowledge we can not gain any knowledge of that subject. Based on his profound knowledge of Bhagavata Guru Harideva suggests that through Bhagavata we should connect our mind with Lord Krishna and try to know him. As a result of that the ‘antahkarana’ or mind becomes purified and Lord Krishna reveals himself in the purified heart  people with the full potency of Param Brahma. For common people like us this is said to be the only way to realize the nameless, formless and attributeless Param Brahma. This is the ultimate goal of the religious teachings of the satra Institution of Guru Harideva. (to be continued)  

ভাগৱতত বিভিন্ন কাহিনী ,উপমা আৰু ব্যাখ্যাৰ সহায়ত ভগৱান কৃষ্ণৰ অপ্ৰাকৃত মনুষ্য শৰীৰৰ মাধ্যমত পৰমব্ৰহ্মৰ বা পৰমেশ্বৰৰ পূৰ্ণ প্ৰকাশ হৈছে বুলি স্পষ্টকৈ বুজাই দিয়া হৈছে জগতৰ ক্ষুদ্ৰ-বৃহৎ , স্থাৱৰ জঙ্গম, প্ৰাকৃত-অপ্ৰাকৃত ইত্যাদি সকলো শৰীৰৰ মাধ্যমেদি পৰমেশ্বৰৰ আংশিক শক্তি প্ৰকাশিত হয় মনুষ্য শৰীৰৰ মাধ্যমত যিবিলাক শাৰিৰীক ,মানসিক ,বোদ্ধিক ইত্যাদি শক্তি আৰু বিভিন্ন প্ৰকাৰৰ কাৰ্যক্ষমতা  প্ৰকাশিত হয় সেয়াও ভগৱানৰে শক্তিৰ প্ৰকাশ সাধাৰণ মানুহৰ মাধ্যমত পৰমেশ্বৰৰ অনন্ত শক্তিৰ এটা সামান্য অংশ প্ৰকাশিত হয় ৰজা-মহাৰজাৰ ৰাজসিক শক্তি , বীৰ্-বীৰাঙ্গণাৰ বীৰত্ব শক্তি ,জ্ঞানীৰ জ্ঞান শক্তি,কলা-কুশলীৰ কৌশল শক্তি, ঋষিমুনি-সকলৰ তপস্যা-জ্ঞান-মেধাশক্তি, দেৱী-দেৱতাৰ দৈৱশক্তি , দৈত্য-দানৱ্- অসুৰৰ প্ৰচণ্ড আসুৰিক শক্তি ইত্যাদিকে ধৰি যিবিলাক বিশেষ বিশেষ শক্তি জগতত প্ৰকাশিত হয় সেই সমুহো ভগৱানৰ অনন্ত শক্তিৰ আংশিক প্ৰকাশ । আনকি ভগৱানৰ অৱতাৰ সকলৰ অপ্ৰাকৃত শৰীৰৰ মাধ্যমত যি অচিন্তনীয় শক্তি প্ৰকাশিত হয় সেয়াও কিছুমান নিৰ্দিষ্ট আৰু অসাধাৰণ কৰ্ম সাধনৰ উদ্দেশ্যে প্ৰকাশিত হোৱা পৰমাত্মাৰ আংশিক শক্তি বুলি কোৱা হৈছে ।মানুহৰ চুলিৰ আগৰ পৰা আৰম্ভ কৰি ভৰিৰ নখৰ আগলৈকে সৰু-বৰ সকলো অঙ্গ-প্ৰত্যঙ্গ , সেই সমুহৰ শক্তি আৰু কাৰ্য-কলাপ সকলো একেলগ কৰি এটা সম্পূৰ্ণ মানৱ শৰীৰ বুলি ধৰা হয়।শৰীৰস্থ আত্মাই এই সমস্তকে নিয়ন্ত্ৰণ কৰাৰ উপৰিও শৰীৰৰ উৰ্দ্ধতো থাকে। একেদৰে অসংখ্য বিশ্বব্ৰহ্মাণ্ড, অসংখ্য বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰ্গত অসংখ্য শৰীৰ , সেই সমস্ত শৰীৰৰ শক্তি আৰু কাৰ্যকলাপ সেই সমস্তকে একেলগ কৰি ব্ৰহ্মাণ্ড শৰীৰ বুলি ধৰা হয়। পৰম ব্ৰহ্ম বা পৰমেশ্বৰ আমাৰ দৰে মানৱৰ  ধ্যান ধৰণাৰ অতীত এই বৃহৎ ব্ৰহ্মাণ্ড শৰীৰৰ নিয়ন্ত্ৰক পৰমাত্মা হোৱাৰ উপৰিও ইয়াৰ বাহিৰতো বৰ্ত্তমান।বিভিন্ন কাহিনী, উপকাহিনী, উদাহৰণ ,উপমা, তত্বিক ব্যাখ্যা ইত্যাদিৰ মাধ্যমত ভাগৱতে প্ৰমাণ কৰি দেখুৱাইছে যে ভগৱান কৃষ্ণৰ মানৱ শৰীৰৰ মাধ্যমত সাধাৰণ মানুহৰ ধ্যান ধাৰণাৰ অতীত এই  পৰমব্ৰহ্মৰ পূৰ্ণ প্ৰকাশ ঘটিছে আমি জানো যে কোনো বস্তুৰ সৈতে মনৰ সংযোগ ঘটাব নোৱাৰিলে সেই বস্তুৰ জ্ঞান আহৰণ কৰা সম্ভৱ নহয় নিজৰ অগাধ ভাগৱত জ্ঞানৰ আধাৰত আমাক উপদেশ দি হৰিদেৱ গুৰুজনাই কৈছে যে ভাগৱত শাস্ত্ৰৰ জৰিয়তে আমি ভগৱান কৃষ্ণৰ সৈতে মনৰ সংযোগ সাধন কৰিব পাৰো তাৰ ফলত আমাৰ চিত্তশুদ্ধি হয় আৰু বিশুদ্ধ চিত্তত ভগৱান কৃষ্ণই অচিন্ত্য অনন্ত শক্তিৰ অধিকাৰী পৰমব্ৰহ্মৰূপে আত্মপ্ৰকাশ কৰে আমাৰ দৰে সাধাৰণ মানুহৰ বাবে নিৰ্গুণ, নিৰাকাৰ পৰম ব্ৰহ্মক জনাৰ বা উপলব্ধি কৰাৰ এয়ে একমাত্ৰ পথ হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষাৰ এয়ে মূল লক্ষ্য । (আগলৈ)


No comments:

Post a Comment