Bhagavata tells
that it is not possible for us to perform any kind of spiritual practice without fixing our mind
on God. Scriptures are the connecting link through which we can connect our
mind with God. Guru Harideva selected Bhagavata and Bhagabadgita for common people
like us for the purpose of establishment of our connection with God and know
God by fixing our mind on God. The religious education, general education,
social education and all other educational program of the Satra Institution of
Guru Harideva are based on the knowledge and instructions contained in these two scriptures. Regarding the
influence of Bhagavadgita on the teachings of Guru Harideva we will discuss at
proper place. The religious teachings of his Satra Institution are mainly based
on the teachings of Bhagavata. Bhagavata tells that Lord Krishna is the
supersoul. He is the consciousness or soul in all living and nonliving entities
in the creation. Guru Harideva tells that since Lord Krishna remains present in us as
our soul , naturally Krishna is the
object of our highest love . Discovering the presence of Lord Krishna in us as
our soul or the object of our supreme love should be the purpose of all types of religious
practices according to Guru Harideva. He tells that people earn Gold, money, building
etc with too much efforts. They make all possible arrangements to protect these
possessions of them. In spite of that people always remain afraid of losing
these things. But the most valuable possession, that is, lord Krishna or the
soul, remains hidden in the heart of
people without any attention of them. This is due to their ignorance. Huge
quantity of wealth may remain buried under the floor of the cottage of a poor beggar.
Unless the poor man knows it he never tries to
dig the floor and take out the wealth. Because of that in spite of having huge
wealth in his own house he can not become rich. Similarly due to ignorance people
can not know that the object of their supreme
love or their most valuable possession is Lord Krishna and he is always available
with them as their soul. Once ignorance is removed people can know this fact.
Then only people
can realize that discovering the presence of
Krishna in one’s own heart is the most essential duty of human life. After this
achievement people can become totally free from all types of fear and live a
joyful life. In Bhagavata these things are discussed elaborately and these are the
subjects of religious teachings of the Satra Institution of Guru Harideva.(to
be continued)
ভাগৱতত কোৱা হৈছে যে ঈশ্বৰত মনসংযোগ নকৰাকৈ কোনো ধৰণৰ পাৰমাৰ্থিক সাধনা কৰা সম্ভৱ নহয়। শাস্ত্ৰৰ জৰিয়তে আমি ঈশ্বৰৰ বিষয়ে জানিব পাৰো আৰু তাৰ পিছতহে ঈশ্বৰত মনসংযোগ কৰা সম্ভৱ হয় । আমাৰ দৰে সাধাৰণ লোকে যাতে ঈশ্বৰৰ সৈতে মনৰ সংযোগ সাধন কৰি ঈশ্বৰৰ কথা জানিব পাৰে তাৰ বাবে হৰিদেৱ গুৰুজনাই ভাগৱত আৰু ভগৱদ্গীতা শাস্ত্ৰ বাছি দিছে । সাধাৰণ শিক্ষা ,ধৰ্মীয় শিক্ষা , সামাজিক শিক্ষা আদিকে ধৰি হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ সকলো শিক্ষা ব্যৱস্থা এই দুখন শাস্ত্ৰৰ শিক্ষাৰ আৰ্হিত প্ৰতিষ্ঠিত । হৰিদেৱ গুৰুজনাই দিয়া শিক্ষাৰ ওপৰত ভগৱদ্গীতাৰ প্ৰভাৱৰ বিষয়ে যথাস্থানত কোৱা হ’ব । তেওঁৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা প্ৰধানতঃ ভাগৱত শাস্ত্ৰৰ শিক্ষাৰ আধাৰত প্ৰতিষ্ঠিত ।ভাগৱতত কোৱা হৈছে যে ভগৱান শ্ৰীকৃষ্ণই পৰমাত্মা । তেঁৱে সৃষ্টিৰ স্থাৱৰ জঙ্গম প্ৰত্যেকৰে ভিতৰত চৈতন্য বা আত্মাৰূপে অৱস্থান কৰে। হৰিদেৱ গুৰুজনাই কৈছে যে কৃষ্ণ আমাৰ আত্মা হোৱা হেতুকে তেওঁ স্বাভাৱিকতে আমাৰ সৰ্বোত্তম প্ৰেমৰ বস্তু । এই সৰ্বোত্তম প্ৰেমৰ বস্তু , যি সৰ্বদা আমাৰ লগে লগে আছে সেই কৃষ্ণক নিজৰ অন্তৰত আবিষ্কাৰ কৰাই সকলো প্ৰকাৰৰ পাৰমাৰ্থিক সাধনাৰ একমাত্ৰ উদেশ্য। মানুহে অশেষ কষ্ট স্বীকাৰ কৰি মূল্যৱান ধন-সোণ , সা-সম্পত্তি ইত্যাদি অৰ্জন কৰে । তেওঁলোকে সেই বস্তুবোৰ সংৰক্ষিত কৰি ৰখাৰ বাবে অনেক প্ৰকাৰৰ ব্যৱস্থা কৰে । কিন্তু তাৰ পিছতো মূল্যৱান বস্তুসমুহ তেওঁলোকৰ হাতৰ পৰা গুছি যাব বুলি চিন্তা কৰি সদায় ভীতিগ্ৰস্ত হৈ থাকে । কিন্তু সবাতোকৈ মূল্যবান সম্পদ কৃষ্ণ বা আত্মা নিজৰ ভিতৰতে থকাৰ পিছতো সেই পৰম সম্পদৰ পিনে মানুহে ফিৰিও নাচায়। ইয়াৰ কাৰণ হৈছে মানুহৰ অজ্ঞানতা । দুখীয়া ভিক্ষাৰী এজনৰ ভগা পঁজাৰ মজিয়াৰ তলত বহুমূলীয়া মণি-মুকুতা পোঁত গৈ থাকিব পাৰে । কিন্তু দুখীয়া মানুহজনে যেতিয়ালৈকে কথাটো নাজানে তেতিয়ালৈকে তেওঁ ঘৰৰ মজিয়া খান্দি সা-সম্পদখিনি বাহিৰ কৰাৰ চেষ্টা নকৰে। ফলত নিজৰ ঘৰতে প্ৰচুৰ ধন-সম্পদ থকা সত্বেও তেওঁ ধনবান ব্যক্তি হ’ব নোৱাৰে। একেদৰে অজ্ঞান অৱস্থাৰ বাবে কৃষ্ণ বা আত্মাৰূপ অমূল্য সম্পদ নিজৰ ভিতৰতে আছে বুলি মানুহে নাজানে। অজ্ঞান অৱস্থা দূৰ হোৱাৰ পিছতহে মানুহে এই কথা জানিব পাৰে আৰু এই সম্পদ বিচাৰি উলিওৱাটো মানৱ জীৱনৰ পৰম কৰ্ত্তব্য বুলি বুজিব পাৰে। এই সম্পদ লাভ কৰাৰ পিছতহে মানুহে সকলো প্ৰকাৰৰ ভয়ৰ পৰা সম্পূৰ্ণ মুক্ত হৈ আনন্দময় জীৱন উপভোগ কৰিব পাৰে।ভাগৱতত এইবিলাক কথা বিস্তাৰিতভাৱে ব্যাখ্যা কৰা হৈছে আৰু এইবিলাক হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষাৰ অন্তৰ্গত বিষয়-বস্তু । (আগলৈ)
No comments:
Post a Comment