A
farmer ploughs his field, sows seeds, maintains the seedlings for certain
periods of time and finally harvests the
crops. Those crops are the fruits of his works which he can see with his own eyes
and enjoy them. A student learns from his teachers, studies books and makes
practical experiments to gain knowledge of certain subject. The student can not
see the knowledge with his eyes but he can feel it with his mind and
intelligence. People perform Vedic sacrifices and various other rituals with the
expectations of going to heaven or gaining material comforts in this world. The results of those performances can not be
seen or felt directly by the performers. The Vedic Scriptures assure some benefits
for the performers of sacrifices, worships etc. So, people do those works out
of their faith in the Vedic scriptures. In this way we see that to get
something we are to do some works and the things we earn in that way are called
the fruits or outcomes of work. Guru Harideva tells that realization of the
presence of Lord Krishna in one’s heart as his soul or attainment of self
realization is not like earning of something by doing some works as described
above. God realization is not like earning of crops, knowledge, heavenly
comforts etc by performance of works. God realization is not the outcome or
fruit of some activities performed by us. Generally people do some works to
earn something which they desires to have but not available with them. But so far as Krishna or the soul is
concerned the matter is different. This
is because Krishna is always present with us as our soul and without his
presence in us we can not live for a single moment. We can like the things of
the world and we can dislike them also. We can accept the things of the world
and we can reject them also. But this is not possible in case of Lord Krishna
or the soul. His presence in us does not depend upon our like or dislike and
acceptance or rejection etc. Under all conditions of our life the soul or lord
Krishna remains always present with us and he is the object of our supreme
love. So, attainment of self realization or God realization means discovery of lord
Krishna who is already present in us as our soul and as the object of our supreme love. Guru Harideva tried to establish Lord Krishna
in the heart of common ignorant people in this way through the religious
teachings of his Satra Institution. (to be continued)
এজন খেতিয়কে পথাৰত হাল বায় ,বীজ সিচেঁ , খেতিডৰা আপডাল কৰে আৰু উপযুক্ত সময়ত শস্য চপায় । উৎপাদিত শস্যখিনি খেতিয়কজনে কৰা কৰ্মৰ ফল। এই ফল তেওঁ নিজ চকুৰে দেখা পায় আৰু উপভোগ কৰিব পাৰে । এজন ছাত্ৰই শিক্ষকৰ পৰা শিকে , নিজে কিতাপ-পত্ৰ পঢ়ে , বিভিন্ন ধৰণৰ ব্যৱহাৰিক পৰীক্ষা-নিৰীক্ষা কৰে আৰু এনেদৰে কোনো এটা বিষয়ৰ জ্ঞান আহৰণ কৰে । অৰ্জন কৰা জ্ঞান চকুৰে দেখা নাপায় যদিও ছাত্ৰজনে ইয়াক মন আৰু বুদ্ধিৰ দ্বাৰা অনুভৱ কৰিব পাৰে। স্বৰ্গলাভ বা ইহজগতৰ সুখ সম্পদ পোৱাৰ আশা কৰি মানুহে বৈদিক যাগ-যজ্ঞ আৰু অন্যান্য প্ৰকাৰৰ ধৰ্মীয় কাৰ্য সম্পাদন কৰে । এই কাৰ্যসমুহ কৰা মানুহে ইয়াৰ ফল প্ৰত্যক্ষ্যভাৱে চাব বা অনুভৱ কৰিব নোৱাৰে। শাস্ত্ৰত যাগ-যজ্ঞ ,পূজা-পাতল আদিৰ পৰা পাব পৰা ফল সম্পৰ্কে নিশ্চিতি প্ৰদান কৰা হৈছে আৰু শাস্ত্ৰই কোৱা কথাত বিশ্বাস থকা কাৰণে মানুহে এইবিলাক কৰ্ম কৰে । এনেদৰে চালে দেখা যায় যে কিবা বস্তু পাবৰ বাবে আমি কিবা কৰ্ম কৰিব লাগে আৰু কৰ্মৰ দ্বাৰা আৰ্জি লোৱা বস্তুকে কৰ্মফল বুলি কোৱা হয় । হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান লাভ বা নিজৰ ভিতৰত আত্মাৰূপে ভগৱান কৃষ্ণৰ উপস্থিতি অনুভৱ কৰাটো কোনো কৰ্মৰ পৰা অৰ্জন কৰা ফল নহয় । শস্য , জ্ঞান , স্বৰ্গসুখ আদি অৰ্জন কৰাৰ নিচিনাকৈ কৰ্মৰ জৰিয়তে ঈশ্বৰ অনুভূতি বা আত্মজ্ঞান অৰ্জন কৰিব নোৱাৰি । ঈশ্বৰ অনুভূতি লাভ আমি কৰা কোনো কৰ্মৰ ফল নহয় । সাধাৰণতে মানুহে নিজৰ অধিকাৰত নথকা কিবা বস্তু নিজৰ কৰি লবলৈ ইচ্ছা কৰে আৰু সেই ইচ্ছা পূৰণ কৰাৰ বাবে কিবা কাম কৰে । কিন্তু কৃষ্ণপ্ৰাপ্তি বা আত্মজ্ঞান লাভৰ ক্ষেত্ৰত কথাবিলাক তেনে নহয়।ইয়াৰ কাৰণ হৈছে কৃষ্ণ আমাৰ আত্মাৰূপে সদা-সৰ্বদা আমাৰ লগতে থাকে , কৃষ্ণ অবিহনে আমি এক মুহুৰ্ত্তও জীয়াই থাকিব নোৱাৰো । অন্য বস্তু আমি ভাল পাবও পাৰো আৰু বেয়া পাবও পাৰো । অন্য বস্তু আমি ইচ্ছা থাকিলে গ্ৰহণ কৰিব পাৰো আৰু ইচ্ছা নহ’লে নোলোৱাকৈও থাকিব পাৰো বা পৰিত্যাগ কৰিব পাৰো।কিন্তু আমাৰ ভিতৰত কৃষ্ণৰ উপস্থিতি আমাৰ নিজৰ ইচ্ছা বা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে আৰু আমাৰ নিজৰ ভাল পোৱা বা বেয়া পোৱাৰ ওপৰতো নিৰ্ভৰ নকৰে । সকলো সময়তে আৰু জীৱনৰ সকলো পৰিস্থিতিতে আত্মা বা কৃষ্ণ আমাৰ লগতে থাকে আৰু কৃষ্ণই আমাৰ সৰ্বোত্তম প্ৰেমৰ বস্তু । গতিকে কৃষ্ণলাভ কৰাৰ অৰ্থ হৈছে আমাৰ ভিতৰতে থকা কৃষ্ণক নিজৰ আত্মা আৰু সবাতোকৈ প্ৰিয়তম সম্পদৰ ৰূপত আৱিষ্কাৰ কৰা বা অনুভৱ কৰা। হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানৰ মাধ্যমত প্ৰদান কৰা শিক্ষাৰ জৰিয়তে সাধাৰণ অজ্ঞানী মানুহৰ হৃদয়ত ভগৱান কৃষ্ণক এনে ৰূপত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল । (আগলৈ)
No comments:
Post a Comment