Bhagavata
is the main base or text book for religious teachings of the Satra
Institution of Guru Harideva. We know
that if the text book is not correct then the students
can not get correct education. Again, competent teachers are required to explain
the subject strictly in accordance with the descriptions contained in the text
book. Otherwise, the students can not get perfect knowledge in spite of having
a perfect text book. To solve the problem of text book Guru Harideva collected
authentic manuscript of original Bhagavata from Jagannatha Temple of Puri. To
fulfill the requirement of competent teacher he himself started recitation and
explanation of the Bhagavata in his first Satra Institution. Both men and women
of all ages, all casts and all familial and social backgrounds were allowed to
come to his Satra Institution. All were allowed to participate in the
recitation sessions of Bhagavata conducted by Guru Harideva. All of them were
allowed to put questions for clarification of their doubts. But almost all of
those people were common ignorant people.They did not have any idea of a
spiritual life beyond their day to day material life. They were accustomed to
live the life of householder without following any scriptural rules and
regulations suggested for a householder. In Bhagavata it is told that this
class of people should first be taught to regulate their householder’s life in
which they are already accustomed. Proper instruction and training should be given to
those people to develop the ideal characteristics of a human being. They should
be encouraged to attain economic growth, social reputations, worthy sons and
daughters, material pleasures etc under scriptural rules and regulations. Bhagavata
tells that in this way those people gradually become interested for spiritual
life and finally they can attain self realization or God realization. Also, to
make the things easy to understand, Bhagavata explains the ways of attainment
of self realization or perfection of human life by a householder through
the life stories of many characters. Due to non availability
of competent teacher in the initial stage Guru Harideva himself started giving
those lessons to common people from the Bhagavata through his Satra
Institution. Afterwards he trained up some highly qualified Vedic scholars for
this job. (to be continued )
ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু নিৰ্দেশৰ আধাৰত হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ শিক্ষাব্যৱস্থা প্ৰতিষ্ঠিত বুলি আগতে কৈ অহা হৈছে। গতিকে ভাগৱত শাস্ত্ৰ হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ মূল পাঠ্যপুস্তক বুলি ক’ব পাৰি ।আমি জানো যে পাঠ্যপুস্তক শুদ্ধ নহলে ছাত্ৰক শুদ্ধ শিক্ষা দিব নোৱাৰি। আনহাতে পাঠ্যপুথি শুদ্ধ হ’লেও শিক্ষকে যদি তাত যি কথা যেনেদৰে লিখা থাকে ঠিক তেনেদৰে ব্যাখ্যা কৰি বুজাব নোৱাৰে তেতিয়াও ছাত্ৰই শুদ্ধ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে ।হৰিদেৱ গুৰুজনাই পুৰীৰ জগন্নাথ মন্দিৰৰ পৰা মূল ভাগৱত আনি পাঠ্যপুথিৰ সমস্যা সমাধান কৰিছিল । উপযুক্ত শিক্ষকৰ অভাৱ পূৰণ কৰাৰ বাবে গুৰুজনাই নিজে নিয়মিতভাৱে সত্ৰানুষ্ঠানত মূল ভাগৱত পাঠ কৰিছিল আৰু তাৰ ব্যাখ্যা আগবঢ়াইছিল । পুৰুষ মহিলা নিৰ্বিশেষে সকলো বয়সৰ, সকলো জাতিৰ, সকলো পাৰিবাৰিক আৰু সামাজিক অৱস্থাৰ লোকে তেওঁৰ সত্ৰানুষ্ঠানৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিছিল । সকলোৱে সত্ৰত অনুষ্ঠিত ভাগৱত পাঠ অনুষ্ঠানত যোগদান কৰিব পাৰিছিল । প্ৰশ্ন উত্থাপন কৰি নিজৰ নিজৰ মনৰ সন্দেহ দূৰ কৰাৰ অধিকাৰ সকলোকে দিয়া হৈছিল। কিন্তু তেওঁৰ সত্ৰলৈ অহা প্ৰায় সকলো শ্ৰেণীৰ লোকৰে জ্ঞান বুদ্ধি একেবাৰে কম আছিল । নিজৰ দৈনন্দিন সাংসাৰিক জীৱনৰ বাহিৰত অন্য এক পাৰমাৰ্থিক জীৱন থাকিব পাৰে বুলিও তেওঁলোকৰ ধাৰণাই নাছিল। ভাগৱতত কোৱা হৈছে যে জ্ঞানৰ অভাৱত এইসকল লোকে নিয়ম নীতিহীন গাৰ্হস্থ্য জীৱন যাপন কৰি থাকে। ভুলভাৱে হ’লেও তেওঁলোক গাৰ্হস্থ্য জীৱন যাপন কৰাত অভ্যস্ত ।সেইকাৰণে তেওঁলোকক নিজৰ নিজৰ গাৰ্হস্থ্য জীৱন শাস্ত্ৰীয় নিয়মমতে সুনিয়ন্ত্ৰিত কৰাৰ বাবে উপযুক্ত শিক্ষা দিব লাগে । আদৰ্শ গৃহস্থ ব্যক্তি হিচাপে তেওঁলোকৰ আচাৰ-আচৰণ কেনে হোৱা উচিত তাৰ জ্ঞান আৰু প্ৰশিক্ষণ দিব লাগে ।তেওঁলোকক শাস্ত্ৰৰ নীতি-নিৰ্দেশ অনুসৰি নিজৰ আৰ্থিক অৱস্থাৰ উন্নতি, সামাজিক মান-মৰ্যাদা বৃদ্ধি , গুণী-জ্ঞানী পুত্ৰ-কন্যাৰ উৎপাদন আৰু উপযুক্ত প্ৰতিপালন , বৈষয়িক সুখ আনন্দ আহৰণ ইত্যাদি কৰাৰ বাবে উৎসাহিত কৰিব লাগে । ভাগৱতে কৈছে যে এনেদৰে শাস্ত্ৰৰ নিয়ম অনুসৰি শুদ্ধভাৱে গৃহস্থ ধৰ্ম পালন কৰি থাকিলে এটা সময়ত এইসকল লোক পাৰমাৰ্থিক জীৱনৰ প্ৰতি আকৃষ্ট হয় আৰু অৱশেষত তেওঁলোকে মানৱ জীৱনৰ চৰম লক্ষ্যত উপনীত হ’ব পাৰে । গৃহস্থ জীৱনত থাকিও মানুহে কিদৰে আত্মজ্ঞান লাভ কৰিব পাৰে বা পূৰ্ণ মানৱত পৰিণত হ’ব পাৰে তাকো বহু চৰিত্ৰৰ জীৱন কাহিনীৰ মাধ্যমেৰে ভাগৱত শাস্ত্ৰত সহজভাৱে বুজাই দিয়া হৈছে । উপযুক্ত শিক্ষক নথকা হেতুকে প্ৰথম অৱস্থাত গুৰুজনাই নিজে সত্ৰত নিয়মিভাৱে ভাগৱত পাঠ কৰি জনসাধাৰণৰ মনোগ্ৰাহী হোৱাকৈ এইবিলাক কথা বুজাই দিছিল ।পৰৱৰ্ত্তী কালত গুৰুজনাই চাৰিজন উচ্চশিক্ষিত বেদজ্ঞ পণ্ডিত ব্যক্তিক উপযুক্ত প্ৰশিক্ষণ দি এই কামৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিছিল । (আগলৈ)
No comments:
Post a Comment