We know that pure
food is essential to maintain a healthy body. If we take adulterated food then
our body can not remain healthy. So, we take utmost care in selecting our food
items. Scriptures tell that the knowledge we acquire with our mind and
intelligence is the food for our mind. Pure food provided to the mind makes our
mind pure. It is said that spiritual knowledge acquired from Vedic scriptures
makes our mind pure and God reveals himself in the pure mind of human beings. This
is said to be the aim of human life. Thus as a human being it becomes our duty to
acquire pure food for our mind by studying, hearing and discussing the description
of God contained in the Vedic scriptures. For this purpose the scriptures we use should be in the
original pure form as depicted by the learned sages. Guru Harideva suggests
that for common people like us Bhagavata is best scripture for acquiring
knowledge of God. Lord Krishna is said to be the supersoul or God Almighty in
Bhagavata. But Krishna was a famous human personality who was present on earth
some five thousand years ago. People know that he took birth and performed huge
activities during his life time. Some of the activities performed by him were
of superhuman nature and he died at his age of hundred years or so. One part of
people recognizes him as God . Another
part of people do not recognize
Krishna as God. In Bhagavadgita Lord Krishna tells that for those people whose
mind is full of impurities, the reality of Lord Krishna remains covered. Being
unable to feel his real nature, those people
see his human body only and think that Krishna
is an ordinary human being. Only after the removal of the cover of their own ignorance
it is possible for people to realize Krishna as the supersoul. In Bhagavata
Sage Vyasadeva very carefully describes the real nature of Lord Krishna to
remove all doubts that may arise in our mind as described above. Also, the ways
and means for removal of the cover of ignorance which creates doubts in the
mind of people are suggested in Bhagavata. Guru Harideva recommended for us this
original Bhagavata composed by the great Sage Vyasadeva and which does not
contain any addition, deletion and alteration introduced in it in the later
stages. The religious teachings of his Satra Institution were based of this
original version of the Bhagavata. (to be continued)
আমি জানো যে সুস্থ শৰীৰ লৈ জীয়াই থকাৰ বাবে আমাক খাদ্যৰ প্ৰয়োজন হয়।আমি ইয়াকো জানো ভেজাল খাদ্য খালে আমাৰ শৰীৰৰ সুস্থ হৈ নাথাকে।সেই কাৰণে খাদ্য বাছনি কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট সাৱধান হওঁ । শাস্ত্ৰত কোৱা হৈছে যে মন আৰু বুদ্ধিৰ প্ৰয়োগ কৰি আমি যিবিলাক জ্ঞান আহৰণ কৰো সেইবিলাক আমাৰ মনৰ খাদ্য । শুদ্ধ আহাৰে শৰীৰ সুস্থ ৰখাৰ দৰে আহৰণ কৰা জ্ঞান শুদ্ধ আৰু পবিত্ৰ হ’লে আমাৰ মনৰ বিশুদ্ধতা আৰু ভাৱনাৰ পবিত্ৰতা সাধন হয় ।শাস্ত্ৰত কোৱা হৈছে যে বৈদিক শাস্ত্ৰৰ পৰা আহৰণ কৰা শুদ্ধ পাৰমাৰ্থিক জ্ঞানে আমাৰ মন পৰিত্ৰ কৰে আৰু পবিত্ৰ মনৰ ব্যক্তিৰ হৃদয়ত ভগৱানে আত্মপ্ৰকাশ কৰে । মানৱ জীৱনৰ এয়ে মুখ্য উদ্দেশ্য বুলি কোৱা হৈছে । এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে বৈদিক শাস্ত্ৰৰ অধ্যয়ন, শ্ৰৱণ আৰু ইয়াত কোৱা কথাৰ আলোচনা বিলোচনা কৰি ঈশ্বৰৰ বিষয়ে শুদ্ধ জ্ঞান আহৰণ কৰা আমাৰ কৰ্ত্তব্য । কিন্তু শুদ্ধ জ্ঞান পাবৰ বাবে যি শাস্ত্ৰৰ পৰা জ্ঞান আহৰণ কৰা হয় সেই শাস্ত্ৰও মূলতে বৈদিক ঋষিসকলে যিদৰে বৰ্ণনা কৰি গৈছে তেনে বিশুদ্ধ ৰূপত পোৱাৰ প্ৰয়োজন হয়। হৰিদেৱ গুৰুজনাই কৈছে যে আমাৰ দৰে সাধাৰণ মানুহে ঈশ্বৰৰ বিষয়ে শুদ্ধ জ্ঞান আহৰণ কৰাৰ বাবে ভাগৱততকৈ উত্তম শাস্ত্ৰ নাই। ভাগৱতত শ্ৰীকৃষ্ণক পৰমাত্মা বা পৰমেশ্বৰ বুলি কোৱা হৈছে । কিন্তু মানুহে জানে যে এতিয়াৰ পৰা প্ৰায় পাঁচ হাজাৰমান বছৰ আগতে শ্ৰীকৃষ্ণ নামৰ এক বিশাল ব্যক্তিত্ব সম্পন্ন সুবিখ্যাত মানৱে ভাৰতত জন্ম গ্ৰহণ কৰিছিল্। জীৱন কালত তেওঁ বিশাল কৰ্মৰাজি সম্পন্ন কৰিছিল । তেওঁ কৰা অনেক কৰ্মৰ দ্বাৰা তেওঁৰ অতিমানৱীয় শক্তি প্ৰকাশ পাইছিল আৰু এশবছৰমান বয়সত তেওঁৰ মৃত্যু হৈছিল । জীৱিত কালতে একাংশ লোকে তেওঁক ঈশ্বৰ বা ঈশ্বৰৰ অৱতাৰ হিচাপে মান্যতা প্ৰদান কৰিছিল ।আকৌ অন্য বৃহৎ সংখ্যক লোকে তেওঁক ঈশ্বৰ বুলি মনা নাছিল বা তেওঁক শত্ৰু বুলি গণ্য কৰিছিল।ভগৱদ্গীতাত শ্ৰ্ৰীকৃষ্ণই নিজে কৈছে যে অজ্ঞান অৱস্থাৰ হেতুকে যিসকল মানুহৰ মন অশুদ্ধ তেওঁলোকৰ বাবে ভগৱান কৃষ্ণৰ প্ৰকৃত স্বৰূপ আবৃত হৈ থাকে । শ্ৰীকৃষ্ণৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব নোৱাৰা হেতুকে তেনে লোকে কৃষ্ণৰ মানৱ শৰীৰটোহে দেখা পায় আৰু তেওঁক এজন সাধাৰণ মানুহ বুলি ভাৱে ।অজ্ঞানতাৰ আৱৰণ আঁতৰি যোৱাৰ পিছতহে মানুহে শ্ৰীকৃষ্ণক পৰমাত্মা বা পৰমেশ্বৰ বুলি অনুভৱ কৰিব পাৰে । ভাগৱতত মহৰ্ষি ব্যাসদেৱে অতিশয় সাৱধানতা সহকাৰে আমাৰ দৰে সাধাৰণ মানুহৰ মনত উদয় হ’ব পৰা ওপৰোক্ত ধৰণৰ সকলো সন্দেহ দূৰ কৰি শ্ৰীকৃষ্ণৰ প্ৰকৃত স্বৰূপ বৰ্ণনা কৰিছে ।ইয়াৰ লগতে ঋষিয়ে আমাৰ মনত সন্দেহৰ উদ্ৰেক কৰিব পৰা অজ্ঞানৰ আৱৰণ কিদৰে দূৰ কৰিব পাৰি তাৰো উপায়-উপদেশ প্ৰদান কৰিছে । মহৰ্ষি ব্যাসদেৱে ৰচনা কৰা এই মূল ভাগৱত শাস্ত্ৰ অৰ্থাৎ যি ভাগৱত শাস্ত্ৰত পৰবৰ্ত্তী কালত কোনো পৰিবৰ্ত্তন হোৱা নাই , অথবা মূল কথাৰ সৈতে অন্য কোনো কথা যোগ হোৱা নাই বা ইয়াৰ পৰা কোনো কথা বাদ পৰা নাই সেই শুদ্ধ মূল ভাগৱত শাস্ত্ৰকহে হৰিদেৱ গুৰুজনাই মান্যতা প্ৰদান কৰিছিল। তেনে শুদ্ধ ভাগৱত শাস্ত্ৰৰ জৰিয়তেহে হৰিদেৱ গুৰুজনাই তেওঁৰ সত্ৰানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল।(আগলৈ)
No comments:
Post a Comment