Bhagavata tells
that to instruct Vedic knowledge to people covered by ignorance the great and
perfect personalities like sage Narada, Vyasadeva, Sukadeva and so many other
sages appeared in the earth from time to time. All of them were self realized
personalities having direct realization of God or the Ultimate Truth. All of
them were well aware of the facts that unless ignorant people are provided with
true spiritual knowledge and correct information about the procedure of
spiritual practice it is not possible for common people to realize the true
nature of God . The Vedas and the Vedic scriptures are the sources of such
knowledge and information. If these sources are not kept in pure form, the stream
of true knowledge and correct spiritual practice can not continue. The Vedic
sages were very much careful in this respect. They tried
their level best to preserve the Vedas and Vedic scripture in the original form
generation after generation by adopting various methods. Detailed descriptions
of those methods are available in some of the Vedic scriptures. So far as the preservation
of the original form of Bhagavata is concerned, Guru Harideva tells that after
completion of the composition of Bhagavata Sage Vyasadeva narrated it to his
son Sukadeva. Sukadeva was a self realized personality and he was free from any
involvement with the material world. Bhagavata was brought to public in the original
form by this great sage. Some of the great sages who heard the contents of Bhagavata from sage
Sukadeva preserved the scripture by keeping it in their memory. This process of
preservation continued for some generations. Then it came in the form of manuscript by the efforts of some of the
great sages who preserved the original form of Bhagavata in memory.It is said
that one such original manuscript kept
preserved in the Jagannatha Temple of Puri was made available to Guru Harideva.
He made research oriented study of that manuscript
of Bhagavata continuously for five years. One
authentic copy of this Manuscript was presented to him by the temple
authority at the time of his departure from Puri. He brought this manuscript to
Assam and preserved it as an item of worship in his Satra Institution. The religious
teachings imparted by him through his Satra Institution were based on the
knowledge and instructions contained in this authentic version of the original Bhagavata.
(to be continued)
ভাগৱতত কোৱা হৈছে যে অজ্ঞান আচ্ছ্ন্ন মানৱ সমাজক জ্ঞান প্ৰদান কৰাৰ বাবে, নাৰদ , ব্যাসদেৱ ,শুকদেৱ আদিকে ধৰি অনেক সংখ্যক ঋষি-মুনি বা অতিশয় উচ্চ স্তৰৰ পাৰমাৰ্থিক জ্ঞান সম্পন্ন পূৰ্ণমানৱে যুগে যুগে জগতত আবিৰ্ভূত হৈছিল ।তেওঁলোকৰ প্ৰত্যেকে আত্মজ্ঞান
সম্পন্ন পুৰুষ আৰু অতি উচ্চ স্তৰৰ সাধক আছিল।
তেওঁলোকে ঈশ্বৰক প্ৰত্যক্ষভাৱে উপলব্ধি কৰিছিল বা ঈশ্বৰৰ প্ৰত্যক্ষ দৰ্শন লাভ কৰিছিল।
সেইসকল
মহাপুৰুষে উপলব্ধি
কৰিছিল যে মানুহক যদি শুদ্ধ পাৰমাৰ্থিক জ্ঞান দিয়া নহয় আৰু পাৰমাৰ্থিক সাধনাৰ শুদ্ধ নিয়ম শিকোৱা নহয় তেন্তে ঈশ্বৰৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নহয়।বেদ আৰু বেদৰ আধাৰত ওপৰোক্ত পৰম জ্ঞানসম্পন্ন ঋষি-মুনিসকলে প্ৰণয়ন কৰা বৈদিক শাস্ত্ৰসমুহ হৈছে পাৰমাৰ্থিক জ্ঞানৰ মূল উৎস আৰু এই শাস্ত্ৰসমুহৰ পৰাই পাৰমাৰ্থিক সাধনাৰ শুদ্ধ পদ্ধতি সম্পৰ্কে শিক্ষা লাভ কৰা যায় ।গতিকে বৈদিক শাস্ত্ৰসমুহৰ বিশুদ্ধতা ৰক্ষা নকৰিলে বিশুদ্ধ জ্ঞান আৰু সাধনাৰ প্ৰবাহো চলি থাকিব নোৱাৰে ।
কোৱা হৈছে যে বৈদিক ঋষিমুনিসকল এই বিষয়ত অতিশয় সাৱধান আছিল । তেওঁলোকে শতিকাৰ পিছত শতিকা ধৰি পুৰুষানুক্ৰমে বেদ আৰু বৈদিক শাস্ত্ৰসমুহ মূল ৰূপত ধৰি ৰখাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল ।
ইয়াৰ বাবে তেওঁলোকে বিভিন্ন উপায় অৱলম্বন কৰিছিল ।
কিছুমান শাস্ত্ৰত এইবিলাক পদ্ধতিৰ বিতং বৰ্ণনা আছে ।
ভাগৱত শাস্ত্ৰ শুদ্ধ ৰূপত সংৰক্ষণ কৰাৰ
বাবে লোৱা ব্যৱস্থা সম্পৰ্কে বৰ্ণনা দি হৰিদেৱ গুৰুজনাই কৈছে যে মহৰ্ষি ব্যাসদেৱে ভাগৱত শাস্ত্ৰ ৰচনা সমাপ্ত কৰাৰ পিছত প্ৰথমতে ইয়াৰ বিতং জ্ঞান তেওঁৰ নিজৰ পুত্ৰ শুকদেৱক প্ৰদান কৰিছিল ।
শুকদেৱ সংসাৰৰ সমস্ত বৈষয়িক বিষয়বস্তুৰ পৰা সম্পূৰ্ণভাৱে মুক্ত আত্মজ্ঞানী মহাপুৰুষ আছিল ।ঋষি ব্যাসদৱে যেনকৈ ৰচনা কৰিছিল ঠিক তেনেকৈয়ে শুকদেৱে এই ভাগৱত শাস্ত্ৰ মানৱ সমাজত প্ৰচাৰ কৰিছিল ।
শুকদেৱৰ মুখৰ পৰা শুনি কেইজন মান মহাজ্ঞানী ঋষিয়ে মুল ৰূপত ভাগৱত শাস্ত্ৰ নিজৰ স্মৃতিত ধৰি ৰাখিছিল ।
ভাগৱত শাস্ত্ৰক মূল ৰূপত ধৰি ৰখাৰ এনে প্ৰক্ৰিয়া পুৰুষানুক্ৰমে সুদীৰ্ঘ কাল ধৰি চলি আহিছিল ।
পৰবৰ্ত্তী কালত তেনে কোনো শ্ৰুতিধৰ মহান ঋষিয়ে ভাগৱতৰ মূল ৰূপ লিপিবদ্ধ আকাৰত মানৱ সমাজক উপহাৰ দিছিল ।
কোৱা হৈছে যে পুৰীৰ জগন্নাথ মন্দিৰত সংৰক্ষিত কৰি ৰখা মূল ভাগৱত শাস্ত্ৰৰ তেনে এখন প্ৰাচীন পাণ্ডুলিপি হৰিদেৱ গুৰুজনাক দিয়া হৈছিল আৰু গুৰুজনাই একেৰাহে পাঁচবছৰ কাল সেই পাণ্ডুলিপিৰ আধাৰত পৰম শ্ৰদ্ধা সহকাৰে ভাগৱত শাস্ত্ৰৰ গবেষণামূলক অধ্যয়ন কৰিছিল ।
জগন্নাথ পুৰীৰ পৰা বিদায়
লোৱাৰ সময়ত মূল ভাগৱতৰ এখন শুদ্ধ প্ৰমাণিত পাণ্ডুলিপি মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁক উপহাৰ হিচাপে দিয়া হৈছিল ।
হৰিদেৱ গুৰুজনাই সেইখন মূল ভাগৱত লৈ অসমলৈ আহিছিল আৰু নিজে প্ৰতিষ্ঠা কৰা সত্ৰানুষ্ঠানত সেই ভাগৱত শাস্ত্ৰখন শ্ৰদ্ধা-উপাসনাৰ বস্তু হিচাপে স্থাপন কৰিছিল।এইখন মূল ভাগৱত শাস্ত্ৰকে আধাৰ গ্ৰন্থ হিচাপে লৈ গুৰুজনাই সত্ৰানুষ্ঠানৰ মাধ্যমত জনসাধাৰণক ধৰ্মীয় শিক্ষাদান কৰাৰ ব্যৱস্থা কৰিছিল।
(আগলৈ)
No comments:
Post a Comment