Rivers,
seas, mountains, animals, plants, reptiles, human beings, demigods and innumerable other types of bodies are manifested in the creation.
All bodies are made of five basic elements, namely earth, water, fire, air and
ether. That is, the five basic elements are available in all bodies in the
creation. At the same time those five basic elements are available in free state,
that is, without being constituent parts of the bodies. In a similar way, God
Almighty or the super soul remains present inside all bodies manifested in the
creation as their consciousness or soul and at the same time he is present outside
of everything as pure consciousness. Explaining the things in this way, Bhagavata
tells that God Almighty or the supersoul is pure consciousness. God Almighty can
not have a material body made of five basic elements like the bodies of other
entities in the creation. But sometimes
it is seen that unlimited power and strength are expressed through some
particular body. There are expressions of extraordinary, incomparable and
transcendental activities through some particular body. In such case that
particular body is said to be the incarnation of the God Almighty. Generally we
see that the strength of a body is proportionate to the strength of material
used for construction of the body. For example, iron is stronger than earth and so an iron
pot is stronger than an earthen pot. Tremendous power and strength may be
expressed through the material bodies also. Due to that, very powerful human
beings, demigods, demons and other living or non-living beings are seen in the
creation. But the power and strength expressed through those bodies are not unlimited. The unimaginable and extraordinary
activities performed by the incarnations of God with their unlimited power and
strength can not be expressed through a material body. So, it is said that the
bodies of the incarnations of God are not natural, that is, those bodies are not made of five material
elements as described above. Explaining the things in this way Bhagavata tells
that the body of Lord Krishna is not natural human body made of five basic
elements of nature and the unlimited power and strength, that is, the full
potency of God Almighty or the Supersoul is expressed through Lord Krishna. So Lord
Krishna is the full incarnation of God
Almighty, that is , Krishna is the God Almighty or Param Brahma or the Supersoul.
These things are very elaborately discussed in Bhagavata and these are the
subjects of religious teachings of the Satra Institution of Guru Harideva . ( to
be continued)
নদী ,সমুদ্ৰ , উদ্ভিদ ,পৰ্বত , পশু-পক্ষী , সৰীসৃপ , মানুহ , দেৱী-দেৱতা ইত্যাদিকে ধৰি অসংখ্য প্ৰকাৰৰ শৰীৰ জগতত আছে । এই সকলো শৰীৰ মাটি, পানী, বায়ু, অগ্নি আৰু আকাশ –এই পঞ্চভূতৰ দ্বাৰা নিৰ্মিত। অৰ্থাৎ পঞ্চভূত প্ৰত্যেক শৰীৰতে উপাদন হিচাপে থাকে। ইয়াৰ উপৰিও পঞ্চভূত মুক্ত অৱস্থাতো থাকে বা উপদান হিচাপে শৰীৰৰ সৈতে সংযুক্ত নোহোৱাকৈও থাকে ।একেদৰে পৰমেশ্বৰ বা পৰমাত্মা সৃষ্টিত প্ৰকাশ হোৱা সকলো শৰীৰৰ চৈতন্য বা আত্মা হিচাপেও থাকে আৰু একে সময়তে ইবিলাকৰ বাহিৰত বিশুদ্ধ চৈতন্য হিচাপেও থাকে । কথাবিলাক এনেদৰে বিশ্লেষণ কৰি ভাগৱতত কোৱা কৈছে যে পৰমেশ্বৰ বা পৰমাত্মা হৈছে বিশুদ্ধ চৈতন্য। সৃষ্টিৰ অন্যান্য স্থাৱৰ-জঙ্গম বস্তুৰ শৰীৰৰ নিচিনা পঞ্চভূতৰ দ্বাৰা নিৰ্মিত নশ্বৰ শৰীৰ পৰমেশ্বৰৰ থাকিব নোৱাৰে ।কিন্তু জগতত কেতিয়াবা কোনো বিশেষ শৰীৰৰ মাধ্যমত অসীম শক্তি আৰু ক্ষমতাৰ প্ৰকাশ ঘটা দেখা যায় । তেনে একো একোটা বিশেষ শৰীৰৰ মাধ্যমত অসাধাৰণ , কল্পনাতীত তথা মনুষ্যজ্ঞানৰ অতীত কাৰ্যকলাপ সংঘটিত হয়। তেনে ক্ষেত্ৰত যি শৰীৰৰ মাধ্যমত তেনে অকল্পনীয় শক্তি আৰু কাৰ্য্কলাপ সংঘটিত হয় সেই শৰীৰক পৰমেশ্বৰৰ অৱতাৰ বুলি কোৱা হয় । সাধাৰণতে কোনো বস্তুৰ শক্তি সেই বস্তু নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা পদাৰ্থৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে । উদাহৰণ স্বৰুপে লোহা মাটিতকৈ অধিক শক্তিশালী পদাৰ্থ । সেই কাৰণে মাটিৰ পাত্ৰতকৈ লোহাৰ পাত্ৰ অধিক শক্তিশালী । একেদৰে পঞ্চভূতৰ দ্বাৰা নিৰ্মিত শৰীৰৰ শক্তি পঞ্চভূতৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। পঞ্চভূতৰ শৰীৰৰ মাধ্যমতো ভীষণ শক্তিৰ প্ৰকাশ হ’ব পাৰে। সেইকাৰণে আমি অতিশয় শক্তিশালী দেৱতা ,অসুৰ ,দানৱ , মানৱ আৰু অন্যান্য স্থাৱৰ জঙ্গম শৰীৰ দেখা পাওঁ। কিন্তু এইসকল পঞ্চভূতৰ দ্বাৰা নিৰ্মিত শৰীৰৰ মাধ্যমত সীমাহীন অনন্ত শক্তিৰ প্ৰকাশ হ’ব নোৱাৰে। সেই কাৰণে ভাগৱত কোৱা হৈছে যে ভগৱানৰ অৱতাৰ সকল অপ্ৰাকৃত শৰীৰৰ অধিকাৰী অৰ্থাৎ এইবিলাক শৰীৰ পঞ্চভূতৰ দ্বাৰা নিৰ্মিত নহয় । কথাবিলাক এনেদৰে বিশ্লেষণ কৰি ভাগৱতে কৈছে যে ভগৱান শ্ৰীকৃষ্ণ মানুহৰ শৰীৰ ধাৰণ কৰি জগতত আবিৰ্ভূত হৈছিল যদিও তেওঁৰ সেই শৰীৰ পাঞ্চভৌতিক প্ৰাকৃত শৰীৰ নহয় । কৃষ্ণৰ অপ্ৰাকৃত শৰীৰৰ মাধ্যমত পৰমাত্মা বা পৰমেশ্বৰৰ অচিন্তনীয়, অনন্ত শক্তিৰ পূৰ্ণপ্ৰকাশ ঘটিছে । অৰ্থাৎ শ্ৰীকৃষ্ণ হৈছে পৰমেশ্বৰ বা পৰমাত্মাৰ পূৰ্ণ অৱতাৰ বা শ্ৰীকৃষ্ণ স্বযং পৰমব্ৰহ্ম বা পৰমেশ্বৰ । ভাগৱত শাস্ত্ৰত এইবিলাক কথা অতি বিতংভাৱে ব্যাখ্যা কৰি বুজাই দিয়া হৈছে আৰু এইবিলাক হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষাৰ বিষয়্-বস্তু। (আগলৈ)
No comments:
Post a Comment