Guru
Harideva made research oriented study of the Bhagavata at Puri after completion
of his formal education on the Vedas and Vedanta Philosophy at Kashi,. Thus, he
was a competent scholar to make comparative studies of the subjects contained
in Bhagavata and Vedanta. Through comparison of Bhagavata with Vedanta Guru
Harideva practically realized the fact that Bhagavata is the essence of the Vedanta
Philosophy. That is, the main theme of the Vedanta Philosophy is expressed
through the Bhagavata. It is said that the highest philosophical knowledge
contained in the Vedas is the subject of discussion of the Vedanta Philosophy. But
here the subject is explained in a very complicated way and hence it is not
possible for the common people to understand it. To make the subject
easy for the common people the main theme of the Vedanta Philosophy is explained
in the Bhagavata in the simplest possible way by the great sage Vyasadeva. After
serious studies of the Vedas, Vedanta Philosophy and Bhagavata Guru Harideva teaches
us that Lord Krishna is the Param Brahma or the Supersoul mentioned in the Vedas
and Vedanta Philosophy. According to Vedanta there is nothing in this world
except Param Brahma. Everything that we see and feel in this world is various
names and forms of Param Brahma or the supresoul. On the other hand through
various types of explanations it is proved in the Bhagavata that everything we
see and feel in the creation are various names and forms of Krishna. There is nothing in this world except Krishna. But in
Vedanta the Param Brahma is said to be nameless and formless and so he is beyond the
understanding capacity of the common people. It is not possible for common
people to connect their mind with any nameless and formless entity to gain
knowledge of Param Brahma. But the same Param Brahma in the name and form of Lord
Krishna as depicted in the Bhagavata can be known by common people like us. We can fix our mind in Krishna and gain clear knowledge about the characteristics of
Param Brahma by going through the stories described in the Bhagavata. Also, Bhagavata
suggests nine practical ways or paths through which we can fix our mind in Lord Krishna, or the Param Brahma or the supersoul. Guru
Harideva explains all those nine ways elaborately and this topic constitutes a
major part of the religious teachings of his Satra Institution. (to be
continued)
হৰিদেৱ গুৰুজনাই কাশীত বেদ আৰু বেদান্ত দৰ্শনৰ আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰাৰ পিছত পুৰীত ভাগৱত শাস্ত্ৰৰ গৱেষণামূলক অধ্যয়ন কৰিছিল। গতিকে এই শাস্ত্ৰসমুহৰ তুলনামূলক অধ্যয়ন কৰাৰ বাবে প্ৰয়োজনীয় পাণ্ডিত্য তেওঁৰ আছিল বুলি ক’ব পৰি।এনে অধ্যয়নৰ পৰা লাভ কৰা জ্ঞানৰ আধাৰত গুৰুজনাই কৈছে যে ভাগৱত শাস্ত্ৰ বেদান্ত দৰ্শনৰ সাৰ। অৰ্থাৎ ভাগৱত শাস্ত্ৰৰ মাধ্যমত বেদান্ত দৰ্শনৰ মূল তত্ব প্ৰকাশ কৰা হৈছে। বেদ আৰু বেদান্ত দৰ্শনৰ পণ্ডিত হিচাপে তেওঁ ভালকৈ জানিছিল যে বেদত অন্তৰ্নিহিত হৈ থকা অতি উচ্চ স্তৰৰ দাৰ্শনিক তত্বজ্ঞান বেদান্ত দৰ্শনৰ মাধ্যমত ব্যাখ্যা কৰা হৈছে । কিন্তু এই ব্যাখ্যা অতি জটিল কাৰণে সাধাৰণ মানুহৰ বোধগম্য নহয় । বেদান্ত দৰ্শনৰ অন্তৰ্গত সেই একেখিনি জটিল তত্বকে মহৰ্ষি ব্যাসদেৱে ভাগৱত শাস্ত্ৰৰ জৰিয়তে অজ্ঞানী বা অল্পজ্ঞানী জনসাধাৰণে বুজিবপৰাকৈ যথাসম্ভৱ সহজ সৰল ৰূপত ব্যাখ্যা কৰিছে বুলি হৰিদেৱ গুৰুজনাই কৈছে। বেদ ,বেদান্ত দৰ্শন আৰু ভাগৱত শাস্ত্ৰৰ গভীৰ অধ্যয়নৰ পৰা লাভ কৰা জ্ঞানৰ ওপৰত ভিত্তি কৰি হৰিদেৱ গুৰুজনাই কৈছে যে ভগৱান কৃষ্ণই হৈছে বেদ আৰু বেদান্তই বৰ্ণনা কৰা পৰমব্ৰহ্ম বা পৰমাত্ম। বেদান্তত কোৱা হৈছে যে জগতত পৰমব্ৰহ্ম বা পৰমাত্মাত বাদে অন্য একো নাই । জগতত আমি দেখা বা অনুভৱ কৰা সমস্ত বস্তু পৰম ব্ৰহ্মৰ বিভিন্ন নাম আৰু ৰূপ । আনহাতে ভাগৱততো বিভিন্ন ধৰণে প্ৰমাণ কৰি দেখুওৱা হৈছে যে জগতৰ সমস্ত বস্তু কৃষ্ণৰ বিভিন্ন নাম আৰু ৰূপ । কৃষ্ণত বাদে জগতত কোনো বস্তুৰ একো অস্তিত্ব নাই ।এতিয়া কথা হৈছে বেদান্তত পৰম ব্ৰহ্মৰ কোনো নিৰ্দিষ্ট নাম আৰু ৰূপৰ বৰ্ণনা নাই। সেই কাৰণে পৰমব্ৰহ্ম আমাৰ দৰে সাধাৰণ লোকৰ ধ্যান ধাৰণাৰ বাহিৰৰ বস্তু । সাধাৰণ মানুহে নাম আৰু ৰূপ নথকা একো বস্তুতে মনৰ সংযোগ সাধন কৰি সেই বস্তুৰ জ্ঞান লাভ কৰিব নোৱাৰে ।কিন্তু ভগৱান শ্ৰীকৃষ্ণই সেই পৰম ব্ৰহ্ম বুলি ভাগৱতত অনেক তথ্য প্ৰমাণ সহকাৰে বৰ্ণনা কৰা হৈছে আৰু তাৰ জৰিয়তে আমাৰ দৰে সাধাৰণ লোকেও পৰম ব্ৰহ্ম বা পৰমাত্মা সম্পৰ্কে এক সম্যক ধাৰণা লাভ কৰিব পাৰে।তাৰ ফলত আমাৰ দৰে সাধাৰণ লোকে কৃষ্ণত মন সংযোগ কৰিব পাৰে আৰু ভাগৱতত বৰ্ণনা কৰা বিভিন্ন কাহিনীৰ জৰিয়তে পৰমহ্ম বা পৰমাত্মাৰ প্ৰকৃত স্বৰূপ বুজিব পাৰে । ভাগৱতত কৃষ্ণৰ সৈতে মনৰ সংযোগ সাধনৰ বাবে ন টি ব্যৱহাৰিক উপায় বা পথৰো নিৰ্দেশ দিয়া।হৰিদেৱ গুৰুজনাই সেই আটাকেইটা উপায় বিস্তৃতভাৱে ব্যাখ্যা কৰিছে আৰু এই উপায়সমুহৰ ব্যৱহাৰিক প্ৰয়োগ সম্পৰ্কীয় শিক্ষা তেওঁৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষাব্যৱস্থাৰ প্ৰধান অঙ্গ । (আগলৈ)
No comments:
Post a Comment