Plants,
animals, rivers, mountains and so many others things are there in our
surroundings. We see these things during day time when sunlight is available.
During night all are covered by darkness and our eyes become unable to see those
things. But everything remains available in their own places during that time
also. In the next morning when the sun rises the cover of darkness is removed and
we can see those things again. Citing this analogy Bhagavata tells that Lord
Krishna remains always present in our heart, he is our soul. But due to
presence of some cover we can not feel his presence. Explaining the nature of
this cover Bhagavata tells that before taking birth in the present human body
we took innumerable births in innumerable bodies of various types. Through each
of those bodies we performed so many works in our past lives. But due to
various reasons it was not possible for us to finish enjoyment of the fruits of
all those works during those lives. Because of that, a huge quantity of fruits of those past deeds remain
accumulated in our credit. This accumulated fruits of works of our past lives are
said to be the impurities that cover our “antahakarana” or inner senses consisting
of our mind, intelligence, memory etc. Scriptures tell that once the cover of
those impurities is removed we can feel clear revelation of Lord Krishna or the
soul in our purified heart. Sometimes we
see that the cloud creates a cover between the sun and our eyesight and during
that time we can not see the sun clearly. When the cloud moves away we can see the sun
and feel the sunshine clearly. Similarly after removal of the accumulated
impurities of our mind we can see or feel Krishna in our heart. From this, it is clear that for self realization or God
realization or feeling the presence of Krishna in us as our soul we need not do anything more except
purification of our “antahkarana”,that
is, inner senses or the mind.
For this reason, in almost all Vedic scriptures so many types of
religious practices are suggested for control of mind and purification of inner senses.
Out of those, nine types of religious practices are recommended by the Bhagavata
for common ignorant people like us. Through the religious teachings of his
Satra Institution Guru Harideva taught common people the ways of practical
application of those nine types of religious practices recommended by the
Bhagavata. (to be continued)
আমাৰ চাৰিওফালে পাহাৰ-পৰ্বত ,গছ-গছনি , নদ-নদী , জীৱ-জন্তু ইত্যাদি অনেক বস্তু থাকে । দিনৰ বেলিকা সূৰ্যৰ পোহৰত আমি এইবিলাক দেখা পাওঁ । ৰাতি সকলো বস্তু অন্ধকাৰে আৱৰি ধৰে আৰু আমাৰ চকুৱে একো বস্তু দেখা নাপায় । কিন্তু আন্ধাৰ হোৱাৰ পিছতো সকলো বস্তু পূৰ্বৰ দৰেই যথাস্থানত থাকে । পিছদিনা সূৰ্য উদয় হোৱাৰ পিছত আমি পুনৰ সেইবিলাক বস্তু দেখা পাওঁ । এই উপমা দি ভাগৱতে কৈছে যে ভগৱান কৃষ্ণ আত্মাৰূপে সদাসৰ্বদা আমাৰ ভিতৰতে থাকে।কিন্তু আৱৰণ থকা বাবে আমি কৃষ্ণৰ উপস্থিতি উপলব্ধি কৰিব নোৱাৰো । এই আৱৰণ কি তাক বুজাই দি ভাগৱতে কৈছে যে বৰ্ত্তমানৰ মানৱ শৰীৰ লৈ জন্ম গ্ৰহণ কৰাৰ আগতে অসংখ্য প্ৰকাৰৰ শৰীৰত অসংখ্য বাৰ আমাৰ জন্ম হৈছিল।অতীত জন্মৰ প্ৰত্যেক শৰীৰৰ দ্বাৰা আমি অনেক প্ৰকাৰৰ কৰ্ম কৰিছিলো ।বিভিন্ন কাৰণত সেই সকলো কৰ্মৰ ফল অতীতৰ জন্মসমুহত ভোগ কৰা সম্ভৱপৰ নাছিল । ইয়াৰ ফলত আগৰ জন্মসমুহত কৰা কৰ্মৰ এক বৃহৎ পৰিমাণৰ ফল ভোগ কৰাৰ বাবে আমাৰ কৰ্মভাণ্ডাৰত জমা হৈ আছে । ভোগ কৰিবলৈ বাকী থকা অতীত কৰ্মফলৰ বৃহৎ ভাণ্ডাৰে আমাৰ অভ্যন্তৰত মলিনতাৰ সৃষ্টি কৰে। এই মলিনতাৰ আৱৰণৰ দ্বাৰা আমাৰ অন্তঃকৰণ অৰ্থাৎ মন ,বুদ্ধি ,চিত্ত আৰু অহংকাৰ আৱৰিত হৈ থাকে । শাস্ত্ৰত কোৱা হৈছে যে এই মলিনতাৰ আৱৰণ আঁতৰাব পাৰিলে আমাৰ অন্তঃকৰণ নিৰ্মল হয়। নিৰ্মল পবিত্ৰ হৃদয়ত ভগৱান কৃষ্ণ বা আত্মাৰ স্বয়ং প্ৰকাশ ঘটে আৰু তেতিয়া আমি নিজৰ হৃদয়ত ভগৱানৰ উপস্থিতি স্পষ্টভাৱে অনুভৱ কৰিব পাৰো । কেতিয়াবা আমি দেখা পাওঁ যে মেঘে আমাৰ দৃষ্টিপথ আৰু সূৰ্যৰ মাজত আৱৰণ সৃষ্টি কৰে । তেতিয়া সূৰ্যক স্পষ্টভাৱে দেখা নাযায় । মেঘ আঁতৰি গ’লে সূৰ্যৰ পোহৰ আৰু উত্তাপ আমি স্পষ্টভাৱে অনুভৱ কৰিব পাৰো। একেদৰে অন্তঃকৰণৰ মলিনতা দূৰ কৰিব পাৰিলে নিজৰ হৃদয়ত ভগৱান কৃষ্ণ বা আত্মাক স্পষ্টভাৱে উপলব্ধি কৰি পাৰি। ইয়াৰ পৰা এই কথা স্পষ্ট হয় যে আত্মজ্ঞান লাভ বা ঈশ্বৰ উপলব্ধি বা হৃদয়ত ভগৱান কৃষ্ণৰ উপস্থিতি অনুভৱ কৰাৰ বাবে নিজৰ অন্তঃকৰণ শুদ্ধিকৰণ বা চিত্তশুদ্ধিৰ বাবে প্ৰচেষ্টা কৰাত বাদে আমাৰ অন্য একো কৰণীয় নাই ।সেই কাৰণে প্ৰায় সকলো বৈদিক শাস্ত্ৰতে মনৰ নিয়ন্ত্ৰণ আৰু চিত্তশুদ্ধিৰ বাবে বহু প্ৰকাৰৰ ধৰ্মীয় সাধনাৰ উপদেশ দিয়া হৈছে । ভাগৱত শাস্ত্ৰত আমাৰ দৰে সাধাৰণ অজ্ঞানী লোকৰ বাবে ইয়াৰে ন টি উপায় বাছনি কৰি দিয়া হৈছে । হৰিদেৱ গুৰুজনাই তেওঁৰ সত্ৰানুষ্ঠানৰ জৰিয়তে সাধাৰণ জনতাক ভাগৱতত উল্লেখ কৰা ন টি উপায় ব্যৱহাৰিক ভাৱে প্ৰয়োগ কৰাৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল। (আগলৈ)
No comments:
Post a Comment