Houses, cars,
gold, money etc are valuable possessions of people. They love these things. People
also have wife, son, daughter, friends and relatives etc.
These relatives are very near and dear to people. But nobody considers any of the
valuable materials under his possession like house, car, gold etc as he
himself. Also, nobody can think that his most beloved son is he himself and so
on. So, whenever people say something about these things or relatives they
mention them as “my car”, “my house”, “my son” and like that. Basically, there
is no difference between our body and all other things available in the
creation. The same five basic elements are the constituent materials of our
body as well as all other things in the world. Nothing of this world lasts
forever. Everything of this world is created, lasts for sometime and then
disappears. The same things happen to our body also. God or the soul enters
into the bodies of everything of this world and keeps them alive and active. God
is the soul in our body also and because of that we can remain alive and
active. But in spite of all similarities we feel that our own body is not
“mine”. We always feel that it is “me”. Bhagavata tells that this happens
because the soul is housed within the body; the soul is most intimately related
with the body. If all objects of our love escape from us then also the
soul remains in the body and we remain
alive. But if the body is damaged then the soul can not live within it. So the
body is important and dearer than other things to everyone. Again, we can see
that due to ageing or other reason the body of each person becomes old and
useless. Under such condition a person of common intelligence also can easily understand
that his body can not last longer. But after realizing this fact also people
strongly desire to live further or they strongly desire to keep the soul within
them. This shows that the soul is dearer than the body and there is nothing
dearer than the soul. We can study and feel these things practically without
going into higher technicality of the subject. Bhagavata suggests that through this
type analysis of our practical feeling regarding earnest desire for life the
common people like us can have preliminary idea of self realization. In his Satra
Institution Guru Harideva followed such simple and easy methods for imparting
spiritual education to common people. (to be continued)
ঘৰ , গাড়ী , সোণ , টকা ইত্যাদি মানুহৰ মনত অতি মূল্যৱান বস্তু । এইবিলাক বস্তুক মানুহে ভাল পায় । মানুহৰ স্ত্ৰী ,পুত্ৰ ,কন্যা আৰু অন্যান্য আত্মীয় স্বজন থাকে।এইসকলক মানুহে অতি নিকটস্থ আৰু অতিশয় প্ৰিয় বুলি ভাৱে। কিন্তু কোনো মানুহেই নিজকে তেওঁৰ অধিকাৰত থকা ঘৰ , গাড়ী ইত্যাদিৰ সৈতে অভিন্ন বুলি নাভাৱে । কোনো লোকে ভাবিৱ নোৱাৰে যে তেওঁৰ প্ৰাণাধিক পুত্ৰ আৰু তেওঁ নিজে অভিন্নভাৱে এক ।সেইকাৰণে মানুহে যেতিয়া এইবিলাক প্ৰিয় বস্তুৰ বিষয়ে কিবা কয় তেতিয়া “এইটো মোৰ ঘৰ” , “এইখন মোৰ গাড়ী” , “এইজন মোৰ পুত্ৰ” ইত্যাদি বুলি কয় । আনফালে আমি দেখা পাওঁ যে আমাৰ শৰীৰ আৰু জগতৰ অন্য বস্তুৰ মাজত মূলতঃ একো পাৰ্থক্য নাই । যি পঞ্চভূতৰ দ্বাৰা জগতৰ অন্যান্য বস্তুৰ শৰীৰ নিৰ্মাণ কৰা হৈছে সেই একে পঞ্চভূতৰ দ্বাৰা আমাৰ শৰীৰো নিৰ্মিত । জগতৰ একো বস্তু চিৰকাল নাথাকে । সকলোৰে শৰীৰ সৃষ্টি হয় , কিছুকাল থাকে আৰু তাৰ পিছত বিনাশ প্ৰাপ্ত হয় । আমাৰ শৰীৰৰ ক্ষেত্ৰতো এই কথা সত্য । জগতৰ সমস্ত বস্তুৰ শৰীৰত ঈশ্বৰ চৈতন্যৰ ৰূপত প্ৰৱেশ কৰি সকলোকে জীৱন্ত আৰু কাৰ্যশীল কৰি ৰাখে । একে চৈতন্য আমাৰ শৰীৰতো থাকি শৰীৰক জীৱন্ত আৰু কাৰ্যশীল কৰি ৰাখে । এনেদৰে সকলো ফালৰ পৰা একে হোৱা সত্বেও আমি শৰীৰক অন্য বস্তুৰ দৰে “মোৰ শৰীৰ্” বুলি নাভাৱো , শৰীৰটোক “মই” বুলিহে ভাৱো । ভাগৱতে কৈছে যে শৰীৰ আত্মাৰ বাসস্থান , আত্মা সকলো অৱস্থাতে আৰু সকলো সময়তে শৰীৰৰ সৈতে সংযুক্ত হৈ থাকে । আমাৰ প্ৰিয় সমস্ত বস্তুৰ অধিকাৰ নিজৰ হাতৰ পৰা গুছি গ’লেও আত্মা শৰীৰত থাকে বা আমি জীয়াই থাকো।কিন্তু শৰীৰ নষ্ট হ’লে তাত আত্মা বাস কৰিব নোৱাৰে আৰু আমি জীয়াই নাথাকো। সেই কাৰণে শৰীৰৰ সৈতে আত্মাৰ সম্পৰ্ক অতি নিকট আৰু অতি গভীৰ । শৰীৰ আৰু আত্মাৰ মাজত এনে গভীৰতম সংযোগ থকা হেতুকে সকলোৱে অন্য সমস্ত বস্তুতকৈ নিজৰ শৰীৰটো বেছি ভাল পায়্।আনফালে আমি ইয়াকো দেখা পাওঁ যে এটা নিৰ্দিষ্ট বয়সত বা অন্য কোনো কাৰণত শৰীৰ একেবাৰে দুৰ্বল আৰু অকামিলা হৈ পৰে । তেনে অৱস্থাত সাধাৰণ বুদ্ধিবৃত্তিৰ মানুহেও বুজিব পাৰে যে তেওঁৰ শৰীৰ আৰু বেছিদিন নাথাকে ।কিন্তু তাৰ পিছতো মানুহৰ জীয়াই থকাৰ বাবে বা আত্মাক ধৰি ৰখাৰ বাবে দুৰ্বাৰ বাসনা থাকে। কথাবিলাক এনে ধৰণে বিশ্লেষণ কৰিলে আমাৰ দৰে সাধাৰণ মানুহেও বুজিব পাৰে যে আত্মা শৰীতকৈও প্ৰিয় বা আত্মাতকৈ প্ৰিয়তৰ অন্য একো বস্তু নাই । এইবিলাক কথা আমাৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ পৰাই জানিব পাৰি। ইয়াৰ বাবে গভীৰ শাস্ত্ৰীয় জ্ঞানৰ প্ৰয়োজন নহয় ।ভাগৱতে কৈছে যে জীৱৰ জীয়াই থকাৰ বাসনা সম্পৰ্কে ওপৰোক্ত ধৰণে চিন্তা-চৰ্চা কৰি সাধাৰণ লোকেও আত্মজ্ঞান কি তাক সাধাৰণভাৱে বুজাৰ চেষ্টা কৰিব পাৰে। সত্ৰানুষ্ঠানৰ জৰিয়তে হৰিদেৱ গুৰুজনাই এনে সহজ সৰল পদ্ধতিৰে জনসাধাৰণক পাৰমাৰ্থিক বিষয়ৰ ব্যৱহাৰিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল । (আগলৈ)
No comments:
Post a Comment