In the preceding post it is told that the
soul in us is the object of our supreme love and this fact can be experienced
by careful observation of our earnest desire for life. If we observe minutely
then we can understand that our love and attraction for other objects,
such as body, family and home etc is secondary in comparison to our supreme
love for the soul. In our day to day life we see that a father likes his son’s friend. But in actuality the father loves his
son and to satisfy his son he likes the friend of his son. Similarly we love
our soul and to satisfy the soul we love other things. We can see that so long
the soul is attached with our body we love these things. Once the soul is
detached from the body these thing carry no meaning for us. For understanding
these things higher scriptural knowledge or spiritual performance is not necessary.
Any people with purified body- mind complex can analyze the things in this way and
understand the truth. That is, purification of body-mind complex is essential
for realization of the supersoul and the presence of supersoul in us as our
soul or true self. Bhagavata tells that the cowherd men and women of Vrindavana
had no education, no scriptural knowledge. They were not able to perform any penance
by following Vedic rules and regulations. But they always
remembered the most attractive image of lord Krishna holding his flute. They
always heard and discussed the stories of various astonishing and glorious
activities performed by child Krishna .They were associated with various
activities performed by Krishna in Vrindavana. They strongly believed that Krishna can protect
them from all dangers. Also, they performed all their activities for the
satisfaction of Krisna. In this way their level of devotion to Lord Krishna was
very high though they were not aware of any type of spiritual practice like
path of devotion, path of knowledge etc as described in the scriptures. Because
of their natural devotion Lord Krishna
reveals himself in their purified heart. So they became able to realize that Krishna is the supersoul and the
individual soul in them is part and parcel of Lord Krishna. In this way by
nature they loved Krishna more than their body, more than their children, more
than all other things under their possession, that is, Krishna was the object
of supreme love for them. The main principle of the education system of the
Satra Institution of Guru Harideva is based on such observation of the Bhagavata . (to be
continued)
ইয়াৰ আগৰ লিখনিত কোৱা হৈছে যে নিজৰ শৰীৰস্থ আত্মা আমাৰ বাবে সৰ্বোত্তম প্ৰেমৰ বস্তু আৰু জীৱৰ জীয়াই থকাৰ দুৰ্বাৰ বাসনাৰ প্ৰতি লক্ষ কৰি আমি এই কথা উপলব্ধি কৰিব পাৰো । আৰু অলপ সূক্ষ্মভাৱে লক্ষ কৰিলে আমি বুজিব পাৰো যে শৰীৰ , পৰিবাৰ ,ঘৰ আদিৰ প্ৰতি থকা আমাৰ আকৰ্ষণ তথা প্ৰেম আত্মপ্ৰেমৰ তুলনাত গৌণ ।দৈনন্দিন জীৱনত আমি দেখা পাওঁ যে পিতৃয়ে পুত্ৰৰ বন্ধুক স্নেহ কৰে। আচলতে পিতৃয়ে পুত্ৰক ভাল পায় আৰু সেই কাৰণে পুত্ৰৰ সন্তোষৰ অৰ্থে পুত্ৰৰ বন্ধুক ভাল পায়। একেদৰে আত্মাৰ প্ৰতি আমাৰ সৰ্বোত্তম প্ৰেম থাকে আৰু শৰীৰস্থ আত্মাৰ সন্তোষৰ অৰ্থে শৰীৰ, পৰিবাৰ, ঘৰ আদিৰ প্ৰতি আমাৰ আকৰ্ষণ থাকে।এই আকৰ্ষণ বা প্ৰেম শৰীৰৰ সৈতে আত্মাৰ সংযোগ থকালৈকেহে থাকে। শৰীৰৰ সৈতে আত্মাৰ বিচ্ছেদ হোৱাৰ লগে লগে শৰীৰকে ধৰি আমি ভাল পোৱা কোনো বস্তুৰে একো অৰ্থ নাথাকে। এইবিলাক কথা বুজি পোৱাৰ বাবে উচ্চ স্তৰৰ শাস্ত্ৰজ্ঞান বা পাৰমাৰ্থিক সাধনাৰ প্ৰয়োজন নহয়। শুদ্ধ শৰীৰ-মনৰ অধিকাৰী যিকোনো ব্যক্তিয়ে কথাবিলাক ওপৰোক্ত ধৰণে বিশ্লেষণ কৰি এই সত্য উপলব্ধি কৰিব পাৰে । অৰ্থাৎ পৰমাত্মাক জনাৰ বাবে আৰু আমাৰ শৰীৰত আত্মা হিচাপে থকা পৰামাত্মাৰ উপস্থিতি উপলব্ধি কৰাৰ বাবে শৰীৰ-মনৰ শুদ্ধতা অতীব প্ৰয়োজনীয় । ভাগৱতত কোৱা হৈছে যে বৃন্দাৱনৰ গোৱাল-গোৱালীসকল শিক্ষিত আৰু জ্ঞানী ব্যক্তি নাছিল , তেওঁলোকে কোনো শাস্ত্ৰও অধ্যয়ন কৰা নাছিল ।বৈদিক শাস্ত্ৰৰ নীতি নিৰ্দেশনা পালন কৰি তপ-জপ কৰাৰ ক্ষমতাও তেওঁলোকৰ নাছিল । কিন্তু হাতত বাঁহী লৈ থকা গোপাল কৃষ্ণৰ আকৰ্ষণীয় ভূৱনমোহন ৰূপ তেওঁলোকৰ চকুত অহৰহ ভাহি আছিল । তেওঁলোকে সদায় বালক কৃষ্ণৰ বীৰত্ব ,গুণ আৰু বিভিন্ন অদ্ভূত কাৰ্যকলাপ ইত্যাদিৰ বৰ্ণনা শুনিছিল আৰু আলোচনা-বিলোচনা কৰিছিল। কৃষ্ণই কৰা সকলো কামতে তেওঁলোকে অংশ গ্ৰহণ কৰিছিল্। তেওঁলোকে গভীৰভাৱে বিশ্বাস কৰিছিল যে কৃষ্ণই তেওঁলোকক সকলো বিপদ আপদৰ পৰা সৰ্বতো প্ৰকাৰে ৰক্ষা কৰিব পাৰে। তেওঁলোকে সমস্ত কৰ্ম কেৱল কৃষ্ণৰ সন্তুষ্টিৰ অৰ্থে কৰিছিল । এনেদৰে জ্ঞানমাৰ্গ,ভক্তিমাৰ্গ ইত্যাদি শাস্ত্ৰকথাৰ বিষয়ে একো নজনাকৈয়ে তেওঁলোকে কৃষ্ণৰ প্ৰতি ভক্তিমূলক সকলো প্ৰকাৰৰ সেৱা আগবঢ়াই শাস্ত্ৰীয় ভক্তি মাৰ্গৰ চৰম শিখৰত প্ৰতিস্থিত হৈছিল। তাৰ ফলস্বৰূপে তেওঁলোকৰ পবিত্ৰ হৃদয়ত ভগৱান কৃষ্ণই আত্মপ্ৰকাশ কৰিছিল । সেয়েহে তেওঁলোকে হৃদয়ঙ্গম কৰিব পাৰিছিল যে কৃষ্ণ হৈছে পৰমাত্মা আৰু তেওঁলোকৰ নিজৰ নিজৰ শৰীৰত থকা আত্মা হৈছে কৃষ্ণৰ অবিচ্ছেদ্য অংশ । সেই কাৰণে স্বাভাৱিকভাৱেই কৃষ্ণ তেওঁলোকৰ মনত নিজৰ সন্তান, পৰিবাৰ , সা-সম্পদ তথা নিজৰ শৰীৰতকৈও অধিক প্ৰিয় আছিল ।ভাগৱতৰ এনে বিচাৰধাৰাৰ আধাৰত হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ শিক্ষা ব্যৱস্থাৰ আদৰ্শ প্ৰতিস্থিত।(আগলৈ)
No comments:
Post a Comment