Friday, 25 June 2021

The “Satra” Institution of Guru Harideva-120 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-১২০)

 

Bhagvata tells that there is only one supersoul and this supersoul is present as individual soul in each entity of the creation. The supersoul can not have any particular name, form and attribute. But all names and forms that we see in the creation and all attributes expressed through them are various expressions of one supersoul. That is, the supersoul can express himself in any name, in any form and it can have any attribute.  In other words  we can say that the supersoul  is the sum total of  all names ,all forms and all attributes expressed in the creation so far and to be expressed in the future. Also, the supersoul exists beyond the creation. Bhagavata tells that Lord Krishna is the super soul that we describe as above. Lord Krishna remains always present with us as our individual soul. We already told that our love for the soul in us is the supreme form of love that we can have in our heart. So by nature, Lord Krishna is the object of our supreme love. But it is necessary for us to know the procedure for realizing this truth in a correct way . A competent teacher or Guru is necessary to guide the common ignorant people like us in this regard.Guru Harideva appeared as competent spiritual teacher or Guru for guiding the common people of Assam in the 15th century CE. He established Satra Institutions for attracting the common people towards spiritual life and practically preparing them for that. Through his Satra institution he suggested that the common people like us should try to discover the supreme love for their own soul which is naturally inhent in them. Then, they should try to discover the supersoul, that is, the single Ultimate Truth or Akhanda Sat which is present as individual soul or the true  self in them . He suggested that only after coming to this stage of understanding ,that is, after attainment of self realization , people can realize why Krishna is said to be the  object of supreme love for all. He also pointed out that the Bhagavata is the scripture through which the common ignorant people like us can get full knowledge of lord Krishna ,the supersoul . He also suggested  that through Bhagavata  we can know  the simple procedure of spiritual practice  to be followed for direct realization of Lord Krishna as the supersoul or the soul of  every soul or Akhanda Sat . (to be continued)

 ভাগৱতত কোৱা হৈছে যে পৰমাত্মা এক আৰু এই এক পৰমাত্মাই জগতৰ প্ৰত্যেক শৰীৰৰ আত্মা পৰমাত্মাৰ কোনো নাম, ৰূপ আৰু গুণধৰ্ম নাই কিন্তু জগতত যিমান নাম আৰু ৰূপ দেখা যায় আৰু সেই সমস্ত নাম-ৰূপৰ মাধ্যমত যিমান গুণধৰ্মৰ প্ৰকাশ হয় সেই সমস্তই এক পৰমাত্মাৰ নাম ,ৰূপ আৰু গুণধৰ্মঅৰ্থাৎ এক পৰমাত্মাই যিকোনো নাম গ্ৰহণ কৰিব পাৰে , যিকোনো ৰূপ গ্ৰ্হণ কৰিব পাৰে আৰু যিকোনো গুণধৰ্ম প্ৰকাশ কৰিব পাৰে অন্যভাৱে ইয়াকো কব পাৰি যে পৰমাত্মা হৈছে জগতত এতিয়ালৈকে প্ৰকাশ হোৱা আৰু ভৱিষ্যতে প্ৰকাশ হবলগীয়া সকলো নাম ,ৰূপ , গুণধৰ্মৰ সমষ্টি আৰু পৰমাত্মাৰ স্থিতি জগতৰ উৰ্দ্ধতো বিদ্যমান ভাগৱতে কৈছে যে ভগৱান কৃষ্ণই ওপৰত বৰ্ণনা কৰা সেই পৰমাত্মা কৃষ্ণ সকলো সময়তে সকলো অবস্থাতে সকলোৰে লগত আত্মাৰূপে অৱস্থান কৰি আছে আগতে কোৱা হৈছে যে নিজৰ আত্মাৰ প্ৰতি থকা প্ৰেম হৈছে মানুহৰ ভিতৰৰ থাকিব পৰা সৰ্বোচ্চ পৰ্যায়ৰ প্ৰেম আৰু এই প্ৰেম সকলো সময়তে আৰু জীৱনৰ সকলো অৱস্থাতে একে থাকে সেয়েহে স্বাভাৱিক ভাৱেই কৃষ্ণপ্ৰেম আমাৰ ভিতৰত সদাবৰ্ত্তমানকেৱল মাত্ৰ এই সত্যৰ জ্ঞানলাভ কৰা আৰু ব্যৱহাৰিক ভাৱে সেই সত্যক উপলব্ধি কৰাৰ শুদ্ধ উপায় জনাটোহে আমাৰ বাবে প্ৰয়োজনীয় কথা আমাৰ দৰে সাধাৰণ অজ্ঞানী মানুহক এই বিষয়ত সঠিকভাৱে পৰিচালনা কৰাৰ বাবে পাৰমাৰ্থিক বিদ্যাৰ উপযুক্ত শিক্ষক বা গুৰুৰ প্ৰয়োজন খৃষ্টীয় পঞ্চদশ শতিকাৰ অসমত তেনে এজন পাৰমাৰ্থিক গুৰুৰ ৰূপত হৰিদেৱ গুৰুজনাৰ আবিৰ্ভাৱ হৈছিল সাধাৰণ জনতাক পাৰমাৰ্থিক জীৱনৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে আৰু তেওঁলোকক তাৰ বাবে প্ৰয়োজনীয় শিক্ষা দিয়াৰ বাবে গুৰুজনাই সত্ৰানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল এই সত্ৰানুষ্ঠানৰ মাধ্যমত দিয়া শিক্ষাৰ জৰিয়তে গুৰুজনাই উপদেশ দি কৈছে যে আমাৰ দৰে সাধাৰণ লোকে প্ৰথমতে নিজৰ অভ্যন্তৰত সুপ্ত অৱস্থাত থকা স্বাভাৱিক আৰু সৰ্বোত্তম প্ৰেম অৰ্থাৎ আত্মপ্ৰেম উপলব্ধি কৰাৰ বাবে চেষ্টা  কৰা উচিত তাৰ পিছত নিজৰ তথা জগতৰ সকলোৰে  ভিতৰত থকা পৰমাত্মা বা পৰম সত্য বা অখণ্ড সদ্বস্তুক বিচাৰি উলিওৱাৰ বাবে  আগ্ৰহান্বিত হোৱা উচিত নিজৰ  জ্ঞান আৰু অনুসন্ধিৎসাক এই পৰ্যায়লৈ অনাৰ অন্তত বা আত্মজ্ঞান লাভ কৰাৰ অন্ততহে  কৃষ্ণক পৰমাত্মা আৰু সৰ্বোত্তম প্ৰেমৰ পাত্ৰ বুলি কিয় কোৱা হৈছে তাক বুজিব পাৰি আৰু কৃষ্ণতত্ব সম্পূৰ্ণৰূপে হৃদয়ঙ্গম কৰিব পাৰি গুৰুজনাই আৰু কৈছে যে ভাগৱত শাস্ত্ৰৰ জৰিয়তে আমাৰ দৰে সাধাৰণ অজ্ঞানী লোকেও এই সৰ্বোত্তম প্ৰেমৰ বস্তু অৰ্থাৎ কৃষ্ণৰ বিষয়ে সৰল আৰু সৰ্বোৎকৃষ্ট জ্ঞান লাভ কৰিব পাৰে লগতে গুৰুজনাই কৈছে যে  ভাগৱতত দিয়া বিধিমতে সহজ-সৰল সাধন পদ্ধতি অৱলম্বন কৰিলে শৰীৰ-মন বিশুদ্ধ হয় আৰু তেতিয়া কৃষ্ণক পৰমাত্মা বা সমস্ত আত্মাৰ আত্মা বা অখণ্ড সদ্বস্তু বুলি প্ৰত্যক্ষভাৱে অনুভৱ কৰিব পাৰি|(আগলৈ)   


No comments:

Post a Comment