In Bhagavadgita it
is told that among the seekers of God the self realized persons or “Atmajni
Purushas” are nearest and dearest to God. This is because a self realized
person knows that God is his own
soul and so he loves God with deepest affection of his heart. In our day to day
life we see that each person maintains his own egoistic individuality. This is due
to feeling of individual consciousness by each person. That is, each person
feels that the soul in him is separate form the consciousness or soul in others. The
relationship of two people very near
and dear to each other may appear to be inseparably united and lasting till the
end of their lives. But they can never be totally united unless they are merged
into a single soul . We may try to understand this point as follows. We have a
body and there are various parts, various systems of maintenance, senses, inner
senses and so many other functionaries in the body. Each component of the body
is again divided into smaller
parts and the minutest part of the body is called cell
which we can not see with our eyes . Changes of body occur in each moment in
the cell level. Thousands of cells die in each moment and their places are
occupied by new born cells. Those new cells also die after certain period of
times and again replaced by newer cells. In this way the body continuously
undergoes changes in size, shape and nature from a baby to an old man and
finally meets its end as soon as the consciousness leaves the body . If we see our
body in this way then we can feel that the body as a whole has one
consciousness or soul and innumerable number of cells. That is, the constituent cells
in all organs, all maintenance systems, senses and every other functionaries of
our body are separate from each other but
all of them have one consciousness or
Atma . For that reason, if one small part of the body suffers from pain the
same pain is transmitted throughout the entire body, if the tongue is satisfied
with taste of food the whole body is satisfied, if the stomach is filled with
food the whole body gets relief from hunger and so on. In a similar way one
super soul or God Almighty is present as consciousness or soul in all the bodies in the creation and the pain and pleasure
generated in one body is transmitted
throughout the entire creation . Self
realization or Atmajnana means direct realization of this truth. Guru Harideva established Satra Institution
with an ultimate aim to educate common people to come to this stage of
spiritual attainment. (to be continued)
ভগৱদ্গীতাত কোৱা হৈছে যে যিসকল ব্যক্তিযে ঈশ্বৰক বিচাৰে তাৰ ভিতৰত আত্মজ্ঞানী ব্যক্তি ভগৱানৰ নিকটতম আৰু অতি প্ৰিয়পাত্ৰ । ইয়াৰ কাৰণ আত্মজ্ঞানী ব্যক্তিয়ে ঈশ্বৰক নিজৰ প্ৰিয়তম আত্মা বুলি জানে। সেই কাৰণে তেওঁলোকে হৃদয়ৰ সমস্ত আবেগ-অনুভূতি উজাৰি ঈশ্বৰক ভাল পায় ।দৈনন্দিন জীৱনত আমি দেখা পাওঁ যে মানুহে নিজৰ অহংভাৱক প্ৰশ্ৰয় দি নিজস্ব এক পৃথক ব্যক্তিত্ব ৰাখি চলে । ইয়াৰ কাৰণ হৈছে প্ৰত্যেক মানুহে নিজৰ শৰীৰৰ চেতনা অন্য ব্যক্তিৰ শৰীৰৰ চেতনাতকৈ পৃথক বুলি ভাৱে । অতি ওচৰ সম্পৰ্কীয় আৰু পৰস্পৰ স্নেহবন্ধনত আৱদ্ধ দুজন ব্যক্তিৰ মাজত থকা সম্বন্ধ কেতিয়াও বিচ্ছিন নহয় বুলি আমি ভাৱি ল’ব পাৰো। কিন্তু আত্মা এক হৈ নুঠিলে তেনে দুজন অতি নিকটাত্মীয় ব্যক্তিৰ মাজৰ সম্বন্ধও চিৰস্থায়ী হোৱা সম্ভৱ নহয় । কথাখিনি আমি তলত দিয়া ধৰণে বুজাৰ চেষ্টা কৰিব পাৰো । আমাৰ এটা শৰীৰ আছে আৰু সেই শৰীৰৰ বিভিন্ন অঙ্গ আছে, বিভিন্ন প্ৰকাৰৰ নিয়ন্ত্ৰণ প্ৰণালী আছে, ইন্দ্ৰিয় ,অন্তঃকৰণ আৰু অন্যান্য অনেক প্ৰকাৰৰ কাৰ্যকাৰী ব্যৱস্থা আছে। ওপৰোক্ত প্ৰ্ত্যেক অংশৰে সুক্ষ্ম-সুক্ষ্মতৰ বিভাজন আছে আৰু শৰীৰৰ একেবাৰে সুক্ষ্মতম অংশ হৈছে কোষ যাক আমি চকুৰে মনিব নোৱাৰো ।কোষ পৰ্যায়ত আমাৰ শৰীৰৰ প্ৰত্যেক মুহুৰ্ত্ততে পৰিবৰ্ত্তন হয় । প্ৰতি মুহুৰ্ত্ততে সহস্ৰ সংখ্যক কোষৰ মৃত্যু হয় আৰু নতুন কোষে জন্ম গ্ৰহণ কৰি সেইবোৰৰ স্থান পূৰণ কৰে।এই নতুন কোষবিলাকো কিছুকাল থকাৰ পিছত মৰে আৰু তাৰ ঠাই পিছত জন্মা অন্য নতুন কোষে পূৰণ কৰে ।এনেদৰে প্ৰতি মুহুৰ্ত্ততে পৰিবৰ্ত্তন হোৱাৰ ফলত আমাৰ শিশু শৰীৰ বৃদ্ধ শৰীৰত পৰিণত হয় আৰু অৱশেষত আত্মাই পৰিত্যাগ কৰাৰ লগে লগে শৰীৰৰ সমাপ্তি ঘটে ।এনেদৰে বিচাৰ কৰি চালে আমি বুজিব পাৰো যে আমাৰ শৰীৰত এক চৈতন্য বা আত্মা আৰু অগণন সংখ্যক কোষ আছে ।অৰ্থাৎ এটা শৰীৰৰ সমস্ত অঙ্গ , সমস্ত নিয়ন্ত্ৰণ প্ৰণালী , ইন্দ্ৰিয়, অন্তঃকৰণ ইত্যাদিকে ধৰি শৰীৰৰ অন্যান্য কাৰ্যব্যৱস্থা অথবা এই সমস্তৰে সুক্ষ্মতম অংশস্বৰূপ অসংখ্য সংখ্যক কোষ পৃথক পৃথক কিন্তু সমস্ত শৰীৰৰ চৈতন্য বা আত্মা এক । আত্মাৰ ফালৰ পৰা সকলোৰে একত্ব থকাৰ বাবে শৰীৰৰ এটা ক্ষুদ্ৰ অংশত বিষ হ’লে সমস্ত শৰীৰে বিষ অনুভৱ কৰে , জিভাই খাদ্যৰ সোৱাদ পালে সমস্ত শৰীৰে তৃপ্তি লাভ কৰে , পেটত খাদ্য পৰিলে সমস্ত শৰীৰ ভোকৰ যন্ত্ৰণাৰ পৰা মুক্ত হয় ইত্যাদি ।একেদৰে এক পৰমাত্মা বা পৰমেশ্বৰ জগতৰ সমস্ত শৰীৰতে আত্মাৰূপে বিৰাজমান হৈ থকা কাৰণে জগতৰ এটা শৰীৰত উৎপন্ন হোৱা সুখ আৰু দুখ জগতৰ সমস্ত শৰীৰৰলৈ বিয়পি পৰে । এই সত্যৰ প্ৰত্যক্ষ উপলব্ধিয়ে হৈছে আত্মজ্ঞান। সাধাৰণ লোকক জ্ঞানৰ এই স্তৰলৈ অনাৰ বাবে প্ৰয়োজনীয় শিক্ষা দিয়াৰ মূল লক্ষ্য লৈ হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠান স্থাপন কৰিছিল ।(আগলৈ)
No comments:
Post a Comment