Friday, 11 June 2021

The “Satra” Institution of Guru Harideva-113 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-১১৩)

 

Scriptures tell that the by nature we love the soul or the true self or God in us more than all other things of our love. But this natural love for God is not reflected in our life due to our ignorance about the true self or the presence of God as soul in us. Once the ignorance is removed we can feel our intense love for the soul inside us. Guru Harideva tried to remove such ignorance of people through his Satra Institution. We  know that everybody loves happiness and so people love those things only which can bring happiness to them.We do not love anything that can not bring happiness to us . In this way we can see that there are two types of  love. One is  love for happiness and the other is love for the things which  bring happiness. Moreover, our love for the things which bring happiness lasts till they are able to bring happiness.  In other words we love the things that  bring happiness to us subject to fulfillment of certain conditions. In our day to day life we love our house, properties, wealth , wife ,children etc since these are the source of our happiness . But our  love for them lasts so long our conditions are fulfilled by them . For example we can take the case of our most beloved son. One may think that he loves his son more than himself. But if the son abandons him at the time of his need or does something unexpected beyond limit then the son is no longer loved by the father.  This is true in case of everything we desire and love in this world. But our love for happiness and bliss is unconditional and this love never changes. Scriptures tell that our love and affection for the soul inside or our true self is of this type.  By nature we love our soul or our true self under all conditions of life. Because of that only nobody wants to die or become separated from his soul. Everybody wants to protect himself and live forever even at the cost of all material sources of happiness that he desired and loved once. In Bhagavata all these things are made simple by means of various stories and the philosophy of the Satra Institution of Guru Harideva is based on those teachings of Bhagavata. (to be continued)

শাস্ত্ৰত কোৱা হৈছে যে আমি স্বভাৱগতভাৱে আমাৰ অন্তৰত থকা আত্মা বা প্ৰকৃতমইবা ঈশ্বৰক সবাতোকৈ বেছি ভাল পাওঁ কিন্তু নিজৰ ভিতৰতে অৱস্থিত  আত্মা বা ঈশ্বৰ সম্পৰ্কে একো জ্ঞান নথকা কাৰণে ঈশ্বৰৰ প্ৰতি থকা এই  স্বাভাৱিক প্ৰেমভাৱ আমাৰ আচাৰ-আচৰণত ফুটি নুঠে অজ্ঞান অৱস্থাৰ পৰা মুক্ত হোৱাৰ পিছতহে আত্মাৰ প্ৰতি থকা আমাৰ স্বাভাৱিক আৰু সৰ্বোত্তম প্ৰেমৰ বিষয়ে আমি বুজিব পাৰো সত্ৰানুষ্ঠানৰ শিক্ষাৰ মাধ্যমত হৰিদেৱ গুৰুজনাই মানুহক ওপৰোক্ত অজ্ঞান অৱস্থাৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰিছিল আমি জানো যে জগতত সকলোৱে সুখ ভাল পায় সেয়েহে মানুহে সেইবিলাক বস্তুকহে ভাল পায় যিয়ে তেওঁক সুখ দিব পাৰে আমি এনে একো বস্তুকে ভাল নাপাওঁ  যিয়ে আমাক সুখ দিব নোৱাৰে এনেদৰে বিচাৰ কৰিলে দেখা যায় যে আমাৰ প্ৰেম দুই প্ৰকাৰৰ এক প্ৰকাৰৰ প্ৰেম হৈছে সুখৰ প্ৰতি থকা প্ৰেম আৰু আন প্ৰকাৰৰ প্ৰেম হৈছে সুখ দিব পৰা বস্তুৰ প্ৰতি থকা প্ৰেম ইয়াৰ ভিতৰত যিবিলাক বস্তুৱে আমাক সুখ দিব পাৰে সেইবিলাক বস্তুক সুখ দি  থকালৈকেহে আমি ভাল পাওঁ অন্য কথাত সুখ দিব পৰা বস্তুৱে আমাৰ কিছুমান চৰ্ত্ত পূৰণ কৰি থকালৈকেহে আমি সেইবিলাকক ভাল পাওঁদৈনন্দিন জীৱনত আমি ঘৰ , মাটি , সা-সম্পদ ,স্ত্ৰী ,সন্তান আদি অনেক বস্তুকে ভাল পাওঁ ইয়াৰ কাৰণ এইবিলাকে আমাক সুখ দিব পাৰে কিন্তু আমি বান্ধি দিয়া চৰ্ত্ত পূৰণ কৰি থকালৈকে অৰ্থা আমাৰ সুখৰ কাৰণ হৈ থকালৈকেহে আমি ইবিলাকক ভাল পাওঁ উদাহৰণ স্বৰূপে আমি আমাৰ প্ৰিয় পুত্ৰৰ কথা ধৰিব পাৰো আমি ভাবি থাকো যে পুত্ৰ আমাৰ নিজতকৈও প্ৰিয় কিন্তু পুত্ৰই যেতিয়া পিতৃক বিপদত পেলাই আঁতৰি যায় অথবা সহ্যৰ সীমা অতিক্ৰম কৰা ধৰণৰ কোনো দুষ্কাৰ্য কৰে তেতিয়া পিতৃৰ মনত পুত্ৰ প্ৰিয় হৈ নাথাকে জগতত আমি যিমান সংখ্যক বস্তুক ভাল পাওঁ সেই সকলো বস্তুৰ ক্ষেত্ৰতে এই কথা সত্য কিন্তু সুখ আৰু আনন্দৰ প্ৰতি আমাৰ যি স্বাভাৱিক প্ৰীতি বা ভালপোৱা থাকে সি কোনো চৰ্ত্তসাপেক্ষ নহয় আৰু আমাৰ জীৱনৰ কোনো পৰিস্থিতিতে ইয়াৰ একো পৰিবৰ্ত্তনো নহয় শাস্ত্ৰত কোৱা হৈছে যে নিজ আত্মাৰ প্ৰতি আমাৰ  স্বাভাৱিক প্ৰীতি বা ভালপোৱাও এই ধৰণৰ স্বভাৱগতভাৱেই আত্মা বা প্ৰকৃতমই প্ৰতি আমাৰ প্ৰেম জীৱনৰ সকলো অৱস্থাতে একে থাকে।সেই কাৰণে কোনেও মৰিব নোখোজে  অৰ্থাৎ আত্মাৰ পৰা বিচ্ছিন হব নিবিচাৰে  আত্মা প্ৰিয়তম সম্পদ হোৱা বাবে নিজৰ নিজৰ কাম্য আৰু প্ৰিয় অন্য সকলো বস্তু ত্যাগ কৰি লেও সকলোৱে  নিজক ৰক্ষা কৰি চিৰকাল বাছি থকাৰ বাবে চেষ্টা কৰে ভাগৱতত বিভিন্ন কাহিনীৰ মাজেৰে এই কথাবিলাক সহজভাৱে বুজাই দিয়া হৈছে আৰু ভাগৱতৰ এনে জ্ঞানৰ আধাৰত হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ দৰ্শনভাগ প্ৰতিষ্ঠিত (আগলৈ)


No comments:

Post a Comment