In the Vedas and
Vedic scriptures it is clearly mentioned that the consciousness of our body is our soul and our love for the soul is the
highest degree of love that a human being can have. But in the normal situation
of life we can not realize this fact. This is because we can not understand the
difference between the body and the soul inside the body.
When we say something about ourselves we
mean our bodies only. If we think for a moment about us we feel that the body
is not mine but I myself am the body. The soul and the body are so deeply
connected that it is not possible for us
to feel them separated from each other. For this reason our natural love for
the soul is transferred to our body and we feel that happiness of the body is
the highest degree of happiness. Thus to make the body happy people go on
collecting wealth , property , relatives and so many other things by any means
. Under normal condition everything goes on like this and people do not feel
any need to remember the soul in him. But the things do not continue like that.
Various types of changes occur during the life time of each people. Due to such
changes people sometimes lose the sources of their happiness like wealth, property
, relatives etc . After losing
everything of his possessions also people never want to die. People prefer to
live in distressful condition even like a beggar . This
means that people do not want to be separated from his soul under any situation
of his life. In his way it can be proved that our soul is the object of our
highest love and this natural love remains unchanged under all conditions. In
Bhagavata this natural and highest love for the soul or God is explained in
different ways through life stories of various characters to make it clear to
us. This was the main subject of spiritual education offered by Guru
Harideva through his Satra Institution. (to be continued)
বেদ আৰু বৈদিক শাস্ত্ৰত স্পষ্টভাৱে কোৱা হৈছে যে শৰীৰত থকা চৈতন্যই আমাৰ আত্মা আৰু আমাৰ বাবে আত্মাতকৈ অধিক প্ৰিয় অন্য একো থাকিব নোৱাৰে । কিন্তু সাধাৰণ অৱস্থাত আমি এই কথা অনুভৱ কৰিব নোৱাৰো। ইয়াৰ কাৰণ হৈছে শৰীৰ আৰু আত্মা পৃথক বুলি আমি অনুভৱ কৰিব নোৱাৰো । আত্মাহে আমাৰ প্ৰকৃত পৰিচয় বা আত্মাহে প্ৰকৃত “মই” বুলি আমি অনুভৱ কৰিব নোৱাৰো । মই মানে মোৰ এই শৰীৰ – এই কথা আমি সদাসৰ্বদা কিমান গভীৰভাৱে অনুভৱ কৰো তাক অলপ ভাৱি চালেই গম পোৱা যায়। চকু মুদি অলপ ভাবিলেই আমি অনুভৱ কৰো যে শৰীৰটো মোৰ নহয় ,শৰীৰটোহে মই । শৰীৰৰ লগত চৈতন্য বা চৈতন্যৰ লগত শৰীৰ ইমান ওতঃপ্ৰোতভাৱে জড়িত যে এটাক আনটোৰ পৰা পৃথকভাৱে চিন্তাই কৰিব নোৱাৰি । সেইকাৰণে আমাৰ দৰে সাধাৰণ মানুহে শৰীৰ আৰু আত্মা এক বুলি ভাৱে । তাৰ ফলত আত্মাৰ প্ৰতি থকা মানুহৰ স্বাভাৱিক প্ৰেম শৰীৰৰ প্ৰতি প্ৰেমলৈ পৰিবৰ্ত্তিত হয় আৰু মানুহে শৰীৰৰ সুখকে সৰ্বোত্তম সুখ বুলি গণ্য কৰে। তেনে অৱস্থাত মানুহে শৰীৰৰ সুখৰ কাৰণে বিভিন্ন উপায়ে ধন-সম্পদ ,মাটি-বাৰী,আত্মীয় স্বজন আদি সংগ্ৰহ কৰি ফুৰে । যেতিয়ালৈকে সকলো ঠিকে ঠাকে চলি থাকে তেতিয়লৈকে শৰীৰস্থ আত্মাৰ বিষয়ে একো চিন্তা কৰাৰ প্ৰয়োজন অনুভৱ কৰা নহয় । কিন্তু জীৱন কালৰ ভিতৰত মানুহে সন্মুখীন হোৱা পৰিবেশ পৰিস্থিতিসমুহ সলনি হৈ থাকে । এনে পৰিৱৰ্ত্তনৰ কাৰণে মানুহে সুখৰ উপকৰণ বুলি ভাৱি থকা বস্তুসমুহ যেনে - ধন, সম্পদ , মাটিবাৰী আত্মীয় স্বজন আদি এটা এটাকৈ হাতৰ পৰা গুছি যায়। কিন্তু তেনে অৱস্থাতো মানুহে কেতিয়াও মৰিব নিবিচাৰে। ভিক্ষাৰীৰ দৰে অতি নিঃকিন অৱস্থাত হ’লেও বাছি থাকিব বিচাৰে ।অৰ্থাৎ সকলো সুখদায়ক বয়-বস্তু আৰু সা-সম্পৰ্ক ৰ পৰা বিছিন্ন হোৱাৰ পিছতো আমি নিজৰ আত্মাৰ পৰা কেতিয়াও বিচ্ছিন্ন হ’ব নিবিচাৰো ।ইয়াৰ পৰা স্পষ্ট হয় যে অন্তৰস্থ আত্মাৰ প্ৰতি আমাৰ অনুৰাগ বা প্ৰেম সৰ্বোত্তম প্ৰেম । এই প্ৰেম অপৰিবৰ্ত্তনীয়ভাৱে সদা সৰ্বদা বিৰাজমান থাকে। জীৱনৰ কোনো পৰিস্থিতিতে আত্মাৰ প্ৰতি আমাৰ স্বাভাৱিক প্ৰেমৰ কোনো পৰিবৰ্ত্তন নহয়। ভাগৱত শাস্ত্ৰত সকলোৰে ভিতৰত থকা এই স্বাভাৱিক আত্মপ্ৰীতি বা ঈশ্বৰ প্ৰেমৰ বিষয়ে বিভিন্ন চৰিত্ৰৰ আলমত ৰচনা কৰা বিভিন্ন কাহিনীৰ মাধ্যমত আমাৰ দৰে সাধাৰণ লোকক বুজাই দিয়াৰ চেষ্টা কৰা হৈছে । হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানৰ জৰিয়তে জনসাধাৰণক দিয়া পাৰমাৰ্থিক শিক্ষাৰো এয়ে মূল বিষয়-বস্তু। (আগলৈ)
No comments:
Post a Comment