Bhagavata tells
that only one consciousness or soul acts through all bodies in the creation . When the
consciousness acts through the body of a demigod we see the consciousness in the
form of demigod. When the same consciousness acts through the body of a demon
we see a demon and when the consciousness acts trough the bodies of man,
woman ,animal, tree etc we see man ,animal ,tree and so on. Also the
same consciousness acts as the driving force behind the creation as a whole. For
making the things easy for the understanding of the common people like us the
Vedic sages mentioned the consciousness or
soul behind the activities of individual things of the creation as soul or Atma
or Jivatma. Similarly the consciousness
behind the activities of the creation as a whole is named as Paramatma or super soul or God Almighty . If we analyze the things in
this way we do not find anything in the creation except the soul or super soul
or God Almighty. Explaining the things with an analogy, Bhagavata tells that there
are earthen
pots
of various shapes and sizes. These pots are
identified with different names based on their sizes, shapes and utilities. But
the material available in all those pots
is earth only . In a similar way we see innumerable number of things in the
creation. We identify them with different names like demigod ,demon, human , bird ,tree and so on.But the true
identity of all of them is the soul or Atma only. One single super soul or God Almighty enters in all
individual bodies and when this super soul express itself through the activities
of the individual body it is called soul. It is already told that God Almighty
or the super soul cannot be known by our knowledge acquiring machinery consisting
of mind, intelligence and senses. But the
soul inside us can realize the super soul. So , Guru Harideva suggests that by Atmajna
or self realization or identification of the soul inside as his true self one can know the super soul or God Almighty. The philosophy of
the Satra Institution of Guru Harideva is based on such teachings of the Bhagavata
. (to be continued)
ভাগৱতত কোৱা হৈছে যে এক চৈতন্য বা আত্মাই সৃষ্টিত থকা সকলো শৰীৰৰ মাধ্যমত কাম কৰে ।
যেতিয়া আত্মা কোনো দেৱতাৰ শৰীৰত প্ৰৱেশ কৰি সেই শৰীৰক চেতনাময় বা কাৰ্যশীল কৰে তেতিয়া আমি দেৱতা দেখা পাওঁ ।
একে আত্মাই যেতিয়া অসুৰৰ শৰীৰৰ মাধ্যমত কাম কৰে তেতিয়া আমি অসুৰ দেখো ।একেদৰে যেতিয়া আত্মা মানৱ ,মানৱী ,জন্তু ,গছ ইত্যাদিৰ শৰীৰৰ মাধ্যমত কাম কৰে তেতিয়া আমি মানুহ ,জন্তু ,গছ ইত্যাদি দেখা পাওঁ ।
আকৌ সেই এক আত্মাই সমগ্ৰিকভাৱে সমস্ত জগতৰ চালিকা শক্তি হিচাপেও কাম কৰে ।সাধাৰণ মানুহক কথাবিলাক সহজভাৱে বুজাৱৰ বাবে ঋষিমুনি সকলে প্ৰতিটো শৰীৰক কাৰ্যশীল কৰা চালিকা শক্তি বা চৈতন্যক আত্মা বা জীৱাত্মা বুলি কৈছে ।
সেইদৰে সমগ্ৰ সৃষ্টিক সামগ্ৰিকভাৱে কাৰ্যশীল কৰা চালিকা শক্তি বা চৈতন্যক পৰমাত্মা বা পৰমেশ্বৰ বুলি কোৱা হৈছে ।
কথাবিলাক এনেদৰে বিচাৰ কৰিলে আমি সমগ্ৰ সৃষ্টিত কেৱল মাত্ৰ আত্মা বা পৰমাত্মা বা পৰমেশ্বৰত বাদে আন একো নাই বুলি বুজিব পাৰো ।
ভাগৱতত এক উপমা দি কোৱা হৈছে যে আমি বিভিন্ন আকাৰ আৰু আকৃতিৰ মাটিৰ পাত্ৰ দেখা পাওঁ ।আকাৰ ,আকৃতি আৰু ব্যৱহাৰৰ উপযোগীতা অনুসৰি পাত্ৰবোৰৰ বেলেগ বেলেগ নাম ৰখা হয় ।কিন্তু সকলো পাত্ৰতে মাটিত বাদে আন একো উপাদান নাথাকে।একেদৰে সৃষ্টিত আমি অসংখ্য বস্তু দেখা পাওঁ। আমি এই বস্তুবিলাকক দেৱতা , দানৱ , মানুহ ,জন্তু , গছ আদি বিভিন্ন নামেৰে চিনাক্ত কৰো ।
কিন্তু এই সমস্তৰে প্ৰকৃত পৰিচয় হৈছে আত্মা বা চৈতন্য ।এক পৰমাত্মা বা পৰমেশ্বৰে জগতৰ প্ৰত্যেক বস্তুৰ শৰীৰত প্ৰৱেশ কৰে আৰু প্ৰতিটো শৰীৰৰ মাধ্যমত কাম কৰে। একো একোটা পৃথক পৃথক শৰীৰৰ কৰ্মৰ মাধ্যমত প্ৰকাশ লাভ কৰা পৰমাত্মাকে আত্মা বুলি কোৱা হয়।
আগতে কৈ অহা হৈছে যে আমাৰ জ্ঞান আহৰণৰ যন্ত্ৰ অৰ্থাৎ আমাৰ মন,
বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰা পৰমাত্মা বা ঈশ্বৰক জনা সম্ভৱ নহয় ।কিন্তু ভাগৱতে কৈছে আমাৰ ভিতৰতে থকা আত্মাই পৰমাত্মা বা ঈশ্বৰক জানিব বা অনুভৱ
কৰিব পাৰে।
সেইকাৰণে হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান লাভ কৰাৰ পিছত অৰ্থাৎ
নিজৰ ভিতৰতে অৱস্থিত আত্মাক “প্ৰকৃত মই”
বুলি উপলব্ধি কৰাৰ পিছত পৰমাত্মা বা পৰমেশ্বৰক জনা সম্ভৱ।
হৰিদেৱ গুৰুজনাৰ সত্ৰৰ দৰ্শন ভাগৱতৰ এই জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত ।(আগলৈ)
No comments:
Post a Comment