In continuation of
the preceding post it is to be further said that our
body is limited. Body exists for a small period of time occupying a very small space in the creation. But the consciousness
in us is omnipresent, that is, consciousness is present occupying all space in
the creation , it exist beyond the
creation, it exists prior to the creation, during sustenance of the creation
and after annihilation of the creation. So consciousness can not be the soul of
an individual entity like us. Consciousness is the soul of each body, each minutest particle of the creation and it is also the soul of the
creation as a whole. Bhagavata explains it with an analogy. The sun is one, but when
this single sun is reflected in water contained in many pots we see an individual image of the sun in each pot. In that way we see the multiplicity of one sun. In a
similar way we see reflected image of one supersoul in the body of each
entity of the creation. For easy understanding of the common people like us the
reflected consciousness present in each body is called the soul or atma and the
root consciousness behind the creation as
a whole is called super soul or God or paramatma. Bhagavata tells that so long
we feel ourselves as body we see one soul in each body and this is not the truth. Again, we love those things which bring
happiness to us. Also, we love those things more which bring more amount of happiness.For example
we love a gold coin more than a silver coin since a gold coin can bring more
material happiness. Now, in the
preceding post it is mentioned that we have supreme love for our soul and hence
naturally the soul is the supreme source of happiness also. So, we should
seek happiness and bliss in our soul. But
instead of seeking happiness in this source of supreme happiness we seek
happiness and bliss in external material
world and suffer. Guru Harideva suggests
that self realization is the solution for removal of the above confusions. Bhagavata
tells that by acquiring proper
spiritual knowledge any human being can
attain self realization. The education system of the Satra Institution of Guru
Harideva is based on such philosophical thoughts . (to be continued)
ইয়াৰ আগৰ লিখনিৰ আঁত ধৰি ক’ব পাৰি যে আমাৰ শৰীৰৰ সীমা আছে ।
শৰীৰ সৃষ্টিৰ যৎসামান্য স্থান অধিকাৰ কৰি অলপ সময়ৰ বাবে থাকে ।কিন্তু আমাৰ ভিতৰত থকা চৈতন্য সৰ্বব্যাপ্ত,
অৰ্থাৎ চৈতন্য সমস্ত জগতত ব্যাপ্ত হৈ থকাৰ উপৰিও জগতৰ বাহিৰতো থাকে ।
সৃষ্টিৰ পাতনিৰ আগতো থাকে ,সৃষ্টি চলি থকা কালতো থাকে আৰু সৃষ্টি বিনাশ হোৱাৰ পিচতো থাকে।
গতিকে চৈতন্য কেৱল আমাৰ দৰে বিশেষ ব্যক্তিৰ শৰীৰৰ আত্মা হ’ব নোৱাৰে ।
চৈতন্য জগতৰ প্ৰত্যেক শৰীৰ , প্ৰত্যেক অণু-পৰমাণুৰে আত্মা আৰু সামগ্ৰিকভাৱে সমস্ত জগতৰো আত্মা ।ভাগৱতত এক উপমাৰ দ্বাৰা কথাখিনি বুজোৱা হৈছে ।
সূৰ্য এটা কিন্তু অসংখ্য পাত্ৰত ৰখা পানীত আমি একেটা সূৰ্যৰ অসংখ্য পৃথক পৃথক প্ৰতিবিম্ব দেখা পাওঁ ।
যিদৰে
একেটা সূৰ্যৰ অসংখ্য প্ৰতিৰূপ দেখা পোৱা যায় , সেইদৰে এক চৈতন্যৰ প্ৰভাৱ জগতৰ সমস্ত শৰীৰৰ মাধ্যমত পৃথক পৃথকভাৱে দেখা যায় আৰু আমি প্ৰত্যেক শৰীৰৰে চৈতন্য পৃথক বুলি ভাৱো ।আমাৰ দৰে সাধাৰণ মানুহৰ বুজাৰ সুবিধাৰ বাবে প্ৰ্ত্যেক শৰীৰৰ মধ্যমত প্ৰকাশ পোৱা চৈতন্যক আত্মা বা জীৱ আৰু সমগ্ৰ জগতৰ মাধ্যমত প্ৰকাশ পোৱা চৈতন্যক পৰমাত্মা বা পৰমেশ্বৰ বুলি কোৱা হৈছে।ভাগৱতত কোৱা হৈছে যে আমি নিজকে শৰীৰ বুলি অনুভৱ কৰি থাকিলে প্ৰত্যেক শৰীৰতে একো একোটা পৃথক আত্মা আছে বুলি অনুভৱ হয় যদিও ই সত্য নহয়।আনহাতে যি বস্তুৱে আমাক সুখ দিব পাৰে তাক আমি ভাল পাওঁ ।
যি বস্তুৱে আমাক বছি সুখ দিব পাৰে সেই বস্তুক আমি বেছি ভাল পাওঁ ।
উদাহৰণ স্বৰূপে এটা সোণৰ মুদ্ৰাই এটা ৰূপৰ মুদ্ৰাতকৈ বেছি সুখ দিব পাৰে কৰণে আমি ৰূপৰ মুদ্ৰাতকৈ সোণ মুদ্ৰা বেছি ভাল পাওঁ ।অৰ্থাৎ যি বস্তুক ভাল পোৱা হয় সেই বস্তু আমাৰ সুখ আৰু আনন্দৰ উৎস ।
আগৰ লিখনিত কৈ অহা হৈছে যে আত্মা আমাৰ সৰ্বোত্তম প্ৰেমৰ বস্তু।
সেই কাৰণে আত্মা আমাৰ বাবে সৰ্বোত্তম সুখ আৰু আনন্দৰো উৎস।
সেইফালৰ পৰা চালে আমি আত্মাত সুখ আৰু আনন্দৰ অনুসন্ধান কৰা উচিত ।
কিন্তু তাকে নকৰি আমি জগতৰ অনিত্য বস্তুৰ মাজত অহৰহ সুখ আৰু আনন্দৰ সন্ধান কৰি দুখভোগ কৰি থাকো।
হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান এনে ভ্ৰান্তি দূৰ কৰাৰ উপায় ।
ভাগৱতে কৈছে যে পাৰমাৰ্থিক শিক্ষা লাভ কৰি মানৱ শৰীৰধাৰী জীৱই আত্মজ্ঞান লাভ কৰিব পাৰে ।হৰিদেৱ
গুৰুজনাৰ সত্ৰানুষ্ঠানৰ শিক্ষাব্যৱ্স্থাও ওপৰোক্ত দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত ।(আগলৈ)
No comments:
Post a Comment