Bhagavata tells that all bodies in the creation starting from mighty
lord Brahma to a particle of sand have different names and forms. All of them
appear in the creation, stay for their life time and then disappear. One omnipresent
and eternal consciousness keeps all the bodies alive and active. Citing the example of a spider Bhagavata tells that a spider
expands web by using threads. These threads are taken out from its own body.
The spider maintains the web for certain times for its own use and then dismantles it by swallowing the threads into its own body. The
spider doesnot require any external material and technical assistance from
outside for doing these. In a similar way
the consciousness or God manifests the material world through his own potency,
maintains it for certain times for his own use and finally withdraws it within
him. In other words, the consciousness or God manifests himself when he creates
the world, maintains himself when he maintains the creation and withdraws
himself when he annihilates the creation
. Explaining the things in this way Bhagavata tells that though we see the
presence innumerable things in the creation, it is not the real picture. The
truth is that except one omnipresent ,
omniscient and omnipotent consciousness or
God there in nothing in the creation and
beyond the creation. Everything available in the creation is included in
this single consciousness and nothing exists outside it. Now, consciousness is consciousness
only. It can not have any particular name and form. But we, the common human
being, can not gain any idea of anything without a name, a corresponding form
and some attributes attached with that name and form. So, in the Vedas different
learned sages mention one consciousness with different names and forms and describe
the attributes attached with those names and forms in different ways. Based on
those observations of the sages different people try to know one single consciousness in various ways in accordance with their own
interests and understanding capacities. Following such observations of the
Vedas, Bhagavata tells that Lord Krishna is the lone consciousness or atma
behind everything in the creation and beyond it. To bring the same teachings of
Bhagavata to the reach of the common people Guru Harideva established Satra
Institution.(to be continued)
ভাগৱতত কোৱা হৈছে যে ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি সাধাৰণ বালুকণালৈকে জগতৰ সকলো বস্তুৰে একো একোটা নাম আৰু একো একোটা ৰূপ বা আকৃতি আছে । এই সকলো বস্তুৱে জগতত আবিৰ্ভূত হয় , জীৱিত কালছোৱা থাকে আৰু তাৰ পিছত নাইকীয়া হয় ।এক সৰ্বব্যাপ্ত চৈতন্যই জগত আৰু জগতৰ সকলো নাম-ৰূপযুক্ত বস্তুকে জীৱন্ত আৰু কাৰ্যশীল কৰি ৰাখে ।কথাখিনি বুজোৱাৰ বাবে মকৰাৰ উদাহৰণ দি ভাগৱতে কৈছে যে মকৰাই সূতাৰ দ্বাৰা জাল বিস্তাৰ কৰে । ইয়াৰ বাবে প্ৰয়োজন হোৱা সূঁতা নিজৰ শৰীৰৰ ভিতৰৰ পৰা উলিয়াই লয় । জালখনৰ সংৰক্ষণ আৰু ব্যৱহাৰো নিজে কৰে আৰু নিজৰ কাম শেষ হোৱাৰ পিছত সূঁতাখিনি গিলি পুনৰ নিজৰ ভিতৰত সুমুৱাই থয়। এই কামৰ বাবে মকৰাই নিজৰ বাহিৰৰ পৰা উপাদান সংগহ নকৰে বা অন্য একো শক্তিৰ সহায় নলয়। একেদৰে চৈতন্য বা ঈশ্বৰে নিজৰ আভ্যন্তৰীণ শক্তি প্ৰয়োগ কৰি জগত সৃষ্টি কৰে , সৃষ্টিৰ সংৰক্ষণ নিজে কৰে, সৃষ্টিৰ ব্যৱহাৰ নিজৰ বাবে কৰে আৰু প্ৰয়োজন সমাপ্ত হোৱাৰ লগে লগে সৃষ্টিৰ সামৰণী মাৰি জগতখন নিজৰ ভিতৰত সুমুৱাই থয় । অন্যভাৱে ক’বলৈ হ’লে চৈতন্য বা ঈশ্বৰে সৃষ্টিৰ উৎপাদন কাৰ্যৰ দ্বাৰা নিজকে প্ৰকাশিত কৰে , সংৰক্ষণ কাৰ্যৰ দ্বাৰা নিজকে সংৰক্ষণ কৰে আৰু প্ৰলয় কাৰ্যৰ দ্বাৰা নিজকে অপ্ৰকাশ অৱস্থালৈ লৈ যায় ।কথাবিলাক এনেদৰে বিশ্লেষণ কৰি ভাগৱতে কৈছে যে জগতখন আৰু জগতৰ অসংখ্য বস্তু আমি দেখি থাকো যদিও এই দৃশ্য সত্য নহয়।প্ৰকৃত সত্য হৈছে এক সৰ্বব্যাপ্ত , সৰ্বশক্তিমান আৰু সৰ্বজ্ঞ চৈতন্য বা ঈশ্বৰত বাদে জগতত আৰু জগতৰ বাহিৰত অন্য একোৱে নাই । জগতত যিমান যি দেখা যায় সেই সকলোখিনি এই এক চৈতন্য বা ঈশ্বৰৰ অন্তৰ্গত , ইয়াৰ বাহিৰত একো নাই । এতিয়া কথা হৈছে চৈতন্য চৈতন্যই । ইয়াৰ কোনো নাম বা আকাৰ থাকিব নোৱাৰে । আনহাতে আমাৰ দৰে সাধাৰণ লোকে নাম ,আকাৰ আৰু গুণাগুণ নথকা একো বস্তুৰে ধাৰণা কৰিব নোৱাৰে । সেই কাৰণে বেদত মহাজ্ঞানী ঋষি-মুনি সকলে এই এক চৈতন্যকে বিভিন্ন নাম, বিভিন্ন ৰূপ আৰু সেই নাম-ৰূপৰ লগত সামঞ্জস্য থকা বিভিন্ন গুণাগুণ সহকাৰে ব্যাখ্যা কৰিছে । ঋষিমুনি সকলে প্ৰবৰ্ত্তন কৰা সেই ব্যৱস্থা অনুসৰি বিভিন্ন ৰুচি আৰু বিভিন্ন স্তৰৰ বুদ্ধিবৃত্তি সম্পন্ন মানুহে নিজৰ নিজৰ ৰুচি আৰু বুজি পোৱাৰ ক্ষমতা অনুসৰি সেই এক চৈতন্যকে ভিন্ন ভিন্ন উপায়েৰে অনুভৱ কৰাৰ চেষ্টা কৰে । বেদৰ এনে ব্যৱস্থাৰ আলম লৈ ভাগৱতত কোৱা হৈছে যে ভগৱান শ্ৰীকৃষ্ণ হৈছে সৃষ্টিৰ সমস্ততে আৰু সৃষ্টিৰ বাহিৰত সদা-সৰ্বদা বিৰাজমান পৰম চৈতন্য বা পৰমাত্মা । ভাগৱতজ্ঞানৰ আধাৰত এই পৰম সত্যক জনসাধাৰণৰ মাজলৈ লৈ অহাৰ বাবেই হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠান স্থাপন কৰিছিল ।(আগলৈ)
No comments:
Post a Comment