Bhagavata tells
that God is omnipresent. He is present inside and outside of all entities of
the creation. He is present everywhere in the creation and is also present beyond
the limit of the
creation.
It is also told that through scriptural knowledge we can see God in everything
and outside everything of the creation. But in both the cases things of the creation
are connected with God or knowledge pertaining to God. To make the point clear
we can take example of a water pot. When the pot is kept immersed in a water
tank then we see the presence of water in both inside and outside of the pot.
In both the cases presence of water is noticed with reference to the pot. In a
similar way the omnipresent God remains present in both inside and outside of
everything of the creation and make everything active. Due to that, actions are
generated inside everything. These actions generate reactions in the things
outside. Thus interactions are generated among the things of the creation both from
inside and outside. When we know God through those actions, reactions and interactions
of the things of the creation, then it is called indirect knowledge . On the
other hand, direct knowledge pertaining to God is known as Vijnana or self realization or Atmajnana in scriptural
language. Guru Harideva tells that without coming to this stage of knowledge
nobody can know the Ultimate Truth or
Lord Krishna. Bhagavata tells that direct knowledge means knowing God without
any connection with anything of the
creation. It is like knowing of fire not connected to fuel or feeling of
electricity not connected with any electrical appliances. We know that it is
not possible to know or feel fire and electricity with our mind, intelligence
and senses when these are not involved with their actions. In a similar way we
can not know God not connected to anything of the world in any way through our
mind intelligence and senses. So direct knowledge of God or Vijnana or self
realization can not be a subject of our
knowledge like other things of the world. In Bhagavata this subject is
elaborately explained in various ways to make the things clear to common people
like us.The philosophy of the Satra Institution of Guru Harideva is also based
on these teachings of the Bhagavata. (to be continued)
ভাগৱতত কোৱা হৈছে যে ঈশ্বৰ সৰ্বব্যাপ্ত ।ঈশ্বৰ জগতৰ সকলো বস্তুৰ ভিতৰতো আছে আৰু বাহিৰতো আছে।ঈশ্বৰ সৃষ্টিৰ সৰ্বত্ৰতে ব্যাপ্ত হৈ আছে আৰু সৃষ্টিৰ পৰিসীমাৰ বাহিৰতো আছে । লগতে ইয়াকো কোৱা হৈছে যে ঈশ্বৰ সৃষ্টিৰ সমস্ত বস্তুৰ ভিতৰতো আছে আৰু বাহিৰতো আছে বুলি শাস্ত্ৰজ্ঞানৰ সহায়ত জানিব পাৰি যদিও এনে জ্ঞানৰ দ্বাৰা সৃষ্টিত থকা বস্তুৰ আলম লৈহে ঈশ্বৰ সম্পৰ্কে জ্ঞান লাভ কৰা হয়। কথাখিনি বুজাৰ বাবে আমি এটা কলহৰ উদাহৰণ ল্’ব পাৰো । এটা কলহ পুখুৰীৰ পানীত ডুবাই ৰাখিলে কলহৰ ভিতৰতো পানী থাকে আৰু বাহিৰতো পানী থাকে। কলহটোৰ লগত সম্বন্ধ ৰাখিহে কলহৰ ভিতৰ-বাহিৰ উভয়তে পানী আছে বুলি অনুভৱ কৰিব পাৰি।একেদৰে সৰ্বব্যাপ্ত ঈশ্বৰ জগতৰ সকলো বস্তুৰ ভিতৰ আৰু বাহিৰ উভয়তে থাকে আৰু সকলোকে কাৰ্যশীল কৰে।ইয়াৰ ফলত সকলো বস্তুৰ ভিতৰত নিজস্ব কাৰ্য বা ক্ৰিয়া উৎপন্ন হয় আৰু তাৰ লগতে বাহিৰত থকা বস্তু সমুহত ইয়াৰ প্ৰতিক্ৰিয়া উৎপন্ন হয়। ঈশ্বৰৰ স্থিতিৰ ফলত জগতৰ বস্তুসমুহৰ মাজত চলি থকা এই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাধ্যমত ঈশ্বৰক যিদৰে জনা হয় সেই জ্ঞান ঈশ্বৰ সম্পৰ্কীয় পৰোক্ষ জ্ঞান।আনহাতে ঈশ্বৰ সম্পৰ্কে যি প্ৰত্যক্ষ জ্ঞান তাক শাস্ত্ৰৰ ভাষাত বিজ্ঞান বা আত্মজ্ঞান বুলি কোৱা হয় । হৰিদেৱ গুৰুজনাই কৈছে যে যেতিয়ালৈকে প্ৰত্যক্ষজ্ঞান বা আত্মজ্ঞান লাভ কৰা নহয় তেতিয়ালৈকে কাৰো পক্ষে পৰম সত্যৰ জ্ঞান লাভ বা কৃষ্ণলাভ সম্ভৱ নহয় । ভাগৱতে কৈছে যে প্ৰত্যক্ষ জ্ঞান হৈছে জগতৰ একো বস্তুৰ সৈতে কোনো প্ৰকাৰে সংযুক্ত হৈ নথকা ঈশ্বৰ সম্পৰ্কীয় জ্ঞান ।এই জ্ঞানৰ অনুভৱ ইন্ধনৰ সৈতে সম্পৰ্ক নথকা জুই বা যন্ত্ৰৰ সৈতে সংযোগ নথকা বিদ্যুত শক্তিক অনুভৱ কৰাৰ দৰে । আমি জানো যে দহন কাৰ্য অবিহনে জুই বা কোনো যন্ত্ৰৰ সৈতে সংযোগ নথকা বিদ্যুত আমাৰ মন বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰা সম্ভৱ নহয় ।একেদৰে জগতৰ একো বস্তুৰ সৈতে কোনো ধৰণৰ সম্বন্ধ নথকা ঈশ্বৰক আমাৰ মন বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰা সম্ভৱ নহয়্। সেয়েহে ঈশ্বৰ সম্পৰ্কীয় প্ৰত্যক্ষ জ্ঞান অৰ্থাৎ বিজ্ঞান বা আত্মজ্ঞান জগতৰ অন্য বস্তুৰ দৰে আমাৰ জ্ঞান চৰ্চাৰ বিষয়বস্তু হ’ব নোৱাৰে । ভাগৱতত এই কথা বহু প্ৰকাৰে আৰু অতি বিস্তাৰিত ৰূপত ব্যাখ্যা কৰি আমাৰ দৰে সধাৰণ লোকক বুজাবলৈ চেষ্টা কৰা হৈছে । হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ দাৰ্শনিক ভাৱ ভাগৱতৰ এই জ্ঞান আৰু শিক্ষাৰ ওপৰতে প্ৰতিস্থিত । (আগলৈ)
No comments:
Post a Comment