The Vedas and Vedic Scriptures can not provide
perfect knowledge pertaining to God or the ultimate truth. Also, with our mind
, intelligence and senses we can not
know God. We get these information from the Vedas itself . In spite of that, the Vedas
and Vedic Scriptures describe knowledge pertaining to God as far as possible
through words of human language.
This is because, with the knowledge acquiring machinery available with us, that
is, with our mind, intelligence and
senses we can understand the things
described in words of our language
. Moreover, knowledge is to be imparted in step by step manner. For educating a
small child we first admit him in the primary class. Starting from there the child
gradually acquire higher knowledge . Similarly, for educating common man in the spiritual field, education is to be started from the level of simple Vedic Scriptures. Again for proceeding
in the path of spiritual practice it is essential for a person to live an ideal familial and social life. He should be aware of his
duties and responsibilities as a human being. He must know his own body mind complex, family, community, society, country and all other living and non living beings in the creation and
his duties towards them. He should also know
how to perform those duties . The scriptures
only can perfectly guide people in this regard. Also, from the scriptures we
come to know that there is only one God who controls each and
everything of the creation. God is
omniscient, omnipresent and omnipotent and so he is always present with us , he knows
everything of us, he can fulfill our
desires and only he can protect us from all odds of our life. Also , from scripture we can
know that everything of the creation remains alive and active as God is present in all entities of the creation. Moreover, through the scriptural knowledge itself
we learn that Vijnana or Atmajnana is necessary for knowing God perfectly. We
also learn that the scriptures are not able
to fully express God but we can find
out the path of attainment of self realization through scriptural knowledge only. This type of analysis of the scriptures and
scriptural knowledge is essential to understand the philosophy of the Satra
Institution established by Guru Harideva . (to be continued)
বেদ আৰু বৈদিক শাস্ত্ৰৰ পৰা ঈশ্বৰ বা পৰম সত্য সম্পৰ্কে পূৰ্ণজ্ঞান লাভ কৰিব নোৱাৰি। আকৌ আমাৰ মন ,বুদ্ধি আৰু ইন্দ্ৰিয়ৰ সহায়তো ঈশ্বৰক জানিব নোৱাৰি। স্বয়ং বেদতে এইবিলাক কথা কোৱা হৈছে । কিন্ত এনেদৰে উপলব্ধি কৰাৰ পিছতো বেদ আৰু বৈদিক শাস্ত্ৰত ঈশ্বৰ সম্পৰ্কীয় জ্ঞান শব্দৰ মাধ্যমতে বৰ্ণনা কৰা হৈছে ।ইয়াৰ কাৰণ হৈছে আমি আমাৰ জ্ঞান আহৰণৰ যন্ত্ৰ অৰ্থাৎ মন ,বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰা শব্দ স্তৰত প্ৰকাশ হোৱা জ্ঞান বুজিব পাৰো। আমি বুজি পোৱাৰ উপযোগী কৰাৰ কাৰণেহে বেদ আৰু বৈদিক শাস্ত্ৰত ঈশ্বৰ সম্পৰ্কীয় জ্ঞান মানবীয় ভাষাৰ শব্দৰ জৰিয়তে যিমানদূৰ সম্ভৱ বৰ্ণনা কৰাৰ প্ৰয়াস কৰা হৈছে । তদুপৰি জ্ঞান অৰ্জনৰ বিষয়ত ধাপে ধাপে অগ্ৰসৰ হোৱাৰ প্ৰয়োজন হয় । বিদ্যালাভৰ আৰম্ভণীতে শিশু এটাক প্ৰাথমিক বিদ্যালয়ত নাম লিখি দিয়া হয়। শিশুৱে তাৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে উচ্চৰ পৰা উচ্চতৰ শিক্ষা গ্ৰহণ কৰে।একেদৰে সাধাৰণ মানুহক পাৰমাৰ্থিক শিক্ষা দিয়াৰ ক্ষেত্ৰতো সহজ সৰল বৈদিক শাস্ত্ৰৰ পৰা পাঠদান আৰম্ভ কৰা হয় ।তদুপৰি পাৰমাৰ্থিক পথত অগ্ৰসৰ হোৱাৰ বাবে মানুহে আদৰ্শ পাৰিবাৰিক আৰু সামাজিক জীৱন যাপন কৰাৰ কৰাৰ প্ৰয়োজন হয় । নিজৰ শৰীৰ-মন,পৰিয়াল ,প্ৰজাতি ,সমাজ , দেশ আৰু সৃষ্টিত থকা সমস্ত জীৱ আৰু জড় বস্তুৰ বিষয়ে আৰু এজন মানুহ হিচাপে সেইসকলৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্ত্তব্যৰ বিষয়ে জনাৰ প্ৰয়োজন হয়। লগতে সেই দায়িত্ব আৰু কৰ্ত্তব্য কিদৰে পালন কৰিব পাৰি তাকো জনাৰ প্ৰয়োজন হয় ।শাস্ত্ৰৰ পৰা এই সমস্ত বিষয়ৰে তাত্বিক জ্ঞান আৰু তাৰ ব্যৱহাৰিক প্ৰয়োগৰ কৌশল শিকি নললে সাধাৰণ লোকৰ পক্ষে পাৰমাৰ্থিক পথত অগ্ৰসৰ হোৱা সম্ভৱ নহয় ।আকৌ শাস্ত্ৰৰ পৰাই আমি জানিব পাৰো যে এজন সৰ্বব্যাপ্ত , সৰ্বজ্ঞ আৰু সৰ্বশক্তিমান ঈশ্বৰ আছে আৰু তেওঁ জগতৰ সমস্তকে নিয়ন্ত্ৰণ কৰে ।যিহেতু ঈশ্বৰ সৰ্বব্যাপ্ত সেয়েহে তেওঁ আমাৰ নিজৰ শৰীৰ্-মনকে ধৰি জগতৰ সমস্ততে আছে আৰু তাৰ বাবেই জগতৰ সমস্ত বস্তু জীৱিত আৰু কাৰ্যশীল হৈ আছে। তদুপৰি শাস্ত্ৰৰ পৰাই আমি জানিব পাৰো যে ভগৱানৰ পূৰ্ণ ৰূপ দৰ্শন বা উপলব্ধি কৰাৰ বাবে বিজ্ঞান বা আত্মজ্ঞানৰ প্ৰয়োজন । লগতে ইয়াকো জানিব পাৰি যে শাস্ত্ৰ ভগৱানক সম্পূৰ্ণভাৱে প্ৰকাশ কৰাত সক্ষম নহয় যদিও শাস্ত্ৰজ্ঞানে অত্মজ্ঞান লাভৰ দিশত আগবঢ়াৰ বাবে পথ দেখুৱায়। শাস্ত্ৰ আৰু শাস্ত্ৰীয় জ্ঞানৰ বিষয়ে এনে প্ৰকাৰৰ বিচাৰ বিশ্লেষণ কৰিলে হৰিদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা সত্ৰানুষ্ঠানৰ অন্তৰালত থকা দাৰ্শনিক তত্ব বুজিব পাৰি।(আগলৈ)
No comments:
Post a Comment