Guru Harideva suggests that it is not possible to realize “Krishna” or the
Ultimate Truth without attainment of ‘Atmajnana’ or self realization. We should
try to understand the meaning of this statement to realize the philosophical thought behind his Satra
Institution. Bhagavata suggests that through knowledge one can know his actual
self. That is, after attainment of knowledge
one can understand that he is not the body he possesses but the soul in him. With
that understanding only one can clearly realize the Vedic knowledge and attain
vijnana or self realization. Then equipped with Jnana and Vijana or knowledge
and self realization one should serve Krishna with love and devotion to realize
him. Explaining the meaning of jnana or knowledge Bhagavata tells that there are twenty eight
constituent elements in each living entities in the creation. That is, we can
say that starting from mighty Brahma, the lord of the highest heaven to a small
grass in this world, all bodies are composed of these twenty eight elements. The
knowledge which enables one to realize that all bodies and the twenty eight constituent
elements of the bodies are manifestation of one God and God is present in each
element of each body to keep all of them
active, is said to be the ordinary Vedic knowledge or jnana by Bhagavata.To
simplify the things we can say that by attainment of ordinary vedic knowledge
we can know that there are twenty eight constituent element in all bodies
manifested in the creation. These are prakriti or material nature , purusha or
living entities , ahamkara or ego , mahat or cosmic intellect, five objects of
sense perception , five working senses,
five senses of knowledge , the mind , five gross physical elements and three gunas
or modes of material nature. These twenty eight elements are manifested from
God and he is also present in each element of each body to keep them alive.
Bhagavata tells that knowing about the
elements and their connection with God in this manner in called jnana or
indirect Vedic knowledge. Such knowledge is preliminary stage of knowledge and
is dependent upon the existence of other materials in the universe. That is, if
things are not available in the creation, then this type of knowledge also can not
exist . Bhagavata tells that such
knowledge is essential to understand one’s own true self. When we think about our identity, the thought
of the body comes to our mind immediately and we remain always convinced that
we are the body. With the indirect Vedic knowledge we can realize that our body
is nothing but a combination the twenty eight elements as mentioned above. God
remains present in our body as soul and keeps all the elements of our body
active and for that reason only our body remains alive and active. (to be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান অবিহনে কৃষ্ণতত্বৰ জ্ঞান লাভ কৰা বা পৰম সত্য কি তাক বুজি পোৱা সম্ভৱ নহয় ।
গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা সত্ৰানুষ্ঠানৰ অন্তৰ্নিহিত দাৰ্শনিক
তত্ব জনাৰ বাবে গুৰুজনাৰ এই উক্তিৰ তাৎপৰ্য বিচাৰ কৰাৰ প্ৰয়োজন।
ভাগৱতত কোৱা হৈছে যে জ্ঞানৰ দ্বাৰা মানুহে নিজে আচলতে কি বা নিজৰ প্ৰকৃত পৰিচয় কি তাক বুজিব পাৰে ।
অৰ্থাৎ জ্ঞান লাভ কৰাৰ অন্তত মানুহে বুজিব পাৰে যে তেওঁ শৰীৰ নহয়, যিয়ে শৰীৰৰ অভ্যন্তৰত থাকি শৰীৰক পৰিচালনা কৰি আছে সেই আত্মাহে তেওঁৰ প্ৰকৃত পৰিচয় ।এই জ্ঞান হোৱাৰ পিছতহে মানুহে বেদ আৰু বৈদিক শাস্ত্ৰই দিয়া জ্ঞান শুদ্ধভাৱে হৃদয়ঙ্গম কৰি বিজ্ঞান বা আত্মজ্ঞান লাভ কৰিব পাৰে ।
এইদৰে জ্ঞান আৰু বিজ্ঞান বা আত্মজ্ঞান সম্পন্ন হৈ প্ৰেমভক্তি সহকাৰে ভগৱান কৃষ্ণৰ সেৱা কাৰ্যত নিযুক্ত হ’লেহে কৃষ্ণতত্ব হৃদয়ঙ্গম কৰা সম্ভৱ বুলি হৰিদেৱ
গুৰুজনাই কৈছে ।জ্ঞান কি তাক ব্যাখ্যা কৰি ভাগৱতে কৈছে যে সৃষ্টিৰ প্ৰত্যেক জীৱৰ ভিতৰত আঠাইশটা তত্ব অন্তৰ্নিহিত হৈ আছে ।
অৰ্থাৎ সাধাৰণভাৱে আমি ক’ব পাৰো যে ব্ৰহ্মাণ্ডৰ অধিপতি ব্ৰহ্মাৰ শৰীৰৰ পৰা আৰম্ভ কৰি এই পৃথিৱীৰ সামান্য ঘাঁহ-বনকে ধৰি সৃষ্টিত যিমান প্ৰকাৰৰ শৰীৰ আছে সেই সকলো শৰীৰ এই আঠাইশটা তত্বৰ দ্বাৰা নিৰ্মিত।যি জ্ঞানৰ দ্বাৰা এই আঠাইশ তত্বৰ বিষয়ে জনে যায় , আটাইখিনি তত্ব এক ঈশ্বৰৰ পৰাই সৃষ্টি হৈছে বুলি জনা যায় আৰু লগতে প্ৰত্যেক তত্বৰ ভিতৰতে ঈশ্বৰে অৱস্থান কৰি সকলোকে জীৱন্ত আৰু কাৰ্যশীল কৰি ৰাখি আছে বুলি বুজা যায় তাকে ঈশ্বৰ সম্পৰ্কীয় জ্ঞান বুলি ভাগৱতে কৈছে ।
ভাগৱতৰ এই কথাখিনিৰ আলমত ক’ব পাৰি যে বৈদিক জ্ঞান আহৰণ কৰিলে আমি সৃষ্টিত প্ৰকাশিত হোৱা দেৱ্তা , মনুষ্য ইত্যাদিকে ধৰি সমস্ত জীৱশৰীৰ আঠাইশটা উপাদানেৰে গঠিত বুলি বুজিব পাৰো ।
এইকেইটা হৈছে- প্ৰকৃতি ,পুৰুষ , মহৎ বা ব্ৰহ্মাণ্ডৰ সমষ্টি বুদ্ধি , অহংকাৰ , পাঁচ প্ৰকাৰৰ জ্ঞানৰ বিষয় , পাঁচ কৰ্মেন্দ্ৰিয় , পাঁচ জ্ঞানেন্দ্ৰিয়, মন , পাঁচটি মহাভূত আৰু সত্ব ,ৰজ ,তম –এই তিনিটা গুণ্।এই আঠাইশটা তত্ব ঈশ্বৰৰ পৰাই সৃষ্টি হৈছে আৰু প্ৰত্যেক শৰীৰৰ প্ৰ্ত্যেক তত্বতে ঈশ্বৰে প্ৰৱেশ কৰি সমস্তকে কাৰ্যশীল কৰি ৰাখি আছে ।
ভাগৱতে কৈছে যে এই সকলো বিষয় জনা আৰু লগতে সকলোৰে সৈতে থকা ঈশ্বৰৰ উক্ত প্ৰকাৰৰ সম্পৰ্কৰ বিষয়ে জনাটো হৈছে জ্ঞান।
এই জ্ঞান জগত আৰু জগতৰ বস্তুৰ অস্তিত্বৰ ওপৰত নিৰ্ভৰশীল আপেক্ষিক জ্ঞান।
অৰ্থাৎ
জগতত
একো বস্তু নাথাকিলে এনে প্ৰকাৰৰ জ্ঞানৰ অস্তিত্ব নাথাকে।কিন্তু অমি নিজে প্ৰকৃততে কি তাক উপলব্ধি কৰাৰ বাবে এই জ্ঞান আহৰণ কৰা অত্যন্ত প্ৰয়োজন ।যেতিয়াই আমি নিজৰ বিষয়ে চিন্তা কৰো তেতিয়াই শৰীৰটো আমাৰ মনলৈ আহে আৰু শৰীৰটোকে “মই” বুলি নিশ্চিত হওঁ ।সাধাৰণ বা পৰোক্ষ বৈদিক জ্ঞান লাভ কৰাৰ পিছত আমি উপলব্ধি কৰিব পাৰো যে আমাৰ শৰীৰ ওপৰোক্ত আঠাইশ তত্বৰ সমষ্টিত বাদে আন একো নহয় ।ঈশ্বৰ আমাৰ শৰীৰত আত্মাৰূপে অৱস্থান কৰি প্ৰতিটো তত্বকে কাৰ্যশীল কৰি ৰাখে কাৰণেহে আমি জীৱিত আৰু কাৰ্যশীল হৈ থাকিব পাৰো।(আগলৈ)
No comments:
Post a Comment